ৰ’জ কামিং (Rose Cumming), যাৰ জন্ম হৈছিল ১৮৮৭ চনত১ অষ্ট্ৰেলিয়াত আৰু মৃত্যু ২১ মাৰ্চ, ১৯৬৮ চনত২; এগৰাকী চমৎকাৰী আৰু চিত্তহৰণকাৰী অভ্যন্তৰীণ গৃহ সজ্জাকাৰী আছিল, যাৰ কৰ্মজীৱন নিউয়ৰ্ক চহৰক ভিত্তি কৰি গঢ় লৈ উঠিছিল।৩
জীৱনী
ৰ’জ কামিঙৰ জন্ম হৈছিল অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ এটা ভেড়াৰ নোম আদিৰ বাবে সৃষ্ট উদ্যোগিক এলেকাৰ কাষত।৪৫ ১৯১৭ চনত তেওঁ নিৰ্বাক ছবিৰ অভিনেত্ৰী ভগ্নী ড'ৰথী কামিঙৰ সৈতে নিউয়ৰ্কলৈ আহে আৰু বসবাস আৰম্ভ কৰে।৫
পৰৱৰ্তীকালত ভেনিটি ফেয়াৰ নামৰ আলোচনীৰ সম্পাদক তেওঁৰ বন্ধু ফ্ৰেংক ক্ৰাউনিনশ্বিল্ডৰ পৰামৰ্শ অনুসৰি কামিঙে অভ্যন্তৰীণ ৰূপসজ্জাকাৰ হোৱাৰ সিদ্ধান্ত লয়।৬ ১৯২১ চনত নিজাকৈ দোকান খোলাৰ আগতে তেওঁ মেৰী বুয়েলৰ বাবে কাম কৰিছিল।৭ কামিঙৰ দোকানখন আছিল, তেওঁৰ সজ্জাৰ কাৰ্যালয় আৰু প্ৰাচীন সামগ্ৰী আৰু কাপোৰৰ খুচুৰা বিক্ৰী কেন্দ্ৰ।৫ তেওঁ নিজৰ সকলোতকৈ শ্ৰেষ্ঠ আচবাববোৰ দোকানৰ খিৰিকীৰ কাষত থৈ ৰাতি লাইট জ্বলাই থৈ যায়, যিটো কোনেও কেতিয়াও কৰা নাছিল।৫ তেওঁৰ দোকানত মিহি ফৰাচী আচবাবৰ লগতে ব্ৰ’মো-চেল্টজাৰৰ বটল আৰু খালী মিঠাইৰ বাকচ বিক্ৰী কৰা হৈছিল। তেওঁৰ ভাষাৰে, “এই সকলোবোৰ বিক্ৰীৰ বাবে।”৮
তেওঁৰ দোকানৰ বস্তুবোৰ চাইন'ইজেৰী অৰ্থাৎ ইউৰোপ আৰু চীনা শৈলীৰ বাবে পৰিচিত আছিল,৮ তেওঁৰ দ্ৰয়িং ৰুমত সততে চীনা ৱালপেপাৰৰ ফটো প্ৰদৰ্শন কৰা হৈছিল, আৰু বেৰক; আৰু ৰ'কোকো ভেনিচিয়ান নামৰ, দক্ষিণ জাৰ্মান আৰু অষ্ট্ৰিয়ান আচবাব,৫ যিবোৰৰ মাজত ৰক্ষণশীল নিউয়ৰ্কৰ ৰুচি পঞ্চদশ লুই আৰু ইংৰাজী জৰ্জিয়ান আচবাবলৈকে তেওঁ কাৰুকাৰ্য লৈ গৈছিল। তেওঁৰ ৰঙৰ জ্ঞানে সংপৃক্ত, নাটকীয় পৰশ অনুভৱ কৰাইছিল। তেওঁ অনানুষ্ঠানিক ড্ৰেছিং ৰুম আৰু বেডৰুমলৈ চিণ্ট্জ নামৰ পোছাক আনিছিল, নকলী সোণৰ শিৰাযুক্ত আইনাৰ প্ৰচলনৰ আৰম্ভণি কৰিছিল আৰু প্ৰতিফলিত আৰু লেকৰ পৃষ্ঠৰ প্ৰতি থকা আগ্ৰহক লেকৰ দেৱাল, চেটিন আপহলষ্টৰী আৰু তেওঁ উদ্ভাৱন কৰা ধাতুৰ ৱাল পেপাৰলৈকে সম্প্ৰসাৰিত কৰিছিল।
কামিঙৰ নিজৰ টাউন হাউচটোৰ ড্ৰয়িং ৰূমত অষ্টাদশ শতিকাৰ আৰম্ভণিতে হাতেৰে অংকন কৰা ৰূপালী পটভূমিৰে চীনা ৱাল পেপাৰ আৰু পঞ্চদশ লুইৰ আচবাব আছিল। গতানুগতিকভাৱে প্ৰচলিত লেম্প তেওঁৰ পোহনীয়া জন্তুবোৰে অতি বেয়া পাইছিল, গতিকে তেওঁ ক'লা মমবাতিবোৰেৰে কোঠাটো উজ্জ্বলাই ৰাখিছিল।৬ তেওঁৰ টাউন হাউচৰ ওপৰত আছিল কুখ্যাত “অগ্লি ৰুম”, যিটো সাপ, শগুণ, গাহৰি আৰু বান্দৰৰ চিকাৰী ছবিৰে ভৰি আছিল।৫
তেওঁৰ ক্লায়েণ্টসকলৰ ভিতৰত আছিল মাৰ্লিন ডাইট্ৰিচ, মেৰী পিকফৰ্ড,৫ আৰু নৰ্মা শ্বিয়াৰ।৬ তেওঁ কাপোৰ ডিজাইন আৰু প্ৰিণ্টৰ কামো কৰিছিল। ১৯৬৮ চনত কামিঙৰ মৃত্যুৰ পিছত তেওঁৰ ভগ্নী আইলিন চেচিল, হাৰ্পাৰ্ছ বজাৰৰ প্ৰাক্তন সম্পাদিকা, ষ্টাইলিষ্ট আৰু বিজ্ঞাপন বাহিনী, ১৯৬৮ চনত কামিঙৰ মৃত্যুৰ পিছত এই ব্যৱসায় চলাইছিল।৫ তেওঁৰ ভতিজীৰ জীয়েক, নাতিনী চাৰা কামিং চেচিলে "ৰ’জ কামিং ডিজাইন" এটেলিয়াৰ চলাইছিল, যিটো এতিয়া পৰ্টলেণ্ড, এম ইক ভিত্তি হিচাপে লৈ এটা ষ্ট্ৰিপড-ডাউন সৰলীকৃত শৈলী উপস্থাপন কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ Hampton, Mark. (1992). Legendary decorators of the twentieth century. Doubleday. ISBN 0385263619
- ↑ (1968-03-23). Rose Gumming, 81, Decorator Oi 'Ancestral' Interiors, Dead; Famous in the 20s for Vivid Rooms -- She Deplored Bargain Hunters. The New York Times
- ↑ Jeffrey Simpson, Rose Cumming: Design Inspiration (2012) is the standard full-length biography
- ↑ Deacon, Desley. (2013). From Victorian Accomplishment to Modern Profession: Elocution Takes Judith Anderson, Sylvia Bremer and Dorothy Cumming to Hollywood, 1912-1918. Australasian Journal of Victorian Studies. পৃ. 40–65
- ↑ Cunningham, Jeffrey Simpson,Billy. From a Different Cloth · Architectural Digest. Architectural Digest
- ↑ Tapert, Annette. Design Legends: Rose Cumming · Architectural Digest. Architectural Digest
- ↑ Kirkham, Pat. (2016-11-21). Women Designers in the USA, 1900-2000: Diversity and Difference. Yale University Press. ISBN 978-0300093315
- ↑ Petkanas, Christopher. A Thorny Flower. T Magazine
- ↑ Rose Cumming Design
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ’জ কামিং” প্ৰবন্ধৰ সংশোধন ৪৬৯৯৫৩ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।