এণ্টনিয়া জেৰাল্ডিন অড্ৰী লী বাৰ্নাথ (ইংৰাজী ভাষা: Antonia Geraldine Audrey Lee Bernath) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, ভইচঅভাৰ শিল্পী আৰু কণ্ঠশিল্পী। তেওঁ ২০০৫ চনত চি.বি.এছ.ৰ ধাৰাবাহিক এলভিছ আৰু বলীউডৰ চলচ্চিত্ৰ কিছনা: দ্য ৱাৰিয়ৰ পয়েটৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ছেইণ্ট ট্ৰিনিয়ানছ (২০০৭), কাকু (২০০৯) নামৰ চলচ্চিত্ৰ দুখনত আৰু আই.টি.ভি.২-ৰ ড্ৰামা ধাৰাবাহিক ট্ৰিনিটী (২০০৯)ত অভিনয় কৰে। তেওঁ এ.বি.চি.ৰ ধাৰাবাহিক দ্য এষ্ট্ৰোনাট ৱাইভছ ক্লাব (২০১৫) আৰু ডাউনটন এবেৰ (২০১৫) অন্তিমটো ছিজনত পুনঃপৌনিক চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰপৰা কিছু বিৰতি লোৱাৰ পাছত বাৰ্নাথে ২০২৩ চনত আই.টি.ভি.এক্স.-ৰ মিনি-চিৰিজ নলীৰ জৰিয়তে পুনৰ টেলিভিছনলৈ প্ৰত্যাৱৰ্তন কৰে।
প্ৰাৰম্ভিক জীৱন
বাৰ্নাথৰ জন্ম লণ্ডনত হৈছিল। তেওঁৰ মাতৃ চাৰা আছিল ইংৰাজ-নৰৱেজিয়ান বংশোদ্ভূত আৰু পিতৃ পল আছিল এজন আমেৰিকান। বাৰ্নাথৰ শৈশৱৰ আদিছোৱা আমেৰিকাৰ ভাৰ্জিনিয়াত অতিবাহিত হৈছিল। সুৰাসক্তিৰ বাবে তেওঁৰ পিতৃ শাৰীৰিক আৰু আৱেগিকভাৱে অতি নিৰ্যাতনকাৰী আছিল। ১১ বছৰ বয়সত তেওঁ মাতৃৰ সৈতে ইংলেণ্ডলৈ ঘূৰি আহে, কাৰণ তেওঁৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু আমেৰিকাত চিকিৎসা লাভ কৰাত ব্যৰ্থ হৈছিল।১ ১৩ বছৰ বয়সত তেওঁৰ মাতৃৰ মৃত্যু হয় আৰু ইয়াৰ পিছত বাৰ্নাথক তেওঁৰ আইতাক অড্ৰী গুডৰিচে উইল্টশায়াৰত ডাঙৰ-দীঘল কৰে।২
বাৰ্নাথে ছালিচবেৰীৰ গডলফিন স্কুলত অধ্যয়ন কৰিছিল আৰু নেচনেল ইউথ মিউজিক থিয়েটাৰত যোগদান কৰিছিল। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যয়ন আৰম্ভ কৰিছিল যদিও পিছলৈ সিদ্ধান্ত সলনি কৰি অভিনয়ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰে। তেওঁ জলপানি লাভ কৰি ব্ৰিষ্টল অ’ল্ড ভিক থিয়েটাৰ স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩
কৰ্মজীৱন
বাৰ্নাথ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ অভিযানৰ বাবে জনচন এণ্ড জনচনৰ 'ক্লিন এণ্ড ক্লিয়াৰ' ফেচৱাছৰ বিজ্ঞাপনৰ মুখ আছিল। ২০০৩ চনত মোনাৰ্ক অফ দ্য গ্লেন ধাৰাবাহিকৰ এটা বিশেষ খণ্ডত বেকী বডী হিচাপে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে। ২০০৪ চনত তেওঁ বিবিচি ৱানৰ দ্য আফটাৰনুন প্লেত অভিনয় কৰিছিল।
২০০৫ চনত বাৰ্নাথে কিছনা: দ্য ৱাৰিয়ৰ পয়েট ছবিত কেথেৰিন বেকেটৰ চৰিত্ৰত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ পেলায়।৪ ইয়াৰ লগে লগে তেওঁ বলীউডৰ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী ব্ৰিটিছ অভিনেত্ৰী হিচাপে পৰিগণিত হয়। হিন্দুস্তান টাইমছৰ এক পৰ্যালোচনাত তেওঁৰ অভিনয়ক "সুন্দৰ" বুলি অভিহিত কৰা হৈছিল।৫ একে বছৰতে তেওঁ চি.বি.এছ.ৰ মিনি-চিৰিজ এলভিছত প্ৰিসিলা প্ৰেছলীৰ চৰিত্ৰত অভিনয় কৰে। তেওঁৰ অন্যান্য টেলিভিছন চৰিত্ৰসমূহৰ ভিতৰত হাৰ্টবিটত লুচি বেলহাম আৰু হোলবি চিটিত নিকি ব্ৰাউনৰ চৰিত্ৰ অন্যতম।
২০০৭ চনত তেওঁ ছেইণ্ট ট্ৰিনিয়ানছ ছবিত ক্ল'ই নামৰ এটা চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি ৰিচাৰ্ড কাৰ্টিছৰ ছবি দ্য বোট দ্যাট ৰকডত তেওঁক ৰেডিঅ' চানচাইনৰ এগৰাকী 'ৱেডাৰ গাৰ্ল' হিচাপে দেখা গৈছিল। ২০০৯ চনত তেওঁ আই.টি.ভি.২-ৰ ড্ৰামা ধাৰাবাহিক ট্ৰিনিটীত চাৰ্লট আৰ্কৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।৬
বাৰ্নাথে ব্ৰিটিছ থ্ৰিলাৰ ছবি কাকুত জিমী নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। ২০১২ চনত তেওঁ লণ্ডনৰ ৱেষ্ট এণ্ডত প্ৰদৰ্শিত নাটক চেৰিয়টছ অফ ফায়াৰত ফ্লোৰেন্স মেকেঞ্জীৰ চৰিত্ৰত অভিনয় কৰে। ২০১৩ চনত তেওঁ ষ্টল্ড আৰু পাউডাৰ ৰুম নামৰ দুখন কমেডী ছবিত অভিনয় কৰিছিল। ২০১৫ চনত তেওঁ এ.বি.চি.-ৰ ধাৰাবাহিক দ্য এষ্ট্ৰোনাট ৱাইভছ ক্লাবত চুচান বৰমেন আৰু ডাউনটন এবেৰ অন্তিমটো ছিজনত লৰা এডমণ্ডছৰ চৰিত্ৰত অভিনয় কৰে।৭
ভিডিঅ' গেমৰ ক্ষেত্ৰত বাৰ্নাথে দ্য উইচাৰ ৩: ৱাইল্ড হাণ্ট – ব্লাড এণ্ড ৱাইনত ছিয়ানাৰ চৰিত্ৰত আৰু ষ্টাৰ ৱাৰ্ছ বেটলফ্ৰণ্টত ইম্পিৰিয়েল কমাণ্ডাৰৰ বাবে কণ্ঠদান কৰিছিল। ২০১৮ চনত বাৰ্নাথে আন ২৬ গৰাকী চেলিব্ৰিটিৰ সৈতে মিলি "ৰক উইথ ৰুডলফ" নামৰ এটি খ্ৰীষ্টমাছ গীতত কণ্ঠদান কৰে। এই গীতটো গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হস্পিটেলৰ সাহায্যৰ বাবে বাণীবদ্ধ কৰা হৈছিল।৮
ব্যক্তিগত জীৱন
বাৰ্নাথে ২০১৫ চনত অলিভাৰ ককাৰহামৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই দম্পতীৰ দুজন সন্তান আছে।৯
অভিনয় তালিকা
চলচ্চিত্ৰ
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৫ | কিছনা: দ্য ৱাৰিয়ৰ পয়েট | কেথেৰিন | আত্মপ্ৰকাশ; হিন্দী ছবি |
| ২০০৭ | ছেইণ্ট ট্ৰিনিয়ানছ | ক্ল’ই | |
| ২০০৯ | শ্লটাৰ | কেথী | |
| দ্য বোট দ্যাট ৰকড | কেটি, ৱেডাৰ গাৰ্ল | নাম উল্লেখ কৰা হোৱা নাই | |
| গোল III: টেকিং অন দ্য ৱৰ্ল্ড | ব্ৰিট | ডাইৰেক্ট-টু-ভিডিঅ’ | |
| কাকু | জিমী | ||
| অ’ল্ড হেৰী | মাতৃ | চুটি ছবি | |
| ২০১৩ | ষ্টল্ড | হেডাৰ | |
| পাউডাৰ ৰুম | কিম | ||
| ২০১৭ | ব্লু | ৰুবী | চুটি ছবি |
| পেডলক | আদাৰ জুলি | চুটি ছবি | |
| ২০২৫ | মাৰ্ডাৰ এট দ্য এম্বেছী | বেটী |
টেলিভিছন
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৩ | মোনাৰ্ক অফ দ্য গ্লেন | বেকী বডী | হগমানায় স্পেচিয়েল |
| ২০০৪ | দ্য আফটাৰনুন প্লে | কেট চুলিভান | খণ্ড° "Sons, Daughters and Lovers" |
| ২০০৫ | এলভিছ | প্ৰিসিলা প্ৰেছলী | মিনি-চিৰিজ |
| ২০০৬ | হাৰ্টবিট | লুচি বেলমান | খণ্ড° "Hostage to Fortune" |
| ২০০৪–০৭ | হোলবি চিটি | নিকি ব্ৰাউন | ১১টা খণ্ড |
| ২০০৯ | ট্ৰিনিটী | চাৰ্লট আৰ্ক | মুখ্য ভূমিকা |
| ২০১২ | লাইক (Lykke) | কেট ডৰ্নে | ৫টা খণ্ড |
| ২০১৪ | বেবিলন | সংবাদ প্ৰতিবেদক | ২টা খণ্ড |
| ২০১৫ | দ্য এষ্ট্ৰোনাট ৱাইভছ ক্লাব | চুচান বৰমেন | ৫টা খণ্ড |
| ডাউনটন এবে | লৰা এডমণ্ডছ | ৫টা খণ্ড (ছিজন ৬) | |
| ২০১৬ | ডিকেন্সিয়ান | ছেলী কম্পেচন | ৩টা খণ্ড |
| জুবিকুইটী (Zoobiquity) | ড° চুচান গিবছ | টেলিভিছন ছবি | |
| ২০২৩ | নলী | জেন ৰচিংটন | মিনি-চিৰিজ |
| ২০২৫ | দ্য ৱাৰ বিটুইন দ্য লেণ্ড এণ্ড দ্য চি | ৰোজ-মেৰী হাণ্ট | মিনি-চিৰিজ, ৩টা খণ্ড |
| ২০২৬ | ডেথ ইন পেৰাডাইজ | পাৰ্ল লিউইছ | ছিজন ১৫, খণ্ড ৬ |
ভিডিঅ’ গেম
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১৫ | ষ্টাৰ ৱাৰ্ছ বেটলফ্ৰণ্ট | ইম্পিৰিয়েল কমাণ্ডাৰ | |
| ২০১৬ | দ্য উইচাৰ ৩: ৱাইল্ড হাণ্ট – ব্লাড এণ্ড ৱাইন | ছিয়ানা | |
| ২০১৭ | ষ্টাৰ ৱাৰ্ছ: বেটলফ্ৰণ্ট II | ||
| ২০১৮ | হিটমেন ২ | চিয়েৰা নক্স | |
| ২০১৯ | কণ্ট্ৰ’ল | এমিলি পোপ | |
| ২০২০ | কণ্ট্ৰ’ল: দ্য ফাউণ্ডেচন | ||
| কণ্ট্ৰ’ল: AWE | |||
| ২০২২ | হাৰ্ভেষ্টেলা | ||
| ইভিল ৱেষ্ট | এমিলিয়া ব্লেকৱেল |
মঞ্চ
| বৰ্ষ | নাটক | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১২ | চেৰিয়টছ অফ ফায়াৰ | ফ্লোৰেন্স মেকেঞ্জী |
তথ্যসূত্ৰ
- ↑ Khan, Coco. (20 June 2023). My father beat, starved and belittled me. Love and therapy saved my life. The Guardian
- ↑ Roy, Amit. (4 February 2005). Antonia Raj. The Telegraph India
- ↑ Doyle, Dave. (1 July 2022). Kate Middleton, Jack Whitehall, Deborah Meaden and 27 other celebs who went to school in Wiltshire. Wiltshire Live
- ↑ Landesman, Cosmo. (30 January 2005). An English rose in Bollywood. The Sunday Times. পৃ. 7
- ↑ (22 January 2005). Love triumphs in inimitable Ghai style. Hindustan Times
- ↑ Holmwood, Leigh. (15 July 2008). ITV2 plans 'sex, drugs and murder' drama to follow Billie Piper hit series. The Guardian
- ↑ Antonia Bernath. British Film Institute
- ↑ (30 November 2018). TV stars sing for Great Ormond Street Christmas charity single
- ↑ Venn, Lydia. (30 April 2020). This is what the cast of St Trinian's have been up to since the iconic movie. The Tab
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টনিয়া বাৰ্নাথ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৭৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।