ইতিহাসৰ আজিৰ দিনত
২৫ আগষ্ট
ঘটনাৱলী
- ১৫২৪পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামাৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমণ ঘটিছিল।
- ১৬০৯গেলিলিঅ' গেলিলিয়ে ভেনিছৰ আইন প্ৰণেতা সকলৰ আগত তেওঁৰ প্ৰথম টেলিস্কোপ প্ৰদৰ্শন কৰে।
- ১৮২৫উৰুগুৱে ব্ৰাজিলৰ পৰা স্বাধীন হয়।
- ১৮৮৮অসমীয়া সাহিত্য বিষয়ক সংগঠন বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল।
- ১৯১৭ব্ৰিটিছে সেনাবাহিনীৰ ভাৰতীয়কৰণৰ দিশত প্ৰথম উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰে।
- ১৯৫৭ভাৰতীয় প'লো খেলৰ দলে ফ্ৰান্সত বিশ্বকাপ জিকে।
- ১৯৬৬মানৱবিহীন মহাকাশযান ‘‘অৰবিটাৰ-১’’ৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। আনহাতে প্ৰথম ফটোখন ২৩ আগষ্টত লৈছিল।
- ১৯৮৬কেমেৰুণত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত ১৫০০ লোকৰ মৃত্যু হয়।
জন্ম
- ১৫৩০আইভান দা টেৰিবল বা আইভান চতুৰ্থ, ৰাছিয়াৰ প্ৰথম জাৰ।
- ১৮৬৬টমাছ হাণ্ট মৰ্গান, জীৱবিজ্ঞানী, ১৯৩৩ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৮৮৮আল্লামা মাশ্ৰিকী, এজন গণিতজ্ঞ, পণ্ডিত আৰু খাকছাৰ আন্দোলনৰ প্ৰতিষ্ঠাতা।
- ১৮৯৭উইলিয়াম ফকনাৰ, আমেৰিকান ঔপন্যাসিক।
- ১৯৬২ৰাজীৱ কাপুৰ, অভিনেতা। (মৃঃ ০৯/০২/২০২১)
- ১৯৬২তছলিমা নাছৰিন, বাংলাদেশৰ লেখিকা, নাৰীবাদী, নাস্তিকবাদী আৰু মানৱতাবাদী সমাজকৰ্মী।
- ১৯৮৭ব্লেক লাইভলী, হলীউডৰ অভিনেত্ৰী।
- ১৯৯৪বিনেশ ফোগাট, ভাৰতীয় মহিলা মল্লযঁজাৰু, কমনৱেলথ আৰু এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা মল্লযঁজাৰু।
মৃত্যু
- ১৭৭৬ডেভিদ হিউম, স্কটিছ দাৰ্শনিক আৰু ইতিহাসবিদ।
- ১৮১৯জে’মচ্ ৱাট, স্কটিছ বিজ্ঞানী, যান্ত্ৰিক অভিযন্তা আৰু ৰসায়নবিদ, ৱাট বাষ্প চালিত ইঞ্জিন বা ৱাট ভাপ ইঞ্জিনৰ উদ্ভাৱক।
- ১৮২২ৱিলিয়াম হাৰ্ছেল, জাৰ্মান-ব্ৰিটিছ জ্যোতিৰ্বিদ, অৱলোহিত বিকিৰণ (infrared radiation) আৰু ইউৰেনাচ গ্ৰহৰ আৱিষ্কৰ্তা, ৮৩ বছৰ বয়সত মৃত্যু হয়।
- ১৮৬৭মাইকেল ফেৰাডে, পদাৰ্থ বিজ্ঞানী, বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত হৈছিল। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
- ১৯০৮হেনৰী বেকেৰেল, ফৰাচী পদাৰ্থবিজ্ঞানী, তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰক, ১৯০৩ চনত নোবেল বঁটা লাভ কৰে। ৫৫ বছৰ বয়সত মৃত্য়ু হয়।
- ১৯৪২হেমৰাম বৰা, স্বাধীনতা সেনানী, মিলিটেৰীৰ গুলিত মৃত্যুৰ মুখত পৰে।
- ১৯৭০এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
- ২০০১আলিয়াহ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী, বাহামাত বিমান দূৰ্ঘটনা হৈ মৃত্যু হয়।
- ২০১২নীল আৰ্মষ্ট্ৰংৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্চ), চন্দ্ৰত ভৰি দিয়া প্ৰথম মানৱ, টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক আছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ