অসম লেখিকা সন্থা হৈছে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে মহিলা সাহিত্যিক তথা সাহিত্যপ্ৰেমীসকলক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে গঠিত এক সাহিত্য অনুষ্ঠান। ১
অসম লেখিকা সন্থাৰ ইতিহাস
১৯৭৬ চনৰ ১৬ মে'ত অসম লেখিকা সন্থা স্থাপন হৈছিল। অসম লেখিকা সন্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল শুচিব্ৰতা ৰায় চৌধুৰী আৰু প্ৰধান সম্পাদিকা আছিল প্ৰীতি বৰুৱা। ১
উদ্দেশ্য
অসম লেখিকা সন্থাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে মহিলা সাহিত্যিক তথা সাহিত্যপ্ৰেমীসকলক উদ্বুদ্ধ কৰা। অসমৰ নানা ঠাইত অসম লেখিকা সন্থাৰ শাখা সমিতি আছে। নতুন লেখিকাসকলক উৎসাহিত কৰাৰ অৰ্থে অসম লেখিকা সন্থাৰ তৰফৰ পৰা বিভিন্ন শাখাত বঁটা প্ৰদান কৰা হয়। ১
পত্ৰিকা
অসম লেখিকা সন্থাৰ ছমহীয়া মুখপত্ৰখন হৈছে সূচেতনা। সূচেতনাৰ প্ৰস্তাৱনা সংখ্যা ১৯৯৮ চনত প্ৰকাশ পায়। ১৯৭৯ চনৰ ১৪ নৱেম্বৰত অসম চৰকাৰৰ একঁকালীন সাহায্যৰে প্ৰীতি বৰুৱাৰ সম্পাদনাত এই সন্থাই 'আকাশ' নামেৰে এখন শিশু আৰু কিশোৰ আলোচনী প্ৰকাশ কৰে। এইখন একেৰাহে চাৰি বছৰ প্ৰকাশ হোৱাৰ পাছত আৰ্থিক কাৰণত বন্ধ হৈ যায়। ১
অসম লেখিকা সন্থাই প্ৰকাশ কৰা গ্ৰন্থ
- মহিলা কবিৰ কাব্য গ্ৰন্থ (১৯৭৯)
- লেখিকাৰ গল্প (১৯৮৯)
- অসমীয়া সাহিত্য আৰু লেখিকা ( দুটা খণ্ডতঃ ১৯৯৪, ১৯৯৮)
- ব্যথাৰ অলকানন্দা নলিনীবালা (১৯৯৮)
- শতিকাৰ মহিলা কবি (১৯৯৮)
- সুবাসিত হেমন্তৰ প্ৰীতিৰে (১৯৯৮)
- উৰা মাৰি আকাশলৈ
- প্ৰজ্ঞাৱতী প্ৰবীণা ( ১৯৯৯ )
- সাম্প্ৰতিক লেখিকাৰ গল্প (১৯৯৮)
- থুপিতৰা (২০০০)
- অসমীয়া লেখিকাৰ গ্ৰন্থ সম্ভাৰ (২০০২)
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ১১৮. ISBN 978-81-950015-4-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম লেখিকা সন্থা” প্ৰবন্ধৰ সংশোধন ৩২৬৪৩৭ (৪ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।