তুনিছিয়া (ইংৰাজী: Tunisia), আনুষ্ঠানিকভাৱে গণতন্ত্ৰ তুনিছিয়া, আফ্ৰিকাৰ আটাইতকৈ উত্তৰৰ দেশ। উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এটা অংশ, ইয়াৰ পশ্চিম আৰু দক্ষিণ-পশ্চিমে আলজেৰিয়া, দক্ষিণ-পূবে লিবিয়া আৰু উত্তৰ আৰু পূবে ভূমধ্য সাগৰ।
ইয়াত খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ কাৰ্থেজৰ প্ৰত্নতাত্ত্বিক স্থানৰ লগতে কাইৰুৱানৰ মহান মছজিদও আছে। ই ঠাই তু প্ৰাচীন স্থাপত্য, বজাৰ আৰু নীলা উপকূলৰ বাবে পৰিচিত, ইয়াৰ আয়তন হৈছে ১৬৩,৬১০ কিলোমিটাৰ (৬৩,১৭০ বৰ্গমাইল), আৰু ইয়াৰ জনসংখ্যা হৈছে ১২.১ মিলিয়ন। ইয়াত এটলাছ পৰ্বতমালাৰ পূব মূৰ আৰু চাহাৰা মৰুভূমিৰ উত্তৰ অংশ আছে; ইয়াৰ বাকী থকা ভূখণ্ডৰ বহুখিনি কৃষিযোগ্য ভূমি হয়।
তুনিছিয়াত আফ্ৰিকাৰ আটাইতকৈ উত্তৰ বিন্দু কেপ এঞ্জেলাৰ বাসস্থান। উত্তৰ-পূব উপকূলত অৱস্থিত তুনিছ চহৰ দেশৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। তুনিছ নামেৰে তুনিছিয়াৰ নামকৰণ কৰা হৈছে।
ব্যুৎপত্তি
তুনিছিয়া শব্দটো তুনিছৰ পৰা উদ্ভৱ হৈছে; তুনিছ কেন্দ্ৰীয় নগৰ আৰু আধুনিক তুনিছিয়াৰ ৰাজধানী।
ইয়াক কেতিয়াবা কাৰ্থেজ দেৱী তনিথ (বা তুনিট) আৰু প্ৰাচীন চহৰ তুনিছৰ সৈতেও জড়িত কৰা হয়।
ফৰাচী ব্যুৎপত্তি তুনিছিৰ কিছুমান ইউৰোপীয় ভাষাত সামান্য পৰিৱৰ্তন কৰি গ্ৰহণ কৰা হৈছিল, দেশখনক নিৰ্ধাৰণ কৰিবলৈ এটা সুকীয়া নাম প্ৰৱৰ্তন কৰা হৈছিল। আন ভাষাসমূহে এই নামটো সলনি কৰা হোৱা নাই, যেনে ৰাছিয়া Туни́с আৰু স্পেনিছ Túnez। এই ক্ষেত্ৰত দেশ আৰু চহৰ দুয়োটাৰে বাবে একে নাম ব্যৱহাৰ কৰা হয় আৰু প্ৰসংগ অনুসৰিহে পাৰ্থক্য ক’ব পাৰি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুনিছিয়া” প্ৰবন্ধৰ সংশোধন ৪২০৫৯১ (৬ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।