অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন ৱিলিয়ামছ

ৰবীন ৱিলিয়ামছ (Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৮৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰবীন ৱিলিয়ামছ (Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ চলচ্চিত্ৰ অভিনয়ৰ লগতে কৌতুক অভিনয়তো সমানে পাৰদৰ্শিতা দেখুৱাই প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ দ্বাৰা অভিনীত প্ৰসিদ্ধ চলচ্চিত্ৰ সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে-The World According to Garp (১৯৮২), Good Morning, Vietnam (১৯৮৭), Dead Poets Society (১৯৮৯), Awakenings (১৯৯০), The Fisher King (১৯৯১), Good Will Hunting (১৯৯৭), Popeye (১৯৮০), Hook (১৯৯১), Aladdin (১৯৯২), Mrs. Doubtfire (১৯৯৩) আৰু Jumanji'' (১৯৯৫) ইত্যাদি। তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ৰবীন ৱিলিয়ামছে তেওঁৰ Good Will Hunting ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে। তদুপৰি তেওঁ দুটা প্ৰাইমটাইম এমি বঁটা (Primetime Emmy Award), চাৰিটা গ’ল্ডেন গ্ল’ব বঁটা (Golden Globe Award) আৰু পাঁচটা গ্ৰেমী বঁটা (Grammy Awards) লাভ কৰিছে।১২ ২০১৪ চনৰ ১১ আগষ্টত কেলিফৰ্ণিয়াৰ নিজা বাসভৱনত ৰবীন ৱিলিয়ামছক মৃত অৱস্থাত পোৱা যায়। চৰকাৰীসূত্ৰত মৃত্যুৰ সম্ভাব্য কাৰণ ‘asphyxiation’ বুলি উল্লেখ কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন

ৰবীন ৱিলিয়ামছৰ জন্ম হৈছিল চিকাগোৰ ইলিনইছত ১৯৫১ চনৰ ২১ জুলাই তাৰিখে।৩৪৫ তেওঁ মিচিগানৰ ডেট্ৰ'ইট কাণ্ট্ৰি ডে বিদ্যালয় (Detroit Country Day School) ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে।৬ পৰৱৰ্ত্তী সময়ত তেওঁ কেলিফৰ্ণিয়াৰ মেৰিন কাণ্টি (Marin County) লৈ যায় আৰু তাৰে ৰেডউদ হাই স্কুলত শিক্ষা লাভ কৰে। ৱিলিয়ামছে 'Claremont McKenna College' কলেজীয়া শিক্ষাগ্ৰহণ কৰে।৭৮

দূৰদৰ্শনত কেৰিয়াৰ

পোণপ্ৰথমে ৱিলিয়ামছে NBC ৰ 'The Richard Pryor Show' নামৰ এখন দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰে। কিন্তু এইখন কম দিনৰ ভিতৰতে বন্ধ হয়। ইয়াৰ পিছত ১৯৭৮ চনত তেওঁ জনপ্ৰিয় ধাৰাবাহিক Happy Days ত মৰ্ক (Mork)নামৰ অন্য গ্ৰহৰ প্ৰাণীৰ ভূমিকাত অভিনয় কৰে।৯ ইয়াত তেওঁৰ মৰ্ক চৰিত্ৰতো ইমানেই জনপ্ৰিয় হয় যে ১৯৭৮ ত তাৰেই অনুসৰণত অন্য এক কৌতুক ধাৰাবাহিক Mork & Mindy আৰম্ভ হয়। এই ধাৰাবাহিকখন ১৯৮২ চনলৈ প্ৰচাৰিত হয়।১০

১৯৭০ৰ দশকৰ পৰা অভিনয় জীৱন আৰম্ভ কৰি এটা দশকৰ ভিতৰতে ৱিলিয়ামছে কেইবাখনো কৌতুক ধাৰাবাহিকত অভিনয় কৰি সমাদৰ লাভ কৰে। ইয়াৰ ভিতৰত Off The Wall (১৯৭৮), An Evening with Robin Williams (১৯৮২), আৰু Robin Williams: Live at the Met (১৯৮৬) আদি উল্লেখযোগ্য।

চলচ্চিত্ৰত অভিনয়

ৱিলিয়ামছৰ অভিনয় কেৰিয়াৰ মূলতে চলচ্চিত্ৰ অভিনয়। তেওঁৰ অভিনীত প্ৰথম চলচ্চিত্ৰখন হ'ল ১৯৭৭ ত মুক্তি পোৱা Can I Do It 'Till I Need Glasses? তেওঁৰ Good Morning, Vietnam (১৯৮৭), Dead Poets Society (১৯৮৯) আৰু The Fisher King (১৯৯১) নামৰ চলচ্চিত্ৰ কেইখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ পদকৰ বাবে মনোনয়ন লাভ কৰিছিল।১১

তদুপৰি তেওঁ 'Good Will Hunting' নামৰ চলচ্চিত্ৰত এগৰাকী মনোৰোগ চিকিৎসক ৰূপে অভিনয় কৰি শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ অভিনয় কৰা অন্যান্য উচ্চ প্ৰশংসিত চলচ্চিত্ৰ হৈছে- Moscow on the Hudson (১৯৮৪), Awakenings (১৯৯০), What Dreams May Come (১৯৯৮)১২ আৰু Insomnia (২০০২)১৩

স্বত:স্ফূৰ্ত সংলাপ নিক্ষেপণ আৰু কৌতুক অভিনয় ৰবীন ৱিলিয়ামছৰ অভিনয়ৰ এক প্ৰধান বৈশিষ্ট্য হিচাপে জনা যায়।১৪

কৌতুক অভিনয়

Williams performing a United Service
Williams performing a United Serviceছবি: U.S. Air Force photo / Airman 1st Class Tabitha M. Mans · Public domain

১৯৭০ৰ দশকত ৰবীন ৱিলিয়ামছে ভালেসংখ্যক কৌতুক অভিনয়ৰ যাত্ৰা (stand-up comedy tours) কৰিছে। ইয়াৰে ভিতৰতে An Evening With Robin Williams (১৯৮২), Robin Williams: At The Met (১৯৮৬), আৰু Robin Williams LIVE on Broadway (২০০২) আদি প্ৰধান।

ব্যক্তিগত জীৱন

১৯৭৮ চনত ৱিলিয়ামছে প্ৰথম পত্নী "ভেলেৰিঅ’ ভেলাডি" (Valerie Velardi) ক বিবাহ কৰায়।১৫১৬ ১৯৮৯ চনত তেওঁ পুনৰ Marsha Garces নামৰ এগৰাকী মহিলাৰ স'তে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান আছে।১৬১৭ ২০১১ চনৰ ২৩ অক্টোবৰ তাৰিখে তেওঁ তৃতীয়বাৰৰ বাবে গ্ৰাফিক ডিজাইনাৰ Susan Schneider ক বিয়া কৰায়।১৮

মৃত্যু

২০১৪ চনৰ ১১ আগষ্ট তাৰিখে কেলিফৰ্ণিয়াৰ নিজা বাসভৱনত ৱিলিয়ামছক মৃত অৱস্থাত পোৱা যায়।১৯২০ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ। চৰকাৰী সূত্ৰত প্ৰকাশ কৰা মতে তেওঁৰ মৃত্যুক 'asphyxia' ৰ দ্বাৰা কৰা আত্মহত্যা বুলি ঘোষণা কৰা হৈছে।২১২২ অন্য সূত্ৰে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভোগা ৱিলিয়ামছে নিজৰ বেল্টেৰে ফাঁচ লগাই মৃত্যু বৰণ কৰে।২৩

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Thomas, Mike. (February 24, 2002). A nose for laughs. Chicago Sun-Times
  2. ↑ McMullen, Marion. (October 5, 2002). Article: Weekend TV: Star profile. (Features). Coventry Evening Telegraph
  3. ↑ (1956-2005). Nevada Marriage Index
  4. ↑ The official Michigan social register, 1967, Virginia F. Searcy
  5. ↑ Sources conflict. The print biographies The Life and Humor of Robin Williams: A Biography and Robin Williams: A Biography give his birth year as 1952. The Robin Williams Scrapbook also gives a birth year as 1952, as does Encyclopædia Britannica. Williams refers to himself as being "55" in an interview published July 4, 2007. Monk, Katherine. (July 4, 2007). Marriage 101 with Robin Williams. Canada.com He also verifies his date of birth as July 21, 1951 in a fansite interview: Stuurman, Linda. RWF talks with Robin Williams: Proost!, May 25, 2008
  6. ↑ Moore, Mary Ellen. (January 1, 1979). Robin Williams. Grosset & Dunlap. ISBN 9780448171289
  7. ↑ October 1982, Playboy Magazine
  8. ↑ College of Marin Performing Arts – Drama Department. Marin.edu
  9. ↑ Robin Williams Biography. Biography Channel
  10. ↑ Mork & Mindy. retrojunk.com
  11. ↑ Monk, Katherine. (12 August 2014). A clown and his demons: Robin Williams mixed zany comedy, sharp satire and pathos. vancouversun.com
  12. ↑ Brennan, Sandra. Robin Williams. Allmovie
  13. ↑ Deming, Mark. One Hour Photo (2002). Allmovie
  14. ↑ Robin Williams revealed favourite memories and games on Reddit forum. ABC News (Australia)
  15. ↑ Hoffman, Jan. (August 9, 1992). The Sexes; Pillow Talk. The New York Times
  16. ↑ Hochman, David (September 9, 2 013). "Still Crazy: Years after Mork and Buffy, Robin Williams and Sarah Michelle Gellar hope to rope us in with a new sitcom". TV Guide. pp. 16–19
  17. ↑ Garchik, Leah. (March 27, 2008). Robin Williams' wife files for divorce after nearly 19 years. San Francisco Chronicle
  18. ↑ Ravitz, Justin. (October 24, 2011). Robin Williams Weds!. US Weekly
  19. ↑ Itzkoff, Dave; Fitzsimmons, Emma G. (August 11, 2014). Robin Williams, Oscar-Winning Comedian, Dies at 63. New York Times
  20. ↑ (August 11, 2014). Robin Williams Dies of Suspected Suicide. The Hollywood Reporter
  21. ↑ (August 11, 2014). Robin Williams Found Dead in Possible Suicide. Variety (magazine)
  22. ↑ (August 11, 2014). Robin Williams dead. Denver. Channel
  23. ↑ Sperling, Nicole. Robin Williams dead at 63. Entertainment Weekly. Entertainment Weekly Inc

সম্পৰ্কিত শ্ৰেণী

হলিউড অভিনেতাআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিএকাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন ৱিলিয়ামছ” প্ৰবন্ধৰ সংশোধন ৬৩২০৮৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।