আফ্ৰিকাৰ দেশ
২০ প্ৰবন্ধ
-
দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকা (South Africa), আনুষ্ঠানিক নাম দক্ষিণ আফ্ৰিকা গণৰাজ্য (Republic of South Africa, চমুকৈ আৰএচএ), হৈছে আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ চাৰিসীমাৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰে ২,৭৯৮ কিলোমিটাৰ বিস্তৃত দক্ষিণ আফ্ৰিকাৰ উপকূল অঞ্চলৰ সৃষ্টি কৰিছে।
-
ইজিপ্ত
ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ।
-
নাইজেৰিয়া
নাইজেৰিয়া ( ইংৰাজী: Nigeria) পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত। নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰে।
-
কেনিয়া
কেনিয়া ( বা ), (কে'ন্য়া), বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়'পিয়া আৰু উত্তৰ-পূবে চোমালিয়া।
-
মৰক্কো
মৰক্কো (; المغرب; বা মৰক্কো ৰাজ্য; المملكة المغربية; Royaume du Maroc) হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ, পূবে আলজেৰিয়াৰ সৈতে স্থল সীমা আৰু দক্ষিণে পশ্চিম চাহাৰাৰ বিতৰ্কিত অঞ্চল আছে।
-
লিবিয়া
লিবিয়া, হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ, পূবে ইজিপ্ত, দক্ষিণ-পূবে চুডান, দক্ষিণে চাড, দক্ষিণ-পশ্চিমে নাইজাৰ, পশ্চিমে আলজেৰিয়া আৰু উত্তৰ-পশ্চিমে টিউনিছিয়া। লিবিয়া তিনিটা ঐতিহাসিক অঞ্চলৰে গঠিত: ট্ৰিপলিটানিয়া, ফেজান আৰু চাইৰেনাইকা।
-
আলজেৰিয়া
আলজেৰিয়া (Algeria) আনুষ্ঠানিকভাৱে আলজেৰিয়া গণতান্ত্ৰিক গণৰাজ্য, উত্তৰ আফ্ৰিকাৰ এখন আৰৱ দেশ। আলজেৰিয়া ভূ-ক্ষেত্ৰৰ দিশত পৃথিৱীৰ দশম সৰ্ববৃহৎ আৰু আৰৱ আৰু আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰ। আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্চ।
-
টাঞ্জানিয়া
টাঞ্জানিয়া (Tanzania; চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়া) হৈছে পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰে উগাণ্ডা; উত্তৰ-পূৱত কেনিয়া; পূবে ভাৰত মহাসাগৰ, দক্ষিণে মোজাম্বিক আৰু মালাৱি; দক্ষিণ-পশ্চিমে জাম্বিয়া; ৰুৱাণ্ডা, পশ্চিমে বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ।
-
মাদাগাস্কাৰ
মাদাগাস্কাৰ (Madagascar), আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৫০ মাইল) দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ (২,২৮,৯০০ বৰ্গ মাইল) মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ।
-
নামিবিয়া
নামিবিয়া (Namibia) দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়।
-
চাদ
চাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ।
-
ছোমালিয়া
ছোমালিয়া (আনুষ্ঠানিকভাৱে ফেডাৰেল ৰিপাব্লিক অৱ ছোমালিয়া) হ'ল আফ্ৰিকা মহাদেশৰ আটাইতকৈ পূবৰ দেশ। এই দেশখন আফ্ৰিকাৰ পূব মূৰত অৱস্থিত আৰু ইয়াৰ পশ্চিমে ইথিওপিয়া, উত্তৰ-পশ্চিমে জিবুটি, দক্ষিণ-পশ্চিমে কেনিয়া, উত্তৰে গলফ অৱ এডেন আৰু পূবে ভাৰত মহাসাগৰ। আফ্ৰিকাৰ মূল ভূখণ্ডত ছোমালিয়াৰ উপকূল আটাইতকৈ দীঘল।
-
বৎচোৱানা
বৎচোৱানা (Botswana) আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী।
-
কংগো গণৰাজ্য
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে,…
-
তুনিছিয়া
তুনিছিয়া (ইংৰাজী: Tunisia), আনুষ্ঠানিকভাৱে গণতন্ত্ৰ তুনিছিয়া, আফ্ৰিকাৰ আটাইতকৈ উত্তৰৰ দেশ। উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এটা অংশ, ইয়াৰ পশ্চিম আৰু দক্ষিণ-পশ্চিমে আলজেৰিয়া, দক্ষিণ-পূবে লিবিয়া আৰু উত্তৰ আৰু পূবে ভূমধ্য সাগৰ।
-
বুৰুণ্ডী
বুৰুণ্ডি, আনুষ্ঠানিকভাৱে বুৰুণ্ডি গণৰাজ্য, আফ্ৰিকান গ্ৰেট লেকঅঞ্চল আৰু পূব আফ্ৰিকাৰ মাজৰ সংযোগস্থলত গ্ৰেট ৰিফ্ট উপত্যকাৰ এখন স্থলবেষ্টিত দেশ। ইয়াৰ সীমা উত্তৰে ৰৱাণ্ডা, পূব আৰু দক্ষিণ-পূবত টাঞ্জানিয়া আৰু পশ্চিমে কংগো গণতান্ত্ৰিক গণৰাজ্য; ইয়াৰ দক্ষিণ-পশ্চিম সীমান্তত টাঙ্গানিকা হ্ৰদ অৱস্থিত।
-
মাছাই জনগোষ্ঠী
মাছাই জনগোষ্ঠী (Maasai People) 'আফ্ৰিকাৰ গ্ৰেট লেক' অঞ্চলত অৱস্থিত কেনিয়াৰ উত্তৰ, মধ্য আৰু দক্ষিণাঞ্চলত আৰু টাঞ্জানিয়াৰ উত্তৰাঞ্চলত বসবাস কৰা এটা নিলোটিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ স্থানীয় ভাষা, 'মাছাই ভাষা'টো ডিংকা, কালেনজিন আৰু নিউৰ সৈতে জডিত এটা নিলোটিক ভাষা।
-
কেনেৰী দ্বীপপুঞ্জ
কেনেৰী দ্বীপপুঞ্জ, যাক অনানুষ্ঠানিকভাৱে কেনাৰীজ বুলিও কোৱা হয়, স্পেনিছ স্বায়ত্তশাসিত সম্প্ৰদায় আৰু আটলাণ্টিক মহাসাগৰৰ মেকাৰোনেছিয়াৰ দ্বীপপুঞ্জ হয়| আফ্ৰিকাৰ মূল ভূখণ্ডৰ আটাইতকৈ ওচৰৰ স্থানত, ইহঁত মৰক্কোৰ পৰা ১০০ কিলোমিটাৰ (৬২ মাইল) পশ্চিমে অৱস্থিত।
-
পশ্চিম চাহাৰা
পশ্চিম চাহাৰা (ইংৰাজী:Western Sahara), আফ্ৰিকাৰ উত্তৰ-পশ্চিম উপকূলৰ এটা বিতৰ্কিত ভূখণ্ড। ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই নাম দিয়া পশ্চিম চাহাৰাই হৈছে স্বাধীনতা লাভ কৰা শেষখন আফ্ৰিকান ঔপনিৱেশিক ৰাষ্ট্ৰ।
-
মেলিলা
মেলিলা (ইংৰাজী:Melilla) উত্তৰ আফ্ৰিকাৰ স্পেইনৰ এখন স্বায়ত্তশাসিত চহৰ। মেলিলা কেপ থ্ৰী ফৰ্কছৰ পূব দিশত অৱস্থিত, মৰক্কোৰ সীমান্তত আৰু ভূমধ্য সাগৰৰ সন্মুখত অৱস্থিত। ইয়াৰ আয়তন ১২.৩ কিলোমিটাৰ (৪.৭ বৰ্গমাইল)।