অৰ্থনীতিবিদ
৫১ প্ৰবন্ধ
-
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।
-
ইশ্বেৰ জজ আহলুৱালিয়া
ইশ্বেৰ জজ আহলুৱালিয়া ( Isher Judge Ahluwalia; ১ অক্টোবৰ ১৯৪৫ – ২৬ ছেপ্টেম্বৰ ২০২০) এজন ভাৰতীয় অৰ্থনীতিবিদ, ৰাজহুৱা নীতিৰ গৱেষক আৰু অধ্যাপক আছিল।তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (ICRIER)ৰ গৱৰ্ণৰ ব'ৰ্ডৰ চেয়াৰপাৰ্ছন এমেৰিটাছ আছিল।
-
ঋতিকা খেৰা
ঋতিকা খেৰা এগৰাকী ভাৰতীয় উন্নয়নশীল অৰ্থনীতিবিদ। খেৰা দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি দিল্লী)ৰ অধ্যাপক (অৰ্থনীতি)। ২০১৮-২০ চনলৈকে তেওঁ আহমেদাবাদৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম আহমেদাবাদ)ৰ সহযোগী অধ্যাপিকা (অৰ্থনীতি আৰু ৰাজহুৱা ব্যৱস্থা গোট) আছিল।
-
ক্লডিয়া গোল্ডিন
ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত।
-
চি দি দেশমুখ
ছাৰ চিন্তামন দ্বাৰকানাথ দেশমুখ চিআইই আইচিএছ (১৪ জানুৱাৰী ১৮৯৬ – ২ অক্টোবৰ ১৯৮২) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ১৯৪৩ চনত ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া প্ৰথমজন ভাৰতীয়।[5পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (১৯৫০–১৯৫৬)।
-
জন মেনাৰ্ড কেইনছ
জন মেনাৰ্ড কেইনছ (ইংৰাজী: John Maynard Keynes; জন্ম: ৫ জুন ১৮৮৩ – মৃত্যু: ২১ এপ্ৰিল ১৯৪৬) এজন খ্যাতনামা ইংৰাজ অৰ্থনীতিবিদ আছিল। তেওঁ ২০শ শতিকাৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে পৰিগণিত।
-
জেনেট য়েলেন
জেনেট লুইজ য়েলেন ( Jenet Louise Yelen; জন্ম: ১৩ আগষ্ট, ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ যিয়ে ২০২১ চনৰ পৰা ২০২৫ চনলৈকে আমেৰিকাৰ কোষাগাৰৰ ৭৮ সংখ্যক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
জোয়েল মোকিৰ
জোয়েল মোকিৰ (יואל מוקיר) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু বুৰঞ্জীৰ অধ্যাপক আৰু কলা আৰু বিজ্ঞানৰ ৰবাৰ্ট ষ্ট্ৰট্জ অধ্যাপক। তদুপৰি, তেওঁ ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এইটান স্কুল অৱ ইকনমিক্সত চেক্লাৰ প্ৰেফচৰিয়েল ফেল'।
-
ডানি ৰড্ৰিক
ডানি ৰড্ৰিক ( Dani Rodrik; জন্ম: ১৪ আগষ্ট, ১৯৫৭) এজন তুৰ্কী অৰ্থনীতিবিদ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ “জন এফ কেনেডি স্কুল অৱ গভৰ্ণমেণ্ট’’ৰ আন্তৰ্জাতিক ৰাজনৈতিক অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেশ্যনৰ অধ্যাপক।
-
দেৱকী জৈন
দেৱকী জৈন (Devaki Jain, জন্ম ১৯৩৩) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ আৰু সাহিত্যিক। তেওঁ মুখ্যতঃ নাৰীবাদী অৰ্থনীতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। ২০০৬ চনত সামাজিক ন্যায় আৰু মহিলাৰ সশক্তিকৰণত তেওঁৰ অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।
-
নাইলা কবীৰ
নাইলা কবীৰ (Naila Kabeer; জন্ম ২৮ জানুৱাৰী ১৯৫০) এগৰাকী ব্ৰিটিছ বাংলাদেশী সামাজিক অৰ্থনীতিবিদ, গৱেষক, লেখক আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক। তেওঁ ভাৰতীয় বংশোদ্ভৱ আছিল। কবীৰ ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ ফেমিনিষ্ট ইকনমিকচ্ (আইএএফই)ৰ সভাপতি আছিল।
-
নিতাশা কৌল
নিতাশা কৌল (ইংৰাজী: Nitasha Kaul) লণ্ডনত বসবাস কৰা এগৰাকী ব্ৰিটিছ শিক্ষাবিদ, লেখিকা আৰু কবি। কল্পকাহিনীৰ উপৰিও তেওঁ ৰাজনৈতিক অৰ্থনীতি, ভূটান, কাশ্মীৰ, ভাৰতত জাতীয়তাবাদ, লিংগ আৰু পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত লিখে আৰু ভাষণ প্ৰদান কৰে।
-
পদ্ম দেশাই
পদ্ম দেশাই ; ছোভিয়েট আৰু ভাৰতীয় ঔদ্যোগিক নীতিৰ বৃত্তিৰ বাবে পৰিচিত পদ্ম দেশাই ২০০৯ চনত পদ্ম ভূষণ বঁটা লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালক আছিল।
-
ফিলিপ এগ্যঁ
ফিলিপ এগ্যঁ (FBA, ফৰাচী: Philippe Mario Aghion ) এগৰাকী ফৰাচী অৰ্থনীতিবিদ আৰু কলেজ দে ফ্ৰান্স, ইঞ্চিয়াড, পেৰিছ স্কুল অৱ ইকনমিক্স আৰু লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চাইন্সৰ অধ্যাপক। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৭ আগষ্টত হৈছিল।
-
ফিৰডোছ আৰা বেগম
ফিৰডোছ আৰা বেগম (Ferdous Ara Begum) এগৰাকী বাংলাদেশী অৰ্থনীতিবিদ, লিংগ বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্য আছিল আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ লিংগ বিষয়ৰ বিশেষজ্ঞ পৰামৰ্শদাতা আছিল।
-
বিবেক দেবৰয়
বিবেক দেবৰয়ৰ ১৯৫৫ চনৰ ২৫ জানুৱাৰিত তেখেতৰ জন্ম হৈছিল। ব্যক্তিগত জীৱনত তেওঁ এজন অৰ্থনীতিবিদ। নতুন দিল্লীত অৱস্থিত চেন্টাৰ ফৰ পলিচি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানত তেওঁ ২০০৭ চনলৈ অধ্যাপকতা কৰিছিল। চিংগাপুৰ ৰাষ্টীয় বিশ্ববিদ্যালয়তো তেওঁ প্ৰবাসী অধ্যাপক হিচাপে কৰ্মৰত আছিল।
-
বীণা আগৰৱালা
বীণা আগৰৱালা এগৰাকী ভাৰতীয় উন্নয়নমূলক অৰ্থনীতিবিদ। তেওঁ মেঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ বৈশ্বিক উন্নয়ন প্ৰতিষ্ঠানত উন্নয়নমুলক অৰ্থনীতি আৰু পৰিৱেশৰ অধ্যাপিকা। ভূমি, জীৱিকা আৰু সম্পত্তিৰ অধিকাৰ, লিংগ, অসমতা আৰু দাৰিদ্ৰ্যৰ ৰাজনৈতিক অৰ্থনীতি, আৰু বৈধানিক পৰিৱৰ্তন তেওঁৰ গৱেষণাৰ মূল বিষয়।
-
লি বেজেট
মেৰী ভাৰ্জিনিয়া লি বেজেট (ইংৰাজী: Mary Virginia Lee Badgett; জন্ম: ১৯৬০) মাছাচুচেটছ বিশ্ববিদ্যালয় আমহাৰ্ষ্টৰ এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। লেচবিয়ান, সমকামী পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে জড়িত অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
শ্ৰুতি কাপুৰ
ড° শ্ৰুতি কাপুৰ (জন্ম-২৫ ছেপ্টেম্বৰ) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ ছেইফটি (Sayfty)ৰ প্ৰতিষ্ঠাপক,যি পদক্ষেপৰ লক্ষ্য হৈছে যুৱতী আৰু কিশোৰীক সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে শিক্ষিত কৰা আৰু তেওঁলোকক সবলীকৰণ কৰা।
-
সঞ্জীৱ সান্যাল
সঞ্জীৱ সান্যাল (Sanjeev Sanyal) এজন ভাৰতীয় অৰ্থনীতিবিদ, লেখক আৰু জনপ্ৰিয় ইতিহাসবিদ। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্য, আৰু ২০১৭ চনৰ পৰা আৰম্ভ হোৱা ভাৰতৰ অৰ্থনৈতিক জৰীপৰ ছটা সংস্কৰণ প্ৰস্তুত কৰাত তেখেতে সহায় কৰিছে।
-
ৱানজিৰু কিহোৰো
ৱানজিৰু কিহোৰো (Wanjiru Kihoro; ৯ ছেপ্টেম্বৰ ১৯৫৩ – ১২ অক্টোবৰ ২০০৬) কেনিয়াৰ এগৰাকী অৰ্থনীতিবিদ, লেখিকা আৰু নাৰীবাদী কৰ্মী আছিল৷ ডেনিয়েল আৰাপ মইৰ শাসনকালত কেনিয়াবাসীক কাৰাগাৰত বন্দী কৰাৰ প্ৰতিবাদত তেওঁ প্যান-আফ্ৰিকান মহিলা সংগঠন আকিনা মামা ৱা আফ্ৰিকা (AMwA) আৰু কেনিয়াত ৰাজনৈতিক বন্দীসকলক…