ডানি ৰড্ৰিক ( Dani Rodrik; জন্ম: ১৪ আগষ্ট, ১৯৫৭) এজন তুৰ্কী অৰ্থনীতিবিদ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ “জন এফ কেনেডি স্কুল অৱ গভৰ্ণমেণ্ট’’ৰ আন্তৰ্জাতিক ৰাজনৈতিক অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেশ্যনৰ অধ্যাপক। পূৰ্বে তেওঁ নিউ জাৰ্ছিৰ প্ৰিন্সটনৰ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ সমাজ বিজ্ঞানৰ এলবাৰ্ট অ’ হিৰ্চমেন পদৰ অধ্যাপক আছিল। আন্তৰ্জাতিক অৰ্থনীতি, অৰ্থনৈতিক বিকাশ, ৰাজনৈতিক অৰ্থনীতি আদি ক্ষেত্ৰত তেওঁ বিভিন্ন লেখা প্ৰকাশ কৰিছে। ভাল অৰ্থনৈতিক নীতি কি আৰু ইয়াক গ্ৰহণ কৰাত কিছুমান চৰকাৰ আনতকৈ বেছি সফল কিয় এই প্ৰশ্নটোৱেই তেওঁৰ গৱেষণাৰ কেন্দ্ৰবিন্দু। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে অৰ্থনৈতিক নিয়ম: দ্য ৰাইটছ এণ্ড ৰংগছ অৱ দ্য ডিছমাল চাইন্স আৰু দ্য গ্ল’বেলাইজেচন পেৰাডক্স: ডেম’ক্ৰেচি এণ্ড দ্য ফিউচাৰ অৱ দ্য ৱৰ্ল্ড ইকনমি। তেওঁ গ্ল'বেল পলিচি নামৰ একাডেমিক আলোচনীখনৰ যৌথ প্ৰধান সম্পাদকও।১
জীৱনী
ৰড্ৰিক এটা চেফাৰ্ডিক ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰে।২ ইস্তানবুলৰ ৰবাৰ্ট কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত৩ তেওঁ ১৯৭৯ চনত হাৰ্ভাৰ্ড কলেজৰ পৰা চৰকাৰী আৰু অৰ্থনীতিত এ.বি. ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ এম.পি.এ. ডিগ্ৰী (ডিষ্টিংচন সহিতে) ১৯৮১ চনত প্ৰিন্সটন স্কুল অৱ পাব্লিক এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ পৰা আৰু ১৯৮৫ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে আৰু তেওঁৰ থিছিছৰ শিৰোনাম আছিল ষ্টাডিজ অন দ্য ৱেলফেয়াৰ থিয়ৰী অৱ ট্ৰেড এণ্ড এক্সচেঞ্জ-ৰেট পলিচি।৪ তেওঁ বৰ্তমান বন্ধ হৈ যোৱা তুৰ্কীৰ দৈনিক কাকত ৰাডিকাল ২০০৯–২০১৬ৰ বাবেও তেওঁ লিখিছিল। ২০১১ চনত তেওঁ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে নতুনকৈ গঠন হোৱা বিশ্ব অৰ্থনীতি সন্থাত যোগদান কৰে।
হাৰ্ভাৰ্ড কেনেডি স্কুলৰ পাব্লিক পলিচিৰ প্ৰবক্তা পিনাৰ ডগানৰ সৈতে তেওঁৰ বিবাহ হয়।[6] তুৰ্কীৰ অৱসৰপ্ৰাপ্ত জেনেৰেল চেটিন ডগানৰ কন্যা যিয়ে স্লেজহামাৰ অভ্যুত্থানৰ পৰিকল্পনাত জড়িত থকাৰ গুৰুতৰ অভিযোগত আজীৱন কাৰাদণ্ডেৰে দণ্ডিত হৈছিল।
পণ্ডিত হিচাপে তেওঁ নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ, অৰ্থনৈতিক নীতি গৱেষণা কেন্দ্ৰ (লণ্ডন), চেণ্টাৰ ফৰ গ্ল’বেল ডেভেলপমেণ্ট, ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ইকনমিক্স আৰু বৈদেশিক সম্পৰ্ক পৰিষদৰ সৈতে জড়িত আৰু ৰিভিউ অৱ ইকনমিক্স এণ্ড ষ্টেটিষ্টিকছৰ সহ-সম্পাদক। তেওঁ কাৰ্নেগী কৰ্পৰেশ্যন, ফৰ্ড ফাউণ্ডেশ্যন আৰু ৰকফেলাৰ ফাউণ্ডেশ্যনপৰা গৱেষণাৰ অনুদান লাভ কৰি আহিছে। অন্যান্য সন্মানৰ লগতে ২০০২ চনত তেওঁক গ্ল’বেল ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্ট ইনষ্টিটিউটৰ পৰা অৰ্থনৈতিক চিন্তাৰ সীমা উন্নীত কৰাৰ বাবে লিঅ’ণ্টিফ বঁটা প্ৰদান কৰা হয়।
২০১৯ চনৰ ৮ নৱেম্বৰত তেওঁ ইৰাছমাছ বিশ্ববিদ্যালয়, ৰটাৰডেমৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৫৬
২০২০ চনৰ ২১ জানুৱাৰীত পোপ ফ্ৰান্সিছে তেওঁক পন্টিফিকেল একাডেমী অৱ ছ'চিয়েল চাইন্সেছৰ সদস্য হিচাপে নিযুক্তি দিয়ে।৭
কৃতিত্ব
১৯৯৭ চনত তেওঁৰ Has Globalization Gone Too Far? নামৰ কিতাপখন ব্লুমবাৰ্গ বিজনেছ উইকত "দশকটোৰ অন্যতম গুৰুত্বপূৰ্ণ অৰ্থনীতিৰ কিতাপ" বুলি কোৱা হৈছিল।
গ্ৰন্থখনত তেওঁ বিশ্ব বজাৰ আৰু সামাজিক স্থিতিশীলতাৰ মাজৰ তিনিটা উত্তেজনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তথাকথিত "গোলকীকৰণ"ৰ মাজত আন্তৰ্জাতিক সমতাক প্ৰসাৰিত কৰাৰ এক দ্বিধাদ্বন্দ্ব আছে বুলি আঙুলিয়াই দি তেওঁ মুক্ত বজাৰ ব্যৱস্থাক সামাজিক স্থিতিশীলতা আৰু গভীৰভাৱে ঘৰুৱা নীতি-নিয়মলৈ এক ভাবুকি হিচাপে লয়।৮
১৯৯৮ চনৰ পৰা প্ৰজেক্ট চিণ্ডিকেটৰ নিয়মীয়া অৱদানকাৰী ডানি ৰড্ৰিক। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ সুৰেশ নাইডু, গেব্ৰিয়েল জুকমেন আৰু ১১ জন অতিৰিক্ত প্ৰতিষ্ঠাপক সদস্যৰ সৈতে ইকনমিক্স ফৰ ইনক্লুছিভ প্ৰস্পেৰিটি (EfIP) প্ৰতিষ্ঠা কৰে।৯
তথ্যসূত্ৰ
- ↑ Staff writer. Editorial Board. Global Policy
- ↑ Uchitelle, Louis. (30 January 2007). Economist Wants Business and Social Aims to Be in Sync (Published 2007). The New York Times
- ↑ Turkishtime Article (in Turkish)
- ↑ Curriculum Vitae Dani Rodrik - website Hardard University
- ↑ Honorary Doctorates - website of the Erasmus University Rotterdam
- ↑ Professor Dani Rodrik to Receive Honorary Doctorate from Erasmus University Rotterdam - website Hardard University
- ↑ (January 21, 2020). Rinunce e nomine (continuazione), 21.01.2020. Holy See Press Office
- ↑ Rodrik, Dani. (1999). The New Global Economy and Developing Countries: Making Openness Work. Overseas Development Council. ISBN 978-1-56517-027-8
- ↑ Home
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডানি ৰড্ৰিক” প্ৰবন্ধৰ সংশোধন ৫৪০৫২৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।