ইতিহাসৰ আজিৰ দিনত
২৭ মে’
ঘটনাৱলী
- ১৯০১ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল।
- ১৯১৯জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।
- ১৯৫২ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।
জন্ম
- ১৩৩২ইবন খালদুন, উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত, বিখ্য়াত কিতাপ 'মুকদ্দিমাহ'। (মৃত্য়ুঃ ১৪০৬)
- ১৮৫২বিলি বাৰ্নছ, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
- ১৯০৭ৰাচেল কাৰ্ছন, আমেৰিকান জীৱবিজ্ঞানী।
- ১৯৩৮ভালচন্দ্ৰ নেমাডে, ভাৰতীয় সাহিত্যিক।
- ১৯৫৭নীতিন জয়ৰাম গাডকাৰী, ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।
- ১৯৫৯ডনা থিয় ষ্ট্ৰিকলেণ্ড, কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।
- ১৯৬২ৰবি শাস্ত্ৰী, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৭৭মাহেলা জয়াবৰ্ধনে, শ্ৰীলংকাৰ ক্ৰিকেটাৰ।
মৃত্যু
- ১৯১০ৰবাৰ্ট কখ, ন'বেল বঁটা বিজয়ী জাৰ্মান জীৱ বিজ্ঞানী, যক্ষ্মা, কলেৰা আৰু এনথ্ৰাক্স বেক্টেৰিয়াৰ আৱিষ্কাৰক।
- ১৯১৪জোছেফ শ্বান, ইংৰাজ পদাৰ্থ বিজ্ঞানী।
- ১৯৬৪জৱাহৰলাল নেহৰু, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী।
- ১৯৮৬অজয় মুখাৰ্জী, ভাৰতীয় ৰাজনৈতিক নেতা, পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০১৯মণি কুমাৰ চুব্বা, অসমৰ ৰাজনৈতিক নেতা।
- ২০২১দিলীপ বৰুৱা, অসমৰ শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ