ৰেণ্ডি ব্ৰেন ( ইংৰাজী: Randi Brænne; ২৬ মে' ১৯১১ – ১ জুন ২০০৪) আছিল এগৰাকী নৰৱেৰ অভিনেত্ৰী।১
জীৱনী
ব্ৰেনৰ জন্ম হৈছিল নৰৱেৰ ক্ৰিষ্টিয়ানিয়া (বৰ্তমান অছলো)ত। ছিগমাণ্ড ব্ৰেন আৰু বডিল উইঞ্জৰ কন্যা আৰু অভিনেত্ৰী আৰু লেখিকা বেৰিট ব্ৰেন (১৯১৮–১৯৭৬)ৰ ভগ্নী। ৰেণ্ডী ব্ৰেনৰ বিবাহ হৈছিল দুজন অভিনয় সহকৰ্মীৰ সৈতে; ফ্ৰিথজফ ফেয়াৰ্নলি (১৮৯৬–১৯৭১) আৰু ফ্ৰেংক ৰবাৰ্ট (১৯১৮–২০০৭)।২৩
১৯৩৪ চনত ডেট নাই টিটাৰত মঞ্চত তেওঁৰ অভিষেক ঘটে। ১৯৭১ চনৰ পৰা ১৯৮২ চনত অৱসৰ লোৱালৈকে তেওঁ স্থায়ীভাৱে ৰিস্কটেট্ৰেটত নিয়োজিত হয়।
তেওঁৰ কেইবাটাও চলচ্চিত্ৰৰ চৰিত্ৰ আছিল। তেওঁৰ আটাইতকৈ পৰিচিত চলচ্চিত্ৰ অভিনয়ৰ ভিতৰত আছিল Du har lovet mig en kone! (১৯৩৫), Vi som går kjøkkenveien (১৯৩৩), আৰু Fantegutten (১৯৩২)।৪
ফিল্মোগ্ৰাফী
- ১৯৩২: Fantegutten
- ১৯৩৩: Vi som går kjøkkenveien
- ১৯৩৪: Synnöve Solbakken
- ১৯৩৫: Du har lovet mig en kone!
- ১৯৩৬: Gylne ungdom
- ১৯৫৯: Unga syndare
- ১৯৬১: Bussen
- ১৯৬১: Et øye på hver finger
- ১৯৯৬: Gåten Knut Hamsun (TV)
তথ্যসূত্ৰ
- ↑ Godal. Randi Brænne. Store norske leksikon. Norsk nettleksikon
- ↑ Berit Brænne. Norsk biografisk leksikon
- ↑ Frank Robert. Norsk biografisk leksikon
- ↑ Randi Brænne. IMDb.com, Inc.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণ্ডি ব্ৰেন” প্ৰবন্ধৰ সংশোধন ৫১৫৩০১ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।