হামিদেহ খেইৰাবাদী (জন্ম ২১ ডিচেম্বৰ, ১৯২৪ – মৃত্যু ১৯ এপ্ৰিল, ২০১০) আছিল এগৰাকী ইৰানী চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। তেওঁ ২০০তকৈও অধিক পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু ২০টাতকৈও অধিক দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছিল। ইৰানত তেওঁক মৰমেৰে নাদেৰেহ আৰু ইৰানী চিনেমাৰ মাতৃ বুলি সম্বোধন কৰা হয়।
জীৱন আৰু কৰ্মজীৱন
হামিদেহ খেইৰাবাদীৰ জন্ম ইৰানৰ গিলান প্ৰদেশৰ ৰাজধানী ৰাষ্টত হৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হ’লেও তেওঁ পঢ়া-শুনা চলাই গৈছিল আৰু মাধ্যমিক শিক্ষাও সম্পূৰ্ণ কৰিছিল। ১৯৫০ চনৰ মাজভাগত তেওঁ স্বামীৰ সৈতে বিবাহবিচ্ছেদ কৰে আৰু তাৰ পিছৰে পৰা কন্যা চৰায়া কাছেমীৰ সৈতে বাস কৰিবলৈ লয়। খেইৰাবাদীৰ অভিনয় জীৱন ১৯৪৭ চনত থিয়েটাৰৰ জৰিয়তে আৰম্ভ হৈছিল।
হামিদেহ খেইৰাবাদীয়ে ইৰানৰ বহু কেইগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক যেনে আলী হাতামী, দাৰিউশ্ব মেহৰ্জুই, মাছূদ কিমিয়ায়ী, মহছেন মাখমালবাফ, চিৰুছ আলভান্দ, চিৰুছ মোগাদ্দাম আৰু তাহমিনেহ মিলানিৰ সৈতে কাম কৰিছিল। তেওঁ তিনিবাৰকৈ ক্ৰিষ্টাল চিমৰ্গ বঁটাৰ বাবে মনোনীত হৈছিল। ২০০৮ চনৰ ৫ জানুৱাৰীত তেহৰাণৰ আৰিকেহ-ই ইৰানিয়ান হলত অনুষ্ঠিত হোৱা ইৰানৰ দ্বিতীয় ‘স্ক্ৰীন এক্টৰ্ছ চেলিব্ৰেশ্যন’ত খেইৰাবাদীক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়।১

প্ৰকাশিত তথ্য অনুসৰি, অভিনয়ৰ পৰা ছয় বছৰ আঁতৰি থকাৰ পিছত ২০১০ চনৰ ২৩ এপ্ৰিলত আবুলহছান দাভৌদীৰ পৰিচালনাত নিৰ্মিত জমিন-ই এনছান-হা নামৰ ধাৰাবাহিক এখনত নিজৰ চৰিত্ৰতে অভিনয় কৰি খেইৰাবাদীয়ে পুনৰ কেমেৰাৰ সন্মুখলৈ অহাৰ পৰিকল্পনা কৰা হৈছিল।২
২০১০ চনৰ ১৯ এপ্ৰিল সোমবাৰে নিশা তেহৰাণৰ নিজা বাসগৃহত ৮৬ বছৰ বয়সত হামিদেহ খেইৰাবাদীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কাৰণ মগজুৰ ষ্ট্ৰোক বুলি জানিব পৰা গৈছে।৩ ২০১০ চনৰ ২০ এপ্ৰিল মঙলবাৰে তেহৰাণৰ বেহেষ্ট-ই জহ্ৰা কবৰস্থানৰ ৬৬ নম্বৰ খণ্ডত তেওঁক সমাধিস্থ কৰা হয়।৪৫
নিৰ্বাচিত চলচ্চিত্ৰপঞ্জী
হামিদেহ খেইৰাবাদীৰ এক বিস্তৃত চলচ্চিত্ৰপঞ্জী গিলাকী ৱিকিপিডিয়াত পোৱা যায়।৬ বৰ্তমান ইয়াৰ তুলনাত কম বিস্তৃত চলচ্চিত্ৰপঞ্জী এখন ফাৰ্চী ৱিকিপিডিয়াতো উপলব্ধ।৭ তলত কেৱল তেওঁৰ নিৰ্বাচিত কিছুমান চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ তালিকা দিয়া হ’ল।
পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
- আমিৰ আৰছালান-ই নামদাৰ, ১৯৫৫, পৰিচালনা: শ্বাপুৰ ইয়াছামী
- আলমাছ ৩৩, ১৯৬৭, পৰিচালনা: দাৰিউশ্ব মেহৰ্জুই
- ৰেজা মটৰচাইক্লিষ্ট, ১৯৭০, পৰিচালনা: মাছূদ কিমিয়ায়ী
- উড পিজন, ১৯৭০, পৰিচালনা: আলী হাতামী
- বাবা শামাল, ১৯৭১, পৰিচালনা: আলী হাতামী
- মেহদী ইন ব্লেক এণ্ড হট মিনি পেণ্টছ, ১৯৭২
- শাব-ই আফতাবী, ১৯৭৭, পৰিচালনা: চিৰুছ আলভান্দ
- দ্য টেনাণ্টছ, ১৯৮৬, পৰিচালনা: দাৰিউশ্ব মেহৰ্জুই
- মাদাৰ, ১৯৮৯, পৰিচালনা: আলী হাতামী
- দ্য চিলড্ৰেন অৱ ডিভোৰ্চ, ১৯৮৯, পৰিচালনা: তাহমিনেহ মিলানি
- বানো, ১৯৯১, পৰিচালনা: داৰিউশ্ব মেহৰ্জুই
- দ্য এক্টৰ, ১৯৯২, পৰিচালনা: মহছেন মাখমালবাফ
- দ্য বাৰ্থডে-ছং, ২০০৪, পৰিচালনা: আলী গাৱিতান
দূৰদৰ্শন ধাৰাবাহিক
- পেদৰ ছালাৰ, ১৯৯৩, পৰিচালনা: আকবৰ খাজাৱী
- দ্য গ্ৰীণ হোম, ১৯৯৬, পৰিচালনা: বিজন বীৰং আৰু মাছূদ ৰাছাম
বাহ্যিক সংযোগ
- Filmography at irancinema.ir
- Mother of Iranian cinema Hamideh Kheirabadi dies at 86, Tehran Times, Wednesday 21 April 2010: .
- Some photographs, published by Iranian Students' News Agency, ISNA, taken in Behesht-e Zahra cemetery on Tuesday 20 April 2010: (1), (2), (3). Photograph (1) shows the graveside immediately after the burial. Photograph (2) shows Sorayyā Ghāsemi (r) in conversation with Ali Nasirian (l); the person in the middle is not identified. Photograph (3) shows the graveside of Ms Hamideh Kheirābādi, with Ali Nasirian sitting on the right.
- A photo-reportage, by Fars News Agency, of the memorial service of Ms Hamideh Kheirābādi, held in Vali-yye Asr Mosque in Tehran, on Thursday 22 April 2010: .
তথ্যসূত্ৰ
- ↑ Mother of Iranian cinema Hamideh Kheirabadi dies at 86, Tehran Times, Wednesday 21 April 2010:
- ↑ The sadness as intensive as the ingenious smiles of the mother of the Iranian cinema, in Persian, Khabar Online, Tuesday 20 April 2010: اندوهی به ابعاد گرمای لبخند صمیمانه مادر سینمای ایران
- ↑ The sadness as intensive as the ingenious smiles of the mother of the Iranian cinema, ibid
- ↑ Section 66 is not The Artists' Section of Behesht-e Zahra Cemetery where normally artists are buried. According to the Tehran Times (Wednesday, 21 April 2010), this was in conformity with Kheirabadi's own wish to be buried next to the graves of her departed family members. See: Mother of Iranian cinema Hamideh Kheirabadi dies at 86, Tehran Times, ibid
- ↑ (20 April 2010). Mother of Iranian cinema Kheirabadi dies at 86. Tehran Times
- ↑ Hamideh Kheirābādi, Gilaki Wikipedia
- ↑ Hamideh Kheirābādi, Persian Wikipedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামিদেহ খেইৰাবাদী” প্ৰবন্ধৰ সংশোধন ৬১০৪৫৯ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।