অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বীণা আগৰৱালা

বীণা আগৰৱালা এগৰাকী ভাৰতীয় উন্নয়নমূলক অৰ্থনীতিবিদ। তেওঁ মেঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ বৈশ্বিক উন্নয়ন প্ৰতিষ্ঠানত উন্নয়নমুলক অৰ্থনীতি আৰু পৰিৱেশৰ অধ্যাপিকা। ভূমি, জীৱিকা আৰু সম্পত্তিৰ অধিকাৰ, লিংগ, অসমতা আৰু দাৰিদ্ৰ্যৰ ৰাজনৈতিক অৰ্থনীতি, আৰু বৈধানিক পৰিৱৰ্তন তেওঁৰ গৱেষণাৰ মূল বিষয়।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৫ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বীণা আগৰৱালা এগৰাকী ভাৰতীয় উন্নয়নমূলক অৰ্থনীতিবিদ। তেওঁ মেঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ বৈশ্বিক উন্নয়ন প্ৰতিষ্ঠানত উন্নয়নমুলক অৰ্থনীতি আৰু পৰিৱেশৰ অধ্যাপিকা। ভূমি, জীৱিকা আৰু সম্পত্তিৰ অধিকাৰ, লিংগ (জৈৱিক), অসমতা আৰু দাৰিদ্ৰ্যৰ ৰাজনৈতিক অৰ্থনীতি, আৰু বৈধানিক পৰিৱৰ্তন তেওঁৰ গৱেষণাৰ মূল বিষয়।

"A Field of One's Own: Gender and Land Rights in South Asia" ("এ' ফিল্ড অৱ ওৱান্স ঔন: জেণ্ডাৰ এণ্ড লেণ্ড ৰাইট্‌ছ ইন চাউথ এছিয়া") তেওঁৰ গৱেষণা সামৰা এখন গ্ৰন্থ, যাৰ প্ৰভাৱ নাৰী আৰু ভূমিৰ অধকাৰৰ ক্ষেত্ৰত কাম কৰি থকা চৰকাৰ, বেচৰকাৰী সংস্থা আৰু আন্তৰ্জাতিক সংগঠনৰ দেখা দিছে।১ এই গ্ৰন্থৰ আধাৰতে লেটিন আমেৰিকাতো গৱেষণা কৰা হৈছে।২

জীৱন আৰু কৰ্ম

আগৰৱালাৰ পিতৃ সুৰজমল আগৰৱালা আৰু মাতৃ শ্যামা দেৱী আগৰৱালা।৩ তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু এম এৰ ডিগ্ৰী গ্ৰহণ কৰি দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা পি এইচ ডি লাভ কৰিছিল।৪

প্ৰিঞ্চটন, হাৰ্ভাৰ্ড, মিচিগান আৰু মিনেচটা আদি বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছে।৫ তেওঁ ইণ্টাৰনেশ্বনেল চচাইটি ফৰ ইকলজকেল ইকনমিক্স৬, ইণ্টাৰনেচনেল ইকনমিক এচচিয়েচন (উপ)৫ আৰু ইণ্টাৰনেশ্বনেল এচচিয়েচন ফৰ ফেমিনিষ্ট ইকনমিক্স৭ অধক্ষও আছিল। তেওঁ গ্ল‌'বেল ডেভেলপমেণ্ট নেটৱৰ্কৰ ব'ৰ্ডৰ সদস্য হোৱাৰ উপৰিও ন'বেল বিজয়ী অৰ্থনীতিবিদ জ'চেফ ষ্টিগলিট্‌জৰ ২১-জনীয়া কমিছন অন দ্য মেজাৰ্মেণ্ট অৱ ইকনমিক পাৰ্ফৰ্মেঞ্ছৰো সদস্য় আছিল।৮ ৰাষ্ট্ৰ সংঘৰ কমিটি ফৰ ডেভেলপমেণ্ট পলিচি আৰু ইউ এন আৰ আই এছ ডিৰো তেওঁ সদস্য আছিল। তেওঁ তেওঁ অনেক হনৰাৰী ডক্টৰেটৰো অধিকাৰী।৫

গৱেষণা

আগৰৱালাৰ গৱেষণাৰ মূল কেন্দ্ৰ হ'ল গ্ৰামীণ অৰ্থনীতি। ইকনমেট্ৰিক বিশ্লেষণৰ উপৰিও আন আন সমাজ বৈজ্ঞানিক পদ্ধতিৰ সগ্মিশ্ৰণেৰে তেওঁ গ্ৰামীণ অৰ্থনীতিত নাৰী আৰু তেওঁলোকৰ ভূমিৰ অধিকাৰ, জীৱিকা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গৱেষণা কৰিছে। বিশেষকৈ, তেওঁৰ কৰ্মৰাজিত লিংগ বৈষম্য, সম্পত্তিৰ অধিকাৰ, সামাজিক বহিষ্কাৰ আৰু অৰ্থনৈতিক উন্নয়নৰ পৰস্পৰে পৰস্পৰৰ ওপৰত পেলোৱা প্ৰভাৱ স্পষ্ট হৈ উঠে।

তেওঁৰ গ্ৰন্থ A Field of One's Own ("এ ফিল্ড অৱ ওৱান্স ঔন")ত তেওঁ দেখুৱাইছে যে গ্ৰামীণ অঞ্চলত লিংগ বৈষম্যৰ এক মূল কাৰণ হৈছে সম্পত্তিৰ ওপৰত অসম অধিকাৰ।৯ তেওঁ Journal of Women, Politics & Policy ("জাৰ্ণেল অৱ ৱিমেন, পলিটিক্স এণ্ড পলিচি")ৰো সম্পাদক।

বীণা আগৰৱালাৰ গৱেষণাৰ প্ৰভাৱ ভাৰত চৰকাৰে ২০০৫ চনত প্ৰৱৰ্তন কৰা Hindu Succession (Amendment) Actতো দেখা যায়।১০

আগৰৱালাই অৰ্থনীতিত জনপ্ৰিয় "ঐকিক গৃহস্থ"ৰ ধাৰণাক প্ৰত্যাহ্বান জনাইছিল। তেওঁ খেল তাত্ত্বিক দাম-দৰৰ ভিত্তিক গাণিতিক আৰ্হিৰে মানুহৰ ঘৰৰ ভিতৰত দেখা দিয়া সামাজিক ৰীতি-নীতি, দৃষ্টিভংগী আৰু সম্পত্তিৰ মালিকানাৰ আধাৰত লিংগ বৈষম্যৰ এক বিশ্লেষণ দাঙি ধৰিলে।১১ অন্য এক গৱেষণা পত্ৰ, "Bargaining and Legal Change"ত তেওঁ খেল তাত্ত্বিক আৰ্হিৰে Hindu Succession Act, ১৯৫৬ আৰু এই আইনৰ ২০০৫ৰ সংশোধনৰ আঁৰৰ অৰ্থনৈতিক দাম-দৰৰ বিশ্লেষণ আগবঢ়াইছিল।১২

নিজৰ গৱেষণা পত্ৰ "Towards Freedom from Domestic Violence"ত তেওঁ প্ৰমাণ কৰিছিল যে নাৰীৰ ভূমিৰ মালিকানাই ঘৰত তেওঁলোকে সন্মুখীন হোৱা হিংসাৰ পৰাও তেওঁলোকক কিছু পৰিমাণে পৰিত্ৰাণ দিছিল।

তথ্যসূত্ৰ

  1. ↑ Agarwal, Bina (1994). A field of one's own: gender and land rights in South Asia. Cambridge England New York, NY, USA: Cambridge University Press. ISBN 9780521429269
  2. ↑ "Notes on contributors". Feminist Economics. 9 (2–3): 333–335. 2003. doi:10.1080/1354570032000114554. S2CID 216645024
  3. ↑ Staff writer. (9 November 2017). SEED's Bina Agarwal launches book prize
  4. ↑ Agarwal, Bina. (1977). Mechanization in Indian agriculture: an analytical study based on the Punjab. দিল্লী বিশ্ববিদ্যালয়
  5. ↑ Bina Agarwal. World Resources Forum
  6. ↑ About. International Society for Ecological Economics
  7. ↑ Board Members. International Association for Feminist Economics
  8. ↑ Stiglitz, Joseph; Sen, Amartya; Fitoussi, Jean-Paul. Report by the Commission on the Measurement of Economic Performance and Social Progress
  9. ↑ Agarwal, Bina. (1994). A field of one's own: gender and land rights in South Asia. Cambridge University Press. পৃ. 576. ISBN 9780521429269
  10. ↑ (14 November 2016). Lincei, all'indiana Bina Agarwal il distintivo di accademico. Askanews"Nel 2005 - ha raccontato Bina Agarwal - ho guidato una campagna per modificare la legge di successione in modo da consentire in India l'ereditarietà della terra anche alle donne. Dopo 9 mesi di battaglia, la modifica è passata e oggi la legge sull'ereditarietà è completamente paritaria, uomini e donne hanno gli stessi diritti di proprietà. E questo riguarda l'80% delle donne in India
  11. ↑ Agarwal, Bina. (1997). "Bargaining" and gender relations: within and beyond the household. Feminist Economics. পৃ. 1–51 Pdf.
  12. ↑ Agarwal, Bina. (October 2002). Bargaining and legal change: toward gender equality in India's inheritance laws. IDS Working Paper 165. Institute of Development Studies

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৫৪৪২৫১ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।