অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাঞ্জা (নগৰ)

মাঞ্জা অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা (যমুনা) নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২১ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাঞ্জা অসমৰ কাৰ্বি আংলং জিলা জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা (যমুনা) নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।১

যাতায়ত

মাঞ্জা নগৰৰ পৰাই ভাৰতৰ ৩২৯A নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে আৰু ই ডিমাপুৰৰ সৈতে সংযোজিত। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথো মাঞ্জা নগৰৰ মাজেৰে পাৰ হৈ যায় আৰু ই নগৰখনক অসমৰ আৰু নাগালেণ্ডৰ আন গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোগ কৰে। মাঞ্জাৰ নিকটতম বিমানবন্দৰটো হৈছে ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিমাপুৰ বিমানবন্দৰ, আৰু নিকটতম ৰে'লষ্টেছনটো হৈছে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিফু ৰে'লেৱে ষ্টেছন। মাঞ্জা নগৰ বাছসেৱাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ ডিফু, ডকমোকা, লংনিট ইত্যাদি চহৰৰ উপৰিও অসমৰ প্ৰধান চহৰসমূহ আৰু নাগালেণ্ডৰ ডিমাপুৰ চহৰলৈ সু-সংযোজিত।

আকৰ্ষণৰ স্থান

মাঞ্জা নগৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত্বত পৰ্যটকৰ বাবে আকৰ্ষণীয় লাংকৱকু জলপ্ৰপাত অৱস্থিত।

শিক্ষা প্ৰতিষ্ঠানসমূহ

মহাবিদ্যালয়

  • ডনবস্ক' জুনিয়ৰ কলেজ
  • মাঞ্জা জুনিয়ৰ কলেজ

বিদ্যালয়

  • অসমীয়া হাইস্কুল
  • বেপ্টিষ্ট ইংলিছ স্কুল
  • জেৰি টেৰণ ইংলিছ স্কুল
  • লিটল ফ্লাৱাৰ স্কুল
  • এল পি হিন্দী স্কুল
  • মাঞ্জা হাইস্কুল
  • নাইটিংগেল ইংলিছ স্কুল
  • অক্সফ'ৰ্ড মডেল ইংলিছ স্কুল
  • ছাউথ প'য়েণ্ট ইংলিছ স্কুল

কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ

  • CCERT, মাঞ্জা
  • The Next Generation Computech Institute

স্বাস্থ্য-সেৱা

চিকিৎসালয়

  • মাঞ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ

তথ্যসূত্ৰ

  1. ↑ Manja location. Wikimapia Site

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাঞ্জা (নগৰ)” প্ৰবন্ধৰ সংশোধন ২৬১৭৬৭ (৬ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।