অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ’ডি কমাৰ

জ’ডি কমাৰ (ইংৰাজী: Jodie Comer; জন্ম: ১১ মাৰ্চ ১৯৯৩) এগৰাকী ইংৰাজ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত দুটাকৈ ব্ৰিটিছ একাডেমী টেলিভিছন বঁটা, এটা প্ৰাইমটাইম এমি বঁটা, এটা টনি বঁটা, এটা লৰেন্স অলিভিয়াৰ বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে দুটা মনোনয়ন উল্লেখযোগ্য।

হালনাগাদ: ১৯ মাৰ্চ ২০২৬ ৬১০ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জ’ডি কমাৰ (ইংৰাজী ভাষা: Jodie Comer; জন্ম: ১১ মাৰ্চ ১৯৯৩)১ এগৰাকী ব্ৰিটিছ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত দুটাকৈ ব্ৰিটিছ একাডেমী টেলিভিছন বঁটা, এটা প্ৰাইমটাইম এমি বঁটা, এটা টনি বঁটা, এটা লৰেন্স অলিভিয়াৰ বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে দুটা মনোনয়ন উল্লেখযোগ্য।

কমাৰে মাই মেদ ফেট ডায়েৰী (২০১৩–২০১৫) আৰু ডক্টৰ ফষ্টাৰ (২০১৫–২০১৭) ধাৰাবাহিকত অভিনয় কৰি চিনাকি লাভ কৰিছিল আৰু ড্ৰামা মিনি-চিৰিজ থাৰ্টিন (২০১৬)-ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনৰপৰা ২০২২ চনলৈ কমাৰে বিবিচি আমেৰিকাৰ স্পাই থ্ৰিলাৰ টেলিভিছন ধাৰাবাহিক কিলিং ইভত 'ভিলালেন' নামৰ এগৰাকী হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰি এটা বাফটা টেলিভিছন বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা জয় কৰিছিল। ২০২১ চনৰ টেলিভিছন ছবি হেল্পত চাৰা নামৰ এগৰাকী স্বাস্থ্যসেৱা সহায়িকাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আন এটা বাফটা টেলিভিছন বঁটা লাভ কৰে।

টেলিভিছন জগতত সফলতা লাভ কৰাৰ পাছত কমাৰে ডাঙৰ পৰ্দাৰ গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহলৈ যাত্ৰা কৰে। তেওঁ একচন কমেডী ছবি ফ্ৰী গাই (২০২১), ঐতিহাসিক ড্ৰামা দ্য লাষ্ট ডুয়েল (২০২১), দ্য বাইকৰাইডাৰ্ছ (২০২৩), এনভাইৰনমেণ্টেল থ্ৰিলাৰ দ্য এণ্ড উই ষ্টাৰ্ট ফ্ৰম (২০২৩) আৰু হৰৰ ছবি ২৮ ইয়াৰ্ছ লেটাৰত (২০২৫) অভিনয় কৰিছে। ২০২২ চনত কমাৰে চুজি মিলাৰৰ একক নাটক প্ৰিমা ফেচিৰ জৰিয়তে লণ্ডনৰ ৱেষ্ট এণ্ড থিয়েটাৰত অভিষেক ঘটায়, যাৰ বাবে তেওঁ এটা ইভিনিং ষ্টেণ্ডাৰ্ড থিয়েটাৰ এৱাৰ্ড আৰু এটা লৰেন্স অলিভিয়াৰ বঁটা লাভ কৰে। ২০২৩ চনত এই নাটকখন ব্ৰডৱে থিয়েটাৰলৈ স্থানান্তৰিত হয় আৰু তাতো সমানেই সমাদৰ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৯৩ চনৰ ১১ মাৰ্চত লিভাৰপুলত কমাৰৰ জন্ম হৈছিল। তেওঁৰ মাতৃ ডোনা আছিল 'মাৰ্চিৰেইল'ৰ কৰ্মচাৰী আৰু পিতৃ জিম কমাৰ আছিল 'এভাৰটন এফ.চি.'ৰ এজন ফিজিঅ’থেৰাপিষ্ট।১ ১৯৯৫ চনত জন্মগ্ৰহণ কৰা চাৰ্লি নামৰ তেওঁৰ এজন সৰু ভায়েক আছে।২ কমাৰ লিভাৰপুলৰ চাইল্ডৱাল চহৰত ডাঙৰ-দীঘল হৈছিল৩ আৰু ওচৰৰে উল্টনত থকা ছেইণ্ট জুলিছ কেথলিক হাইস্কুলত অধ্যয়ন কৰিছিল। তাত পঢ়ি থকা সময়তে তেওঁ ভৱিষ্যতৰ অলিম্পিক খেলুৱৈ কাটাৰিনা জনচন-থম্পছনৰ ঘনিষ্ঠ বন্ধু হৈ পৰিছিল।৪

১১ বছৰ বয়সত তেওঁ লিভাৰপুলৰ বেল ভেল অঞ্চলৰ 'কালছ' নামৰ এক সপ্তাহান্তিক ড্ৰামা স্কুলত অভিনয়ৰ শিক্ষা আৰম্ভ কৰে।৫ কালছৰ জৰিয়তে কমাৰে ২০০৬ চনত লিভাৰপুল পাৰফৰ্মিং আৰ্টছ ফেষ্টিভেলত অংশগ্ৰহণ কৰে আৰু হিলচবেৰ’ দুৰ্যোগৰ বিষয়ে এটা স্বগতঃ ভাষণ প্ৰদৰ্শন কৰি নিজৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰে।৫৬

হাইস্কুলত পঢ়ি থকা সময়ত কমাৰৰ বন্ধুসকলে তেওঁক তেওঁলোকৰ নৃত্য দলটোৰপৰা উলিয়াই দিছিল কাৰণ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ বাবে তেওঁ স্কুলৰ টেলেণ্ট শ্ব’ৰ আখৰাত অংশ ল’ব পৰা নাছিল। ইয়াৰ পৰিণতিত তেওঁ সেই শ্ব’টোত নৃত্যৰ পৰিৱৰ্তে হিলচবেৰ’ দুৰ্যোগৰ ওপৰত কৰা সেই স্বগতঃ ভাষণটো প্ৰদৰ্শন কৰে।৭ যদিও তেওঁ সেই প্ৰতিযোগিতাত জয়ী হোৱা নাছিল, তেওঁৰ অভিনয় দেখি ড্ৰামা শিক্ষকে বিনোদন জগতৰ বন্ধুবৰ্গৰ সহায়ত তেওঁক বিবিচি ৰেডিঅ’ ৪-ৰ এখন নাটকৰ বাবে অডিচন দিয়াৰ সুবিধা কৰি দিয়ে।৮ এয়াই আছিল তেওঁৰ জীৱনৰ প্ৰথম অভিনয়ৰ কাম। তাত তেওঁৰ সহ-অভিনেতাসকলে তেওঁক এজন এজেণ্ট বিচাৰি ল’বলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে তেওঁ অভিনয় জীৱনত যথেষ্ট সফল হ’ব পাৰিব।৯

ব্যক্তিগত জীৱন

২০২০ চনৰ ডিচেম্বৰ মাহত দিয়া এক সাক্ষাৎকাৰত কমাৰে তেওঁৰ কেৰিয়াৰৰ বিষয়ে কৈছিল, "মই বিশ্বাস নকৰোঁ যে [খ্যাতিয়ে] মানুহক সলনি কৰে। ই কেৱল এটা আতচী কাঁচৰ দৰে [...] এই সুযোগবোৰ বিশাল আৰু জিলিকি থকা, কিন্তু মই যি জীৱন-যাপন কৰোঁ তাৰপৰা এইবোৰ বহু দূৰত।" ১০১১ তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰত কেনেকৈ 'লিভাৰপুল উচ্চাৰণৰ' বাবে শ্ৰেণী বৈষম্যৰ সন্মুখীন হৈছিল, সেই বিষয়েও আলোচনা কৰিছিল। উল্লেখ্য যে, এই উচ্চাৰণটোক যুক্তৰাজ্যত শ্ৰমিক শ্ৰেণীৰ অন্যতম পৰিচয় হিচাপে গণ্য কৰা হয়।১২

নিজৰ ব্যক্তিগত জীৱনৰ গোপনীয়তা ৰক্ষা কৰাৰ বাবে পৰিচিত কমাৰে ২০২৪ চনৰ জুন মাহৰ এক সাক্ষাৎকাৰত কৈছিল, "মোৰ জীৱনত এনে কিছুমান মুহূৰ্ত আহিছে য’ত মানুহে সেই ব্যক্তিগত পৰিসৰত হস্তক্ষেপ কৰিবলৈ কিমান দূৰলৈ যাব পাৰে সেয়া কল্পনা কৰিব নোৱাৰি। মই ভাবো এজন অভিনেতা হিচাপে মানুহে কামটোৰ সৈতেহে সংযোগ স্থাপন কৰা উচিত, এয়া নহয় যে— 'অ’, তুমি জানানে কালি তেওঁ পুৱাৰ আহাৰত কণী খাইছিল? কেৰিয়াৰৰ অগ্ৰগতিৰ লগে লগে তেওঁক মাটিৰ মানুহ কৰি ৰখাৰ বাবে তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ শলাগ লৈ তেওঁ কয়: "মোৰ বেছিভাগ বন্ধুৱেই স্কুলীয়া দিনৰ আৰু মোৰ ওচৰত বেছি তেলমৰা মানুহ নাই, যিটোক মই আদৰ কৰোঁ। যেতিয়া মই ব্ৰডৱেত কাম শেষ কৰিছিলোঁ, তেতিয়া মই এইটো উপলব্ধি কৰিছিলোঁ। মই ভাবিছিলোঁ, 'মই ঘৰলৈ যাব লাগে, এজনী ভাল ভনী, এজনী ভাল বন্ধু হ’বলৈ। মোক এজনী অধিক উপস্থিত থকা জীয়ৰী হোৱাৰ প্ৰয়োজন আছিল। '

তথ্যসূত্ৰ

  1. ↑ (21 November 2017). Data Sheet
  2. ↑ Gibbons, Lottie; Davison, Tamara. (10 August 2020). Jodie Comer explains why she still lives with her parents at 27. Mirror
  3. ↑ Killelea, Amanda. (2 November 2018). 'Killing Eve's' Jodie Comer may be TV's most glamorous assassin – but she still lives with her mum. Mirror
  4. ↑ (4 October 2019). Katarina Johnson-Thompson: 'Killing Eve' star 'proud' of school friend. BBC News
  5. ↑ Feinberg, Scott. (4 January 2022). 'Awards Chatter' Podcast – Jodie Comer ('The Last Duel' & 'Help'). The Hollywood Reporter
  6. ↑ Stein Chizzik, Danielle. (8 April 2019). Jodie Comer is Hollywood's Next Great Chameleon. Town & Country
  7. ↑ (2 March 2016). Style Insider – Jodie Comer. Donna Ida
  8. ↑ Winterford, Abigail Jane. (2 May 2018). Glass meets young British actress Jodie Comer, star of 'Killing Eve'. Glass Magazine
  9. ↑ Cusumano, Katherine. (11 April 2017). Jodie Comer is the Fiery Young Queen of Your 'Game of Thrones' Replacement 'The White Princess'. W Magazine
  10. ↑ (3 December 2020). Jodie Comer speaks out about cancel culture after Twitter row. Sky News
  11. ↑ McLaughlin, Charlotte; McLoughlin, Lisa. (13 June 2024). Jodie Comer speaks out over 'invasion' of personal space since finding fame. Evening Standard
  12. ↑ Smith, Josh. (25 June 2020). 'I don't want to be anyone's cup of milky tea! ' Jodie Comer's on her perfect brew for dealing with classism & her beauty regime. Glamour

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ’ডি কমাৰ” প্ৰবন্ধৰ সংশোধন ৫৯০৭১৮ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।