অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণী চন্দ্ৰা

ৰাণী চন্দ্ৰা (২ জুন ১৯৪৯ – ১২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মিছ কেৰালাৰ বিজয়ী। ১৯৭৬ চনত বম্বেত ইণ্ডিয়ান এয়াৰলাইন্সৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাণী চন্দ্ৰা (২ জুন ১৯৪৯ – ১২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মিছ কেৰালাৰ বিজয়ী।১ ১৯৭৬ চনত বম্বেত ইণ্ডিয়ান এয়াৰলাইন্সৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁৰ মৃত্যু হয়। নেল্লু (মালয়ালম, ১৯৭৪), ভদ্ৰকালি (তামিল, ১৯৭৬) আৰু স্বপ্নাদনম (মালয়ালম, ১৯৭৬) আদি কেইবাখনো ল্যাণ্ডমাৰ্ক ছবিত অভিনয় কৰিছিল।

পৃষ্ঠভূমি

১৯৪৯ চনত ট্ৰাভাংকুৰ-কোচিন (বৰ্তমান কেৰালা)ৰ ফ'ৰ্ট কোচিত চন্দ্ৰন আৰু কান্তিমথীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু এজন ভাতৃ আছিল।১ ছেইণ্ট থেৰেচিছ কলেজ এৰ্নাকুলামৰপৰা ডিগ্ৰী লাভ কৰে। তেওঁৰ এটা নৃত্য দল আছিল। অভিনেত্ৰী চিপি ৰাণী চন্দ্ৰৰ ভাতৃ শ্বাজীৰ কন্যা।২ ১৯৭২ চনত ৰাণী চন্দ্ৰক মিছ কেৰেলা হিচাপে নিৰ্বাচিত কৰা হয়।৩

কেৰিয়াৰ

তেওঁৰ প্ৰথমখন ছবি অঞ্জুসুন্দৰীকালক দৰ্শকে বহুলভাৱে গ্ৰহণ কৰিছিল। আন আন প্ৰধান ছবিসমূহৰ ভিতৰত আছিল উলছাৱম, কদাৰুমাসম, নেল্লু, স্বপ্নাদনম, উঞ্জল, আলিংগনম, অভিনন্দনম, সিন্দুৰাম, তিৰুমাধুৰাম, আৰু অনুৰাগম। স্বপ্নাদনম ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। ভদ্ৰকালি ছবিখনত অতি জনপ্ৰিয় তামিল চিনেমা গীতটোত ৰাণী চন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

মৃত্যু

১৯৭৬ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ ১৭১ বিমান দুৰ্ঘটনাত ৰাণী চন্দ্ৰা, তেওঁৰ মাতৃ আৰু তিনিগৰাকী ভগ্নীৰ মৃত্যু হয়। বম্বেৰপৰা উভতি অহা বিমানত গৈ থকা অৱস্থাত তেওঁলোকৰ বিমানত জুই লাগি বিমানবন্দৰৰ সমীপত নাক ডুব যোৱাৰ ফলত বিমানত থকা সকলোৰে মৃত্যু হয়। মধ্যপ্ৰাচ্যত নৃত্য প্ৰদৰ্শন কৰি উভতি আহিছিল। বোম্বেৰপৰা মাদ্ৰাজলৈ যোৱা তেওঁলোকৰ পূৰ্বৰ বিমানখন টেক অফৰ কিছুসময়ৰ পাছতে বোম্বাইলৈ উভতি যায়। বিমানখন আৰু সকলো যাত্ৰীক পুনৰ বিমানখনত উঠাই দিয়া হয়। মৃতসকলৰ ভিতৰত তেওঁৰ সংগীত দলৰ সদস্যও আছিল।

মৃত্যুৰ পাছত ভদ্ৰকালি চিনেমাখনৰ অসমাপ্ত অংশটো ডাবল ব্যৱহাৰ কৰি শেষ কৰা হয়। ৰাণী চন্দ্ৰাৰ পূৰ্বৰ ফুটেজ ব্যৱহাৰ কৰি চিনেমাখনৰ অন্ত পৰে।

তথ্যসূত্ৰ

  1. ↑ റാണിചന്ദ്ര-നോവിക്കുന്ന ഓര്‍മ്മ
  2. ↑ CiniDiary
  3. ↑ Imprints On Indian Film Screen: Rani Chandra

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী চন্দ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৯৭৩৮০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।