অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিবেক দেবৰয়

বিবেক দেবৰয়ৰ ১৯৫৫ চনৰ ২৫ জানুৱাৰিত তেখেতৰ জন্ম হৈছিল। ব্যক্তিগত জীৱনত তেওঁ এজন অৰ্থনীতিবিদ। নতুন দিল্লীত অৱস্থিত চেন্টাৰ ফৰ পলিচি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানত তেওঁ ২০০৭ চনলৈ অধ্যাপকতা কৰিছিল। চিংগাপুৰ ৰাষ্টীয় বিশ্ববিদ্যালয়তো তেওঁ প্ৰবাসী অধ্যাপক হিচাপে কৰ্মৰত আছিল।

হালনাগাদ: ২৮ মে’ ২০২০ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বিবেক দেবৰয়ৰ ১৯৫৫ চনৰ ২৫ জানুৱাৰিত তেখেতৰ জন্ম হৈছিল। ব্যক্তিগত জীৱনত তেওঁ এজন অৰ্থনীতিবিদ। নতুন দিল্লীত অৱস্থিত চেন্টাৰ ফৰ পলিচি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানত তেওঁ ২০০৭ চনলৈ অধ্যাপকতা কৰিছিল। চিংগাপুৰ ৰাষ্টীয় বিশ্ববিদ্যালয়তো তেওঁ প্ৰবাসী অধ্যাপক হিচাপে কৰ্মৰত আছিল। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ যোজনা সমিতিৰ এজন পুৰ্নকালিন সদস্য। বৰ্তমান ভাৰতবৰ্ষৰ ৰেল বাজেট খন নিৰ্মানত দেবৰয় দেবৰ বিশেষ অৰিহনা আছে।

জীৱনী

দেবৰয় দেৱে ৰামকৃষ্ণ মিচন নৰেন্দপুৰৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহন কৰে। তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্ছী মহাবিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহন কৰে আৰু লগতে দিল্লী অৰ্থনিতি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক শিক্ষা গ্ৰহন কৰে। দেবৰয় দেৱে পিছলৈ কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ট্ৰিনিটি মহাবিদ্যালয়তো শিক্ষা গ্ৰহন কৰিছিল। তেও ভাৰতবৰ্ষৰ বিত্ত মন্ত্ৰালয়ৰ বিশেষ উপদেশদাতা ৰ লগতে মুখ্য সম্পাদক আছিল। তেওঁ ৰাজিৱ গান্ধী ব্যবসায়ী প্ৰতিস্থানৰ আৰু পি.এইচ.ডি কেন্দৰ নিৰ্দেশক আছিল। ব্যক্তিগত জীৱনত তেওঁ বহুতো মুল্যৱান গ্ৰন্থ লিখাৰ ওপৰিও ভাৰতৰ বাণিজ্যক কাকতবোৰতো তেওঁৰ মুল্যবান লিখনি লেখত লবলগিয়া।

বিবেক দেৱৰয় ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰাষ্টীয় নিৰ্মান প্ৰতিষ্ঠান পৰিষদৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল। ২০১৩ চনলৈ দেবৰয় দেৱে ৰাজস্থান চৰকাৰৰ বিত্তিয় বিভাগৰ সদস্য হিছাপে কাম কৰিছিল। ২০১৪ বৰ্ষলৈ তেও ৰেল মন্ত্ৰালয়ৰ বিশেষ বিভাগৰ অধ্যক্ষ আছিল। প্ৰেছিডেন্চী মহাবিদ্যালয় কলিকতা, গোখলে ৰাজনীতি আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ভাৰতীয় বাণিজ্যিক প্ৰতিষ্ঠানত ৰাষ্টীয় পৰিষদ তথা বাণিজ্যিক বিষয়ত বিশেষ শিক্ষা দান কৰিছিল।

দেবৰয় দেৱে ২০১০ চনত ভাৰতৰ পুণ্য গ্ৰন্থ মহাভাৰতৰ ইংৰাজি ভাষাত অনুবাদ আৰম্ভ কৰিছিল আৰু ২০১৪ চনত ১০টা খণ্ডত প্ৰকাশ কৰি উলিয়াইছিল।

ভাৰতবৰ্ষৰ চতুৰ্থ বিশেষ সন্মান পদ্মশ্ৰী সন্মানেৰে তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত সন্মানিত কৰে।

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীঅৰ্থনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিবেক দেবৰয়” প্ৰবন্ধৰ সংশোধন ২৩২২২০ (২৮ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।