ইউৰোপৰ দেশ
২২ প্ৰবন্ধ
-
ফ্ৰান্স
ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
যুক্তৰাজ্য
যুক্তৰাজ্য (United Kingdom ইউনাইটেড্ কিংডম্) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (The United Kingdom of Great Britain and Northern Ireland)।
-
ৰাছিয়া
ৰাছিয়া, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 17075400 বৰ্গ কি.মি. মাটি-কালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে।
-
জাৰ্মানী
জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰপৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত জাৰ্মানীৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
ইংলেণ্ড
ইংলেণ্ড (England) ইউৰোপৰ অন্তৰ্গত যুক্তৰাজ্যৰ এখন অংশীদাৰী দেশ। সংযুক্ত যুক্তৰাজ্যৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰতে ই আটাইতকৈ জনবহুল। ইংৰাজী ইংলেণ্ডৰ প্ৰধান ভাষা, আনহাতে কৰ্নিছ ভাষা আঞ্চলিক ভাষাসমূহৰ ভিতৰত অন্যতম। মুঠ মাটিকালিৰ পৰিমাণ ১৩০,৩৯৫ বৰ্গ কিলোমিটাৰ।
-
ইটালী
ইতালী, দাপ্তৰিকভাৱে ইতালীয় গণৰাষ্ট্ৰ, হৈছে ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত, দক্ষিণ মধ্য ইউৰোপৰ এখন একাত্মক সংসদীয় প্ৰজাতন্ত্ৰ। ইতালীত সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰব্যবস্থা প্ৰচলিত। ইয়াক বিশ্বৰ ২৩তম উন্নত দেশ হিচাপে গণ্য কৰা হয়। ইতালীয় লোকসকল উন্নত জীৱন-যাপনত অভ্যস্ত, লগতে নমিনেল জিডিপি ও উচ্চ।
-
ইউক্ৰেইন
ইউক্ৰেইন পূব ইউৰোপৰ এখন দেশ। ইয়াৰ পূব আৰু উত্তৰ-পূবত সীমান্তৱৰ্তী ৰাছিয়াৰ পিছতে ই ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ উত্তৰে বেলাৰুছৰ সীমাও আছে; পশ্চিমে পোলেণ্ড আৰু শ্লোভাকিয়া; দক্ষিণ-পশ্চিমে হাংগেৰী, ৰোমানিয়া আৰু মলদোভা; দক্ষিণ আৰু দক্ষিণ-পূবে ক'লা সাগৰ আৰু আজভ সাগৰৰ কাষেৰে এটা উপকূলৰ সৈতে।
-
স্পেইন
স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়।
-
ছুইজাৰলেণ্ড
ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ।
-
পোলেণ্ড
পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
ছুইডেন
ছুইডেন হ'ল ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ চুবুৰীয়া দেশ হ’ল ফিনলেণ্ড আৰু নৰৱে। ছুইডেনৰ জনসংখ্যা প্ৰায় এক কোটি। ৰাজধানী চহৰখন হৈছে ষ্টকহ’ম, যিখন প্ৰায় ১০ লাখ লোকৰ সৈতে ছুইডেনৰ সৰ্ববৃহৎ চহৰ। ছুইডেনৰ আন দুখন বৃহৎ চহৰ হ'ল গোটেনবাৰ্গ আৰু মালমো।
-
অষ্ট্ৰিয়া
অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্ষ্টাইন আছে।
-
ডেনমাৰ্ক
ডেনমাৰ্ক (Danmark) উত্তৰ ইউৰোপৰ এখন দেশ। ই ডেনমাৰ্কৰ ৰাজ্যৰ মেট্ৰ’প’ল আৰু সৰ্বাধিক জনবহুল অংশ, যাক ডেনিছ ৰাজ্য বুলিও জনা যায়, এখন সংবিধানভিত্তিক একক ৰাষ্ট্ৰ য’ত উত্তৰ আটলাণ্টিক মহাসাগৰত ফেৰ’ দ্বীপপুঞ্জ আৰু গ্ৰীণলেণ্ডৰ স্বায়ত্তশাসিত অঞ্চলসমূহ অন্তৰ্ভুক্ত।
-
আজেৰবাইজান
আজেৰবাইজান, চৰকাৰী নান প্ৰজাতন্ত্ৰী আজেৰবাইজান (Azərbaycan Respublikası), হৈছে দক্ষিণ কাউকাছাছ অঞ্চলৰ এখন ৰাষ্ট্ৰ। ই দক্ষিণ পশ্চিম এছিয়া আৰু দক্ষিণ পূৱ ইউৰোপৰ সন্ধিস্থলত অৱস্থিত। ইয়াৰ পূৱত কাস্পিয়ান সাগৰ, উত্তৰে ৰাছিয়া, দক্ষিণ-পশ্চিমত জাৰ্জিয়া, পশ্চিমে আৰ্মেনিয়া আৰু দক্ষিণ সীমান্তত ইৰাণ আছে।
-
কাজাখাস্তান
কাজাখাস্তান (কাজাখ্ ভাষা: Қазақстан ক্বজ়ক্ব্স্তন্ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া।
-
ফিনলেণ্ড
ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।
-
চাইপ্ৰাছ
চাইপ্ৰাছ (; Κύπρος; Kıbrıs ), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি…
-
আইচলেণ্ড
আইচলেণ্ড উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মাজৰ মধ্য আটলাণ্টিকৰ উত্তৰ আটলাণ্টিক আৰু আৰ্কটিক মহাসাগৰৰ মাজৰ এখন নৰ্ডিক দ্বীপ দেশ। ই ইউৰোপৰ সৈতে সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে জড়িত আৰু এই অঞ্চলৰ আটাইতকৈ পশ্চিম আৰু কম জনবসতিপূৰ্ণ দেশ।
-
চেক গণৰাজ্য
চেক গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী प्राग'। চেক গণৰাজ্য পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ চেক গণৰাজ্য সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
জৰ্জিয়া (দেশ)
জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবিলিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া।
-
ভেটিকান চিটি
ভেটিকান চিটি (Vatican City, চৰকাৰীভাৱে ভেটিকান চিটি ষ্টেট, Vatican City State) হৈছে ইটালীৰ ৰোমৰ ভিতৰত অৱস্থিত এক স্বাধীন দেশ। ভেটিকান চিটি ষ্টেট, যাক “দ্য ভেটিকান” বুলিও কোৱা হয়, লেটাৰন চুক্তিৰ মাধ্যমত ১৯২৯ চনত ইটালীৰপৰা স্বাধীন হৈছিল।
-
ছান মাৰিণ'
ছান মাৰিণ, আনুষ্ঠানিকভাৱে ছান মাৰিণ' গণৰাজ্য (ইটালীয় ভাষাত:Repubblica di San Marino) বা চেৰেনিছিমা ৰিপাব্লিকা ডি ছান মাৰিণ', ইউৰোপৰ এখন সৰু দেশ যি ইটালীৰে আৱৰা। ইটালীয় পেনিঞ্ছুলাত অৱস্থিত এই দেশৰ মুঠ ভূমি দখল ৬১ বৰ্গ কিলোমিটাৰতকৈ অলপ অধিক। এই দেশৰ জনসংখ্যা প্ৰায় ৩২০০০।