ইতিহাসৰ আজিৰ দিনত
১৭ নৱেম্বৰ
ঘটনাৱলী
- ১৫২৫বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল।
- ১৫৫৮কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয়।
- ১৮৫৭চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্ণৌ দখল কৰে।
- ১৮৬৯ইজিপ্তত ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা ছুৱেজ খাল উদ্বোধন কৰা হয়।
- ১৯১৯দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
- ১৯৩২তৃতীয় তথা অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। উল্লেখ্য যে এই মেজমেলখন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ।
- ১৯৩৯ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে।
- ২০০০শিৱসাগৰ জিলাৰ বিহুবৰত সন্দেহযুক্ত সংযুক্ত মুক্তি বাহিনী, অসমৰ দ্বাৰা ৭জন লোকক গুলীয়াই হত্যা কৰা হৈছিল।
- ২০১২ইজিপ্তৰ মানফালুতৰ ওচৰৰ ৰে'লৱে ক্ৰছিংত সংঘটিত দুৰ্ঘটনাত কমেও ৫০ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।
- ২০১৯কোভিড-১৯ত আক্ৰান্ত হোৱা প্ৰথম জন ব্যক্তি ধৰা পৰে। ৫৫ বছৰীয়া এই ব্যক্তিজনে চীনৰ হুবেই প্ৰদেশৰ উহানৰ কোনোবা এখন বজাৰ পৰিভ্ৰমণ কৰিছিল।
জন্ম
- ১৫০৩ব্ৰনজিনো, ইটালিয়ান চিত্ৰকৰ।
- ১৯২০জেমিনী গণেশন, ভাৰতীয় অভিনেতা।
- ১৯২৫ৰক হাডছন, আমেৰিকান অভিনেতা।
- ১৯৮২ইউছুফ পাঠান, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
- ১৯২৮লালা লাজপত ৰায়, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, লেখক আৰু ৰাজনীতিবিদ। ১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে তেখেতে জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ পঞ্জাব কেশৰী নামেৰে জনপ্ৰিয় আছিল। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ তিনিজন সদস্যৰ এজন আছিল।
- ১৯৬২যশৱন্ত সিং ৰাৱত, ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ সৈনিক।
- ১৯৭৬মৌলানা আব্দুল হামিদ ভাসানী, বাংলাদেশী ৰাজনীতিবিদ। তেওঁৰ ৰাজনৈতিক কাৰ্যকাল ব্ৰিটিছ ঔপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশ পৰ্য্যন্ত বিস্তৃত আছিল।
- ১৯৮৫জগদীশ চন্দ্ৰ মেধি, ভাৰতৰ স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম হৈছিল ১৯০৪ চনত বৰপেটা জিলাত। ছাত্ৰ অৱস্থাতে অসহযোগ আন্দোলনত যোগ দি বিদ্যালয় ত্যাগ কৰিব লগা হয়। মেধিয়ে ব্ৰিটিছ বিৰোধী বক্তৃতা দিয়া বাবে ১৯৪১ চনত ছয়মাহ কাৰাবাস খাটিবলগীয়া হয়। তাৰপিছত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি পুনৰ তেওঁ কাৰাগাৰলৈ যাবলগীয়া হয়। জগদীশ চন্দ্ৰ মেধি প্ৰথমাৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত আছিল যদিও ১৯৫০ চনত তেওঁ কিছুদিনৰ বাবে জে পি কৃপালিনীয়ে আৰম্ভ কৰা কিষান মজদুৰ পাৰ্টিত যোগদান কৰিছিল।
- ২০১১ৰেণু শইকীয়া, অসমীয়া অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ