বং জোন-হো (Bong Joon-ho, জন্ম- ১৪ ছেপ্টেম্বৰ, ১৯৬৯) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ৷ তেখেত তিনিটা অ'স্কাৰ বঁটাৰ প্ৰাপক৷ তেখেতৰ ছবিসমূহত সামাজিক, কল্পনাপ্ৰসূত, ব্লেক কমেডিৰ দৰে বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ ১
২০০০ চনত মুক্তিলাভ কৰা ব্লেক কমেডি ছবি বাৰ্কিং ডগছ্ নেভাৰ বাইটৰ জৰিয়তে বং জোন-হো চৰ্চালৈ আহে৷ এইখন আছিল তেখেতৰ প্ৰথমখন ছবি ৷ ইয়াৰ পিছত তেখেতে মেম'ৰিচ অৱ মাৰ্ডাৰ (২০০৩), দ্য হষ্ট (২০০৬), স্নৌপায়াৰ্ছাৰ (২০১৩) আৰু পেৰাছাইট (২০১৯) নিৰ্মাণ কৰে ৷ আটাইকেইখন ছবিয়েই উপাৰ্জনকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷ পেৰাছাইট ছবিখনে দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে অভিলেখ ৰচিছে ৷ ২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
দক্ষিণ কোৰিয়াৰ দায়েগোত বং জোন-হোৰ জন্ম হৈছিল৷ চাৰিটা সন্তানৰ পৰিয়ালটোত তেখেত আছিল কনিষ্ঠ৷ ৩তেখেতৰ পিতৃ বং জোন-হোৰ পিতৃ বং ছাং-গ্যোন আছিল এগৰাকী প্ৰথম প্ৰজন্মৰ গ্ৰাফিক ডিজাইনাৰ, উদ্যোগিক ডিজাইনাৰ আৰ য়ুংনাম বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ ইয়াৰ লগতে তেখেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ কলা বিভাগৰ মুৰব্বীৰ পদত অধিষ্ঠিত আছিল৷ বং জোন-হোৰ মাতৃ পাৰ্ক ছো-ইয়ং আছিল এগৰাকী গৃহিণী৷৩৪
বং জোন-হোৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়তে ছিউললৈ স্থানান্তৰিত হয় ৷ হান নদীৰে কাষত জামছিল ডঙত তেওঁলোকে থাকিবলৈ লয়৷ ৫১৯৮৮ চনত বঙে য়নছেই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু সমাজতত্ত্ব বিষয়ত মেজৰ গ্ৰহণ কৰে৷ ৩কলেজৰ চৌহদবোৰ বিশেষকৈ য়নছেই সেইমুহূৰ্তত দক্ষিণ কোৰিয়াৰ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ থলী আছিল৷ বঙে সেই আন্দোলনৰ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী আছিল৷ প্ৰায়েই তেওঁলোক টিয়েৰ গেছৰ মুখামুখি হৈছিল৷৩৬ দক্ষিণ কোৰিয়াৰ বাধ্যতামূলক দুবছৰীয়া সামৰিক সেৱাত তেখেত নিযুক্ত হৈ সেৱা আগবঢ়াইছিল৷ ১৯৯২ চনত পুনৰ বং জোন-হো মহাবিদ্যালয়লৈ ওভতি আহে৷ ৩ ইয়াৰ পিছত বঙে ইয়েল্লো ডোৰ নামৰ চলচ্চিত্ৰ ক্লাৱ এটাৰ সহ-প্ৰতিষ্ঠা কৰে৷ লগত থাকে প্ৰতিৱেশী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল৷ ৩ক্লাৱৰ সদস্য হিচাপে বঙে ষ্টপ ম'ছন ছবি লুকিং ফৰ পেৰাডাইছকে ধৰি কেইখনমান ছবি নিৰ্মাণ কৰে৷ ৩ ১৯৯৫ চনত তেখেতে য়নছেই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ৩
কৰ্মজীৱন
স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত বং জোন-হোৱে পৰৱৰ্তী পাঁচটা বছৰ বিভিন্ন পৰিচালকৰ লগত কাম কৰি অতিবাহিত কৰে ৷ ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত এখন এন্থালজি ছবি 'Seven Reasons Why Beer is Better Than a Loverৰ বাবে তেখেতক আংশিক চিত্ৰনাট্যত নামোল্লেখ (Credit) কৰা হয় ৷ ১৯৯৭ চনত পাৰ্ক কি-ইয়ঙৰ প্ৰথমখন ছবি Motel Cactus''ত তেখেতে সহকাৰী পৰিচালক আৰু চিত্ৰনাট্যৰ দায়িত্ব চম্ভালে ৷ ১
বং জোন-হোৱে পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল Barking Dogs Never Bite (২০০০)৷ প্ৰযোজনাৰ দায়িত্বত আছিল চা ছিয়ু-জা৷ ৭ ছবিখনত বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে প্ৰতিৱেশীৰ কুকুৰ এটাক অপহৰণ কৰাৰ কাহিনীটো উপস্থাপন কৰা হৈছিল ৷ ৮ ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে হং কং আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন দুখনমান মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১
বঙৰ দ্বিতীয়খন ছবি আছিল Memories of Murder (২০০৩)৷ ছবিখনৰ কাহিনীটো বাস্তৱভিত্তিক ৷ ১৯৮০ৰ দশকত এটা চিৰিয়েল কিলাৰে কিদৰে এখন চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু কিদৰে তাক কৰায়ত্ত কৰিবলৈ স্থানীয় আৰক্ষী-প্ৰশাসনে তদন্ত আৰম্ভ কৰিছিল-সেই প্ৰক্ৰিয়াটোক ছবিখনত উপস্থাপন কৰা হৈছে৷ ২০১৯ চনতহে এজন অভিযুক্তই অপৰাধৰ দায়বদ্ধতা স্বীকাৰ কৰে ৷ ৯ ছবিখন ২০০৩ চনত মুক্তি দিয়া হৈছিল আৰু ছবিখনে বাণিজ্যিক সফলতাৰ লগতে যোগাত্মক সঁহাৰিও লাভ কৰে৷ ১
২০০৬ চনত বং জোন-হোৱে নিৰ্মাণ কৰা দ্য হষ্ট নামৰ ছবিখনৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালভাৱে কোৰিয়ান ছবি উদ্যোগো এঢাপ ওপৰলৈ যায়৷১০ কোৰিয়াৰ হান নদীৰ পৰা ওলাই অহা এটা কাল্পনিক সামুদ্ৰিক দৈত্যকায় জীৱই সৃষ্টি কৰা সন্ত্ৰাসৰ কাহিনী হৈছে ছবিখনৰ মুখ্য উপজীৱ্য৷ ছবিখনৰ বাজেট আছিল ১২ মিলিয়ন ডলাৰ৷ দক্ষিণ কোৰিয়াৰ মুঠ ১৮০০ স্ক্ৰীণৰ এক তৃতীয়াংশ স্ক্ৰীনতেই মুক্তি হয় আৰু ১ কোটি ২০ লাখ টিকট বিক্ৰীৰে অভিলেখ ৰচিবলৈ সক্ষম হয় ৷ ছবিখনৰ বাণিজ্যিক স্বত্ত্বসমূহ আমেৰিকান ষ্টুডিঅ' ইউনিভাৰ্ছেল পিকচাৰ্ছে ক্ৰয় কৰে৷ ১১১
২০১৩ চনত বঙৰ প্ৰথমখন ইংৰাজী ভাষাৰ ছবিয়ে মুক্তি পায়৷ ছবিখনৰ নাম আছিল স্নৌপায়াৰ্চাৰ ৷ ১৯৮২ চনৰ জেকুৱাছ লব আৰু জিয়ান-মাৰ্ক ৰছেটিৰ গ্ৰাফিক উপন্যাস Le Transperceneige ৰ ওপৰত ছবিখনৰ কাহিনীটো আধাৰিত৷ ১২১৩১৪১৫১৬ ছবিখনৰ কাহিনীয়ে ভৱিষ্যতৰ পৃথিৱীত ভ্ৰমণৰত এখন দীঘল ৰে'ল আৰু তাৰ অভ্যন্তৰত থকা যাত্ৰীসকলৰ মাজত সামাজিক বৈষম্যকেন্দ্ৰিক সংঘাতক উপস্থাপন কৰিছে ৷ ২০১৩ চনৰ ২৯ জুলাই তাৰিখে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত থকা টাইমছ স্কুৱেৰ মলত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়৷ ১৭২০১৩ চনৰ ৭ ছেপ্টেম্বৰত ডিউভিলে আমেৰিকান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি হিচাপে স্নৌপায়াৰ্চাৰ প্ৰদৰ্শিত হয় ৷১৮ ছবিখনে বাণিজ্যিক সাফল্য লাভ কৰাৰ উপৰি সমালোচকৰ নিৰ্বাচিত দহখন ছবিৰ তালিকাতো সন্নিৱিষ্ট হয় ৷ ১৯২০ ২১
২০১৫ চনত বঙৰ পৰৱৰ্তী ছবি অ'কজা ঘোষণা কৰা হয় ৷ ২২ ছবিখনৰ চিত্ৰগ্ৰহণকাৰী হিচাপে ২০১৬ চনৰ ফেব্ৰুৱাৰীত ডেৰিয়াছ খণ্ডিজীয়ে ছবিৰ কুশলী হিচাপে যোগদান কৰে৷ ২৩ ২০১৭ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় ৷ ছবিখন প্ৰযোজনা কৰিছিল নেটফ্লিক্সে আৰু ইয়াৰ বাবে কিছ বিতৰ্কৰো সূচনা হৈছিল৷ ২৪ ২০১৭ চনৰ ২৮ জুনত নেটফ্লিক্সযোগে ছবিখনে মুক্তি লাভ কৰে আৰু ইতিবাচক সঁহাৰি পায়৷ ২৫ নিউ ইয়ৰ্ক টাইমছৰ সমালোচক এ.অ'. স্কট ছবিখনৰ বিষয়ে লিখিছে-: "Okja is a miracle of imagination and technique, and Okja insists, with abundant mischief and absolute sincerity, that she possesses a soul."২৬
পেৰেছাইট

২০১৯ চনত বং জোন-হোৱে দক্ষিণ কোৰিয়ান চলচ্চিত্ৰ পেৰাছাইটৰ নিৰ্দেশনা কৰে৷ ২৭ এইখন এখন ব্লেক কমেডি থ্ৰিলাৰধৰ্মী ছবি য'ত এটা দৰিদ্ৰ আৰু প্ৰতিপত্তিশালী পৰিয়ালৰ মাজত সৃষ্টি হোৱা সংযোগ আৰু সংঘাতৰ দিশটো অৱলোকন কৰা হয় ৷ ২০১৯ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয় আৰু ইয়াত ছবিখনে পাম অ' ডিয়েৰ বঁটাৰে সন্মানিত হয়৷ এইটো সন্মান লাভ কৰা প্ৰথমখন কোৰিয়ান ছবি হিচাপে পেৰেছাইট চৰ্চিত হয় ৷ ২৮ ২০১৯ চনৰ ১৬ জুনত ছবিখনে ছিডনি চলচ্চিত্ৰ মহোৎসৱত ছিদনি ছবি বঁটা হিচাআপে ৬০,০০০ ডলাৰৰ ধনৰাশি লাভ কৰে৷ ২৯৩০
পেৰেছাইট ছবিখনে বিপুল মাত্ৰাৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ছবিখনে মুঠ ৩৩০টা মনোনয়ন লাভ কৰি ১৯৭ টা শাখাত বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ পৰিচালক হিচাপে বঙৰ কাম, চিত্ৰনাট্য, সম্পাদনা, প্ৰযোজনাগত মূল্যবোধ, অভিনেতাসকলৰ অভিনয়ে দৰ্শক আৰু সমালোচকক আকৃষ্ট কৰে৷ ৯২সংখ্যক অস্কাৰ বঁটাত ছবিখনে ছটা শিতানত মনোনয়ন লাভ কৰে আৰু চাৰিটা শিতানত বঁটা লাভ কৰে৷ সেইকেইটা হৈছে-শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য, শ্ৰেষ্ঠ আন্তৰ্জাতিক চলচ্চিত্ৰ৷ একাডেমী বঁটাৰ স্বীকৃতি লাভ কৰা এইখন প্ৰথম দক্ষিণ কোৰিয়ান ছবি হিচাপে পৰিগণিত হয়৷ আনহাতে শ্ৰেষ্ঠ ছবিৰ শিতানত বিজয়ী হোৱা প্ৰথমখন অ-ইংৰাজী ভাষা ছবিৰ তালিকাভুক্ত হয়৷ ৩১
তথ্যসূত্ৰ
- ↑ Paquet, Darcy. (February 28, 2008). The Bong Joon Ho Page. Koreanfilm.org
- ↑ Box Office: All Time. Korean Film Council
- ↑ Jung, E. Alex. (October 7, 2019). Bong Joon-ho's Dystopia Is Already Here The Korean director's ruthless, bleak new film Parasite is the most fun you'll have in theaters this fall.. Vulture
- ↑ (February 18, 2009). 봉준호 감독 집안 알고보니 '로열패밀리. JoongAng Ilbo
- ↑ Jung, Ji-youn. (2009). Bong Joon-ho. Seoul Selection. পৃ. 160. ISBN 9788991913929
- ↑ Russell, Mark. (May 28, 2006). Unlike His Peers, the Director Bong Joon-ho Likes Ideas and Metaphors. The New York Times
- ↑ (November 15, 2006). Bong Joon Ho: Writing New Chapter in Korean Film History. Korean Broadcasting System
- ↑ Paquet, Darcy. Barking Dogs Never Bite. Koreanfilm.org
- ↑ Page, Thomas. (January 13, 2020). Bong Joon Ho had a big year. And not just because of 'Parasite'. CNN
- ↑ (February 14, 2008). The Bong Joon-ho Page. Koreafilm
- ↑ Sedia, Giuseppe. (February 14, 2008). An Interview with Bong Joon Ho. Koreanfilm.org
- ↑ Kim, Young-gyo. (May 27, 2008). Film adaptation of French dystopian comic to go global: Bong. Yonhap News Agency
- ↑ Noh, Jean. (July 17, 2012). Bong Joon Ho wraps Snowpiercer in Prague. Screen International
- ↑ Schou, Solvej. (October 29, 2012). Coming to America: South Korea's top directors on hitting Hollywood with English language films. Entertainment Weekly
- ↑ Paquet, Darcy. (April 30, 2013). What SNOWPIERCER Means to the Korean Film Industry: PART 1 – The summit of KOREAN Film's ambition. Korean Cinema Today
- ↑ Bechervaise, Jason. (April 30, 2013). Bong Joon-ho, Director of SNOWPIERCER: PART 2 – INTERVIEW "I wanted to make a very exciting train and sci-fi movie". Korean Cinema Today
- ↑ (July 30, 2013). Snowpiercer VIP premiere to be held on July 28. Yahoo!
- ↑ Richford, Rhonda. (August 20, 2014). Deauville American Film Festival Adds 'Snowpiercer' as Closing Film. The Hollywood Reporter
- ↑ Snowpiercer (2014). Metacritic
- ↑ Box Office: July 25 – August 7, 2013
- ↑ Best of 2014: Film Critic Top Ten Lists. Metacritic
- ↑ Jones, Julie. (April 8, 2015). Bong Joon Ho Will Film His Next Project In The U.S. And Korea. KDrama Stars
- ↑ Stellarise. (February 3, 2016). Bong Joon-ho, Netflix and Darius Khondji join forces for Okja. Asian Movie Pulse
- ↑ Sharf, Zack. (June 7, 2017). 'Okja' Rejected By 93% of South Korean Movie Theaters Over Netflix Controversy. IndieWire
- ↑ (February 28, 2017). First Teaser for Bong Joon-ho's Okja, Coming to Netflix. ComingSoon.net
- ↑ Scott, A. O. (June 27, 2017). Review: In 'Okja,' a Girl and Her Pig Take on the Food Industrial Complex. The New York Times
- ↑ Hong, You-kyoung. (January 24, 2018). Bong Joon-ho's next film has a cast. Korea JoongAng Daily
- ↑ Sharf, Zack. (May 25, 2019). Bong Joon-ho Makes Cannes History As First Korean Director to Win Palme d'Or. IndieWire
- ↑ AWARDS. Sydney Film Festival
- ↑ Jefferson, Dee. (June 16, 2019). Bong Joon-ho's Parasite wins Sydney Film Festival official competition prize. Sydney Film Festival
- ↑ The Artist
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বং জোন-হো” প্ৰবন্ধৰ সংশোধন ৬১৬৬০৫ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।