ফিলিপ এগ্যঁ (FBA, ফৰাচী ভাষা: Philippe Mario Aghion ) এগৰাকী ফৰাচী ভাষা অৰ্থনীতিবিদ আৰু কলেজ দে ফ্ৰান্স, ইঞ্চিয়াড, পেৰিছ স্কুল অৱ ইকনমিক্স আৰু লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চাইন্সৰ অধ্যাপক।১২ তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৭ আগষ্টত হৈছিল।৩
২০০২ৰপৰা ২০১৫লৈ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ৰবাৰ্ট চি ৱেগনাৰ প্ৰফেচৰ অৱ ইকনমিক্স আছিল। তাৰ আগত তেওঁ ইউনিভাৰ্ছিটি কলেজ লণ্ডনত অধ্যাপক আছিল। নাফিল্ড কলেজ অক্সফ'ৰ্ড আৰু মেচেচুচেটছ ইন্ষ্টিট্যুট অৱ টেকনলজিৰ সৈতেও তেওঁ জড়িত আছিল।৪
২০২৫ চনত তেওঁ পিটাৰ হৱিটৰ সৈতে অৰ্থনীতিৰ ন'বেল বঁটাৰ আধা অংশ লাভ কৰিলে "সৃষ্টিশীল ধ্বংসৰ মাজেৰে অৰ্থব্যৱস্থাৰ দীৰ্ঘজীৱী বিকাশৰ তত্ত্ব"ৰ বাবে।৫
শৈশৱ আৰু শিক্ষা
১৯৫৬ চনত ফিলিপ এগ্যঁৰ জন্ম হৈছিল পেৰিছৰ এটা ইহুদী পৰিয়ালত। এগ্যঁই ইকল নৰ্মাল চুপিৰিয়ৰ দে কাশ্বাঁৰপৰা গণিত শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পেৰিছ ১ পেঁথিয়ঁ-চৰ্বনৰপৰা গাণিতিক অৰ্থনীতিত তেওঁ তৃতীয় চক্ৰৰ ডক্টৰেটো লাভ কৰিছিল। ১৯৮৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা তেওঁ পি এইচ ডি লাভ কৰিছিল।৬
কৰ্ম জীৱন
এগ্যঁৰ কৰ্ম জীৱনৰ আৰম্ভণি হৈছিল ১৯৮৭ চনত যেতিয়া তেওঁ এম আই টিত যোগদান দিছিল এজন সহকাৰী অধ্যাপক হিচাপে। ১৯৯০ চনত তেওঁক ইউৰোপিয়ান বেংক ফৰ ৰিকনষ্ট্ৰাক্সন এণ্ড ডেভেলপমেণ্টৰ উপ-মুখ্য অৰ্থনীতিবিদ নিযুক্ত কৰা হৈছিল। তাৰ পাছত তেওঁ অক্সফ'ৰ্ডত নাফিল্ডলৈ আৰু তাৰো পাছত ইউনিভাৰ্চিটি কলেজ লণ্ডনলৈ কাম কৰিবলৈ গৈছিল। ২০০২ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। তেওঁ তাতেই ২০১৫লৈকে আছিল অধ্যাপক হিচাপে। ২০১৫ চনত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সত চেণ্টেনিয়েল প্ৰফেচৰ অৱ ইকনমিক্স হিচাপে যোগদান কৰিছিল।৭
এগ্যঁৰ গৱেষণাৰ মূল বিষয় আছিল অৰ্থনৈতিক বিকাশ, বিশেষকৈ উদ্ভাৱনৰ ভূমিকা। পিটাৰ হৱিটৰ সৈতে তেওঁ জোচেফ শ্বাম্পেটাৰৰ সৃষ্টিশীল ধ্বংসৰ ধাৰণাক বিকশিত কৰিছিল, কেইবাটাও দিশে বিয়পাইছিল আৰু এই ধাৰণাক এক দৃঢ় গাণিতিক প্ৰকাশ প্ৰদান কৰিছিল। তেওঁলোকৰ কাৰ্য এণ্ডজেনাছ গ্ৰৌথ থিয়ৰি (অন্তৰ্নিহিত বিকাশ তত্ত্ব) নামৰ গ্ৰন্থত বুজোৱা হৈছে।
তেওঁ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সৰ সদস্য।৮ ২০১৭ চনত তেওঁ ইউৰোপিয়ান ইকনমিক এচচিয়েচনৰ সভাপতি আছিল।৯ তেওঁ ২০১৮ চনৰপৰা এনুৱেল ৰিভিউ অৱ ইকনমিক্সৰ সম্পাদক।১০
তথ্যসূত্ৰ
- ↑ Philippe Aghion. The London School of Economics and Political Science
- ↑ (16 May 2024). Philippe Aghion. PSE
- ↑ Philippe Aghion. ন'বেল বঁটা
- ↑ Philippe Aghion. scholar.harvard.edu
- ↑ Ahlander, Johan; Allen, Jonathan; Johnson, Simon. Trio win Nobel economics prize for work on innovation, growth and 'creative destruction'. Reuters
- ↑ Aghion, Philippe. (May 2022). Curriculum Vitae
- ↑ Philippe Aghion. The London School of Economics and Political Science
- ↑ (20 April 2009). Eighteen faculty, affiliates named to 2009 class of AAAS Fellows. Harvard Gazette
- ↑ Past Presidents | EEA
- ↑ Annual Review of Economics, Planning Editorial Committee - Volume 10, 2018. Annual Reviews Directory
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিলিপ এগ্যঁ” প্ৰবন্ধৰ সংশোধন ৬২০৭০৫ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।