অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী (ইংৰাজী: State Cancer Institute, Guwahati), চমুকৈ SCI, Guwahati অসমৰ মুখ্য নগৰ গুৱাহাটীৰ ভঙাগড়ত অৱস্থিত এখন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ। এই চিকিৎসা প্ৰতিষ্ঠানখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী (ইংৰাজী: State Cancer Institute, Guwahati), চমুকৈ SCI, Guwahati অসমৰ মুখ্য নগৰ গুৱাহাটীৰ ভঙাগড়ত অৱস্থিত এখন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ।১ এই চিকিৎসা প্ৰতিষ্ঠানখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।২৩ ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত জে পি নাড্ডাই প্ৰতিষ্ঠান খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৪৫ ড॰ দ্বীপেন খনিকৰ বৰ্তমান ইয়াৰ সঞ্চালক।৬

ইতিহাস

প্ৰথমে ২০১৬ চনৰ আগষ্ট মাহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰি ২০০ খন বিচনাৰ সক্ষমতাৰে প্ৰতিষ্ঠানখন নিৰ্মাণ কৰা হৈছিল। পৰবৰ্তী সময়ত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত একক ভাৱে ইয়াৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয় আৰু ২০১৭ চনত শুভ উদ্ধোধন হৈ উঠে। ইয়াৰ লগে লগে ই অসমৰ তৃতীয় খন কৰ্কট ৰোগৰ চিকিৎসাৰ তৃতীয় শ্ৰেণীৰ চিকিৎসালয় হিচাপে পৰিগণিত হয়। ২০১৮ চনত প্ৰতিষ্ঠানখনক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান হিচাপে নামাকৰণ কৰি ড° বি চি গোস্বামীক প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে দায়িত্ব দিয়ে।৭ বৰ্তমান চিকিৎসালয়খন প্ৰায় ৩৫০ খন বিচনাৰে সমৃদ্ধ।৮৯

বহি:সংযোগ

তথ্যসূত্ৰ

  1. ↑ About Us – Cancer Care Institute Guwahati. Cancer Care Institute Guwahati
  2. ↑ State-of-the-art cancer hosp opens in Guwahati, robotic surgery available. Times of India
  3. ↑ Development of Cancer Care in Northeast India (ACCF, joint venture). PMC (National Institutes of Health)
  4. ↑ Nadda inaugurates Cancer Hospital. India Today (PTI)
  5. ↑ Development of Cancer Care in Northeast India (inauguration, 17 February 2017). PMC (National Institutes of Health)
  6. ↑ (2025-08-23). ‘Visible change in a month’, vows new GMCH chief Dr. Devajit Choudhury. The Assam Tribune
  7. ↑ Development of Cancer Care in Northeast India (Dr B.C. Goswami Director since inception). PMC (National Institutes of Health)
  8. ↑ Development of Cancer Care in Northeast India (200-bedded). PMC (National Institutes of Health)
  9. ↑ Assam bid to build cancer-care network, Guwahati's State Cancer Institute adds 200 beds. Telegraph India

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহঅসমৰ চিকিৎসালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৫৪৪৩৯৮ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।