ইতিহাসৰ আজিৰ দিনত
২৬ আগষ্ট
ঘটনাৱলী
- ১৩০৩আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
- ১৯০৭ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
- ১৯৪৩আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
- ২০০২প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত ডী ডী অসমত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
জন্ম
- ১৬৭৬ৰবাৰ্ট ৱালপ'ল, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী।
- ১৭৪৩এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ, আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী।
- ১৮৭৩লী ডি ফৰেষ্ট, বিজ্ঞানী, ট্ৰায়ড আৰু ফোন'ফিল্মৰ উদ্ভাৱক।
- ১৯০৬এলবাৰ্ট ছাবিন, চিকিৎসা বিজ্ঞানী, মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক।
- ১৯১০মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
- ১৯২১মেক্সিম ফেগেট, আমেৰিকান মহাকাশযানৰ অভিযন্তা।
- ১৯৫৬মেনকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ।
- ১৯৫৯কেথৰিন পি হায়াৰ, নাছাৰ মহিলা মহাকাশচাৰী।
- ১৯৬৮মধুৰ ভাণ্ডাৰকৰ, কথাছবি নিৰ্মাতা আৰু পৰিচালক।
- ১৯৭৩ইন্দৰ কুমাৰ, বলীউডৰ অভিনেতা। (মৃ্ঃ ১৮ জুলাই, ২০১৭)
মৃত্যু
- ১৭১৩ডেনিছ পাপিন (Denis Papin), পদাৰ্থ বিজ্ঞানী, প্ৰেচাৰ কুকাৰৰ উদ্ভাৱক।
- ১৭২৩লিউৱেনহুক, ডাচ্ছ্ বিজ্ঞানী, প্ৰথমজন অণুজীৱ বিজ্ঞানী, অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজিৰ পিতৃপুৰুষ, বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
- ১৮৫০লুইছ-ফিলিপ-১, ফ্ৰান্সৰ ৰজা।
- ১৯০৮ফ্ৰেইড্ৰিক মেইচছাৰ (Friedrich Miescher), চুইছ জীৱ বিজ্ঞানী, নিউক্লিক এছিডৰ আৱিষ্কাৰক।
- ১৯১০ৱিলিয়াম জেমছ, আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী।
- ২০১২অৱতাৰ কিষাণ হাঙ্গল, স্বাধীনতা সংগ্ৰামী আৰু অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ