অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইশ্বেৰ জজ আহলুৱালিয়া

ইশ্বেৰ জজ আহলুৱালিয়া ( Isher Judge Ahluwalia; ১ অক্টোবৰ ১৯৪৫ – ২৬ ছেপ্টেম্বৰ ২০২০) এজন ভাৰতীয় অৰ্থনীতিবিদ, ৰাজহুৱা নীতিৰ গৱেষক আৰু অধ্যাপক আছিল।তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (ICRIER)ৰ গৱৰ্ণৰ ব'ৰ্ডৰ চেয়াৰপাৰ্ছন এমেৰিটাছ আছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইশ্বেৰ জজ আহলুৱালিয়া ( Isher Judge Ahluwalia; ১ অক্টোবৰ ১৯৪৫ – ২৬ ছেপ্টেম্বৰ ২০২০) এজন ভাৰতীয় অৰ্থনীতিবিদ, ৰাজহুৱা নীতিৰ গৱেষক আৰু অধ্যাপক আছিল।১তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (ICRIER)ৰ গৱৰ্ণৰ ব'ৰ্ডৰ চেয়াৰপাৰ্ছন এমেৰিটাছ আছিল।২ তেওঁ আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ব'ৰ্ডৰ অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ নগৰ আন্তঃগাঁথনি সেৱাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৩ ২০০৯ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম ভূষণেৰে সন্মানিত কৰা হয়।৪

আহলুৱালিয়াৰ ৰচনাসমূহে ৰাজহুৱা নীতি, নগৰ আন্তঃগাঁথনি, আৰু বহনক্ষম নগৰায়ন আদিক সামৰি লৈছিল। তেওঁৰ শেষৰখন গ্ৰন্থ ব্ৰেকিং থ্ৰু আছিল এখন স্মৃতিগ্ৰন্থ আৰু ইয়াত অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ বহুতো স্থানত তেওঁৰ সমস্যাজৰ্জৰ কেৰিয়াৰৰ বিষয়ে কোৱা হৈছিল।৩৫

শিক্ষা

১৯৫১ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত দেশৰ অৰ্থনৈতিক সময়ছোৱাত ভাৰতীয় সামষ্টিক অৰ্থনীতি আৰু উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা তেওঁৰ গৱেষণাৰ সৈতে আহলুৱালিয়াই অৰ্থনীতি বিষয়ত পি এইচ ডি সম্পূৰ্ণ কৰিছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT)ৰ পৰা৬ আমেৰিকান অৰ্থনীতিবিদ পল চেমুৱেলছন আৰু ইজৰাইলী আমেৰিকান অৰ্থনীতিবিদ ষ্টেনলি ফিচাৰৰ অধীনত।৭৮ ইয়াৰ উপৰিও দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰাও স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, ২০১৪ চনত। আৰু কলকাতা বিশ্ববিদ্যালয়ৰ কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।৪ তেওঁৰ গৱেষণা ভাৰতৰ নগৰ উন্নয়ন, ঔদ্যোগিক উন্নয়ন, সামষ্টিক অৰ্থনৈতিক সংস্কাৰ আৰু সামাজিক খণ্ডৰ উন্নয়নৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।৯

কেৰিয়াৰ

আহলুৱালিয়াই ভাৰতলৈ যোৱাৰ আগতে ৱাশ্বিংটন ডি চিৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত নীতি অৰ্থনীতিবিদ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৯ ভাৰতত তেওঁ ঔদ্যোগিক বৃদ্ধি আৰু উৎপাদন উৎপাদনশীলতাক কেন্দ্ৰ কৰি গৱেষণা কৰিছিল। চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চৰ অধ্যাপিকা হিচাপে তেওঁ দুখন গ্ৰন্থ লিখিছিল – ‘ইণ্ডাষ্ট্ৰিয়েল গ্ৰ’থ ইন ইণ্ডিয়া: ষাঠিৰ দশকৰ মাজভাগৰপৰা স্থবিৰতা', আৰু ১৯৮৯ চনৰপৰা ১৯৯১ চনৰ ভিতৰত 'ভাৰতীয় উৎপাদনত উৎপাদনশীলতা আৰু বৃদ্ধি'।১০

ইয়াৰ পিছত তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনৰ ব'ৰ্ড অৱ গৱৰ্ণৰৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ইয়াৰ পূৰ্বে ১৯৯৮ চনৰপৰা ২০০২ চনলৈকে একেটা প্ৰতিষ্ঠানতে সঞ্চালক আৰু মুখ্য কাৰ্যবাহী আছিল।৪ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতামূলক পৰিষদৰ সদস্য আছিল।১১ আন্তঃৰাষ্ট্ৰীয় জল ব্যৱস্থাপনা প্ৰতিষ্ঠানৰবোৰ্ড অৱ ট্ৰাষ্টীৰ সদস্যও আছিল।৯

২০০৮ চনত তেওঁক নগৰ উন্নয়ন মন্ত্ৰ্যালয়ে নগৰ আন্তঃগাঁথনি আৰু সেৱাৰ উচ্চ ক্ষমতাসম্পন্ন বিশেষজ্ঞ সমিতি আৰু ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰাময় মন্ত্ৰ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।১২ ২০০৩ চনৰপৰা ২০০৬ চনলৈকে ৱাশ্বিংটন ডি চিত থকা আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান (আই এফ পি আৰ আই)ৰ অধ্যক্ষ, ব'ৰ্ড অৱ ট্ৰাষ্টী আৰু ২০০০ চনৰপৰা ব'ৰ্ডৰ সদস্য আছিল১৩ ২০০৬ চনৰপৰা ২০০৭ চনলৈকে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ভূমিকা সম্পৰ্কে প্ৰতিৱেদন প্ৰস্তুত কৰা বিশিষ্ট ব্যক্তি গোট (ইপিজি)ৰ সদস্য আছিল আৰু ভাৰত-আছিয়ানৰ বিশিষ্ট ব্যক্তি গোট (এছ'চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেচনছ)ৰ সদস্য আছিল।১৪ ২০০৫ চনৰপৰা ২০০৭ চনলৈকে তেওঁ পঞ্জাৱ ৰাজ্যিক পৰিকল্পনা ব'ৰ্ডৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০১৩

লেখিকা হিচাপে তেওঁৰ ৰচনাসমূহে ৰাজহুৱা নীতি, নগৰ আন্তঃগাঁথনি আৰু বহনক্ষম নগৰায়নক সামৰি লৈছিল, য'ত বিশুদ্ধ খোৱাপানী আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰদানৰ প্ৰত্যাহ্বানসমূহো আছিল। মৃত্যুৰ পূৰ্বে তেওঁৰ শেহতীয়া কিতাপখন আছিল ২০২০ চনত প্ৰকাশিত ‘ব্ৰেকিং থ্ৰু’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ। এই কিতাপখন অৰ্থনীতি আৰু ৰাজহুৱা নীতি পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ কেৰিয়াৰৰ প্ৰতিফলন আছিল।৯

তথ্যসূত্ৰ

  1. ↑ (12 August 2005). Isher Judge Ahluwalia is new Chairperson at ICRIER. @businessline
  2. ↑ Board Of Governors | Think tank | ICRIER. icrier.org
  3. ↑ Mishra, Asit Ranjan. (26 September 2020). Noted economist Isher Judge Ahluwalia, who broke many glass ceilings, dies at 74. mint
  4. ↑ Noted Economist Dr Isher Judge Ahluwalia, Padma Bhushan, Dies. NDTV.com
  5. ↑ (26 September 2020). Renowned economist Isher Judge Ahluwalia dies aged 74. The Hindu
  6. ↑ India and MIT: A Conversation About the Future. The Tech
  7. ↑ Sitapati, Vinay. (26 September 2020). How Isher Judge Ahluwalia broke into the male-dominated, Anglicised world of economists. Scroll.in
  8. ↑ MIT Libraries' catalog - Barton - Full Catalog - Full Record. library.mit.edu
  9. ↑ Mishra, Asit Ranjan. (26 September 2020). Noted economist Isher Judge Ahluwalia, who broke many glass ceilings, dies at 74. mint
  10. ↑ (26 September 2020). Economist Isher Judge Ahluwalia passes away after 10-month battle with brain cancer. The Indian Express
  11. ↑ India rejigs manufacturing competitiveness council. CFO India
  12. ↑ Ahluwalia, Isher Judge. (2011). High Powered Expert Committee (HPEC) for Estimating the Investment Requirements for Urban Infrastructure Services
  13. ↑ Isher Judge Ahluwalia. www.asiaglobaldialogue.hku.hk
  14. ↑ (2 April 2007). Eminent Persons See New Paradigm for ADB in Transformed Asia. Asian Development Bank

সম্পৰ্কিত শ্ৰেণী

পদ্মভূষণ বঁটা বিজয়ীঅৰ্থনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইশ্বেৰ জজ আহলুৱালিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৭১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।