কেনেৰী দ্বীপপুঞ্জ, যাক অনানুষ্ঠানিকভাৱে কেনাৰীজ বুলিও কোৱা হয়, স্পেনিছ স্বায়ত্তশাসিত সম্প্ৰদায় আৰু আটলাণ্টিক মহাসাগৰৰ মেকাৰোনেছিয়াৰ দ্বীপপুঞ্জ হয়| আফ্ৰিকাৰ মূল ভূখণ্ডৰ আটাইতকৈ ওচৰৰ স্থানত, ইহঁত মৰক্কোৰ পৰা ১০০ কিলোমিটাৰ (৬২ মাইল) পশ্চিমে অৱস্থিত। স্পেইনৰ স্বায়ত্তশাসিত সম্প্ৰদায়ৰ ভিতৰত আটাইতকৈ দক্ষিণত অৱস্থিত। এই দ্বীপসমূহৰ জনসংখ্যা ২২ লাখ আৰু ইউৰোপীয় সংঘৰ আটাইতকৈ জনবহুল বিশেষ ভূখণ্ড। ১২
(ক্ষেত্ৰফলত আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে)মূল সাতটা দ্বীপ হ'ল টেনেৰিফ, ফুৱেৰটেভেন্টুৰা, গ্ৰেন কেনাৰিয়া, লেনজাৰ'ট, লা পালমা, লা গোমেৰা, আৰু এল হিয়েৰ'। এই দ্বীপপুঞ্জত বহুতো সৰু সৰু দ্বীপ আছে, য'ত আছে লা গ্ৰেচিঅ'ছা, আলেগ্ৰাঞ্জা, আইছলা ডি ল'ব'ছ, মন্টানা ক্লোৰা, ৰ'ক ডেল অষ্টে, আৰু ৰ'ক ডেল এষ্টে। ইয়াৰ উপৰিও গাৰাচিকো আৰু আনাগাকে ধৰি কেইবাটাও শিল অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাচীন কালত এই দ্বীপ শৃংখলটোক প্ৰায়ে "ভাগ্যৱান দ্বীপপুঞ্জ" বুলি কোৱা হৈছিল।কেনেৰী দ্বীপপুঞ্জ স্পেইনৰ আটাইতকৈ দক্ষিণ অঞ্চল, আৰু মেকাৰোনেছিয়াৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল দ্বীপপুঞ্জ।অৱস্থানৰ বাবে কেনেৰী দ্বীপপুঞ্জক ঐতিহাসিকভাৱে আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু ইউৰোপৰ চাৰিখন মহাদেশৰ মাজৰ সংযোগস্থল হিচাপে গণ্য কৰা হৈছে।
ব্যুৎপত্তি
ইছলাছ কেনেৰিয়াছ নামটো সম্ভৱতঃ লেটিন নাম কেনেৰিয়া ইনচুলেৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "কুকুৰৰ দ্বীপ", যিটো নাম স্পষ্টভাৱে এই দ্বীপসমূহৰ এটাৰ প্ৰাচীন নাম কেনাৰিয়াৰ পৰা সাধাৰণীকৰণ কৰা হৈছিল – অনুমানিকভাৱে গ্ৰেন কেনাৰিয়া। ইতিহাসবিদ প্লিনি দ্য এলডাৰৰ মতে, কেনাৰিয়া দ্বীপত "অতি বৃহৎ আকাৰৰ কুকুৰৰ বিপুল সংখ্যা" আছিল।৩
আন আন তত্ত্বসমূহে অনুমান কৰে যে এই নামটো মৰক্কোৰ এটলাছত বাস কৰা নুক্কাৰি বাৰ্বাৰ জনগোষ্ঠীৰ পৰা আহিছে, ৰোমান উৎসত কেনাৰী বুলি নামকৰণ কৰা হৈছে, যদিও প্লিনিয়ে পুনৰ এই শব্দটোৰ কুকুৰৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰিছে। দ্বীপসমূহৰ জাতীয় পতাকাত কুকুৰৰ চিত্ৰণত কুকুৰৰ সৈতে থকা সংযোগ বজাই ৰখা হৈছে। গ্ৰেন কেনেৰিয়াৰ আদিবাসী লোকসকলে নিজকে "কেনেৰিয়াছ" বুলি কয় বা ভবা হয়। সম্ভৱ যে জয় কৰাৰ পিছত এই নামটো স্পেনিছ ভাষাত বহুবচনত ব্যৱহাৰ কৰা হৈছিল, অৰ্থাৎ সকলো দ্বীপকে কেনেৰী-এছ বুলি কোৱাৰ দৰে।
দ্বীপসমূহৰ নাম কেনাৰী চৰাইৰ পৰা লোৱা হোৱা নাই; বৰঞ্চ চৰাইবোৰৰ নাম দ্বীপবোৰৰ নামেৰে ৰখা হৈছে।
তথ্যসূত্ৰ
- ↑ Utreta, Federico. (1996). Canarias, secreto de estado: episodios inéditos de la transición política y militar en las islas. Mateos López Editores. পৃ. 291
- ↑ Tamaimos. Canarias está en África. tamaimos.com
- ↑ Pliny the Elder, The Natural History, Book 6, Chap. 37. (32.) —The Fortunate Islands
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনেৰী দ্বীপপুঞ্জ” প্ৰবন্ধৰ সংশোধন ৩৯০০৫০ (৩ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।