অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৪ আগষ্ট

ঘটনাৱলী

  • ১৬০৮ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।
  • ১৮১৪ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)
  • ১৯৬৯বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।
  • ১৯৭৪ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
  • ১৯৯১ইউক্ৰেইনে ছ'ভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
  • ২০০৮বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।

জন্ম

  • ১৮৪৬হেনৰী গেনেট (Henry Gannett), আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্ট'গ্ৰাফাৰ।
  • ১৯০৮ৰাজগুৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৪২কাৰেণ কেছকুল্লা উলেনবেক, এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ।
  • ১৯৪৪ৰকি জনছন, মল্লযুঁজাৰু, হলীউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ডৱেন "দ্য ৰক" জনছনৰ পিতৃ।
  • ১৯৪৫ভিন্স মেকমাহন, ডব্লিউ ডব্লিউ ইৰ (WWE) মুৰব্বী, মল্লযুঁজাৰু।
  • ১৯৬৩হিডৌ ক'জিমা, ভিডিঅ' গেমৰ নিৰ্মাতা।
  • ১৯৬৫মাৰ্লি মেটলিন, অমেৰিকান অভিনেত্ৰী, অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী।
  • ১৯৬৯মুকেশ তিৱাৰী, অভিনেতা।
  • ১৯৮৬শান্তনু ভাগ্যৰাজ, প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৮পদ্মনাভ বৰদলৈ, ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।
  • ১৯৯০এলিজাবেথ ডেবিকি, ফৰাচী অভিনেত্ৰী।
  • ১৯৯৭এলান ৱাকাৰ, জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডি জে (DJ)।

মৃত্যু

  • ১৮৮৮ৰুডল্ফ ক্ল'ছিয়াছ (ইংঃ Rudolf Clausius), জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ (second law of thermodynamics) আৰু এনট্ৰ'পি (entropy) সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯২৫ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰ, সমাজ সংস্কাৰক।
  • ১৯৮৯ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱা, বিপ্লৱী, কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী।
  • ২০১৪ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক।
  • ২০১৯অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
  • ২০২০জীৱেশ্বৰ ডেকা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ