অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৬ নৱেম্বৰ

ঘটনাৱলী

  • ১৯৪৯ভাৰতৰ সংবিধানৰচনাৰ কাম সম্পূৰ্ণ হয়।
  • ১৯৯৮এক মহাজাগতিক পৰিঘটনাৰ ফলত বিভিন্ন ঠাইত উল্কাবৃষ্টি হৈছিল।
  • ২০০০দক্ষিণ আফ্ৰিকাৰ লুৱাণ্ডাৰ বিমান বন্দৰৰ কাষত এখন ৰুছ বিমান বিধ্বস্ত হৈ ৪৫জন যাত্ৰীয়ে মৃত্যুক সাৱতি লৈছিল।
  • ২০০২পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত হৈছিল।
  • ২০১১মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা হোৱাই দিছ কোলাৱেৰী ডি শীৰ্ষক গীতটো মুক্তি দিয়া হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
  • ২০১৩স্বনামধন্য ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ-এ তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

জন্ম

  • ১৮৯৪বেণুধৰ শৰ্মা, অসমীয়া বুৰঞ্জীবিদ আৰু সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী। বেণুধৰ শৰ্মা আছিল সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত দ্বিতীয়গৰাকী অসমীয়া(গ্ৰন্থখনৰ নাম আছিল— কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত)। ১৯৫৬ চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ সভাপতি আসন গ্ৰহণ কৰা বেণুধৰ শৰ্মাক ১৯৮৩ চনত মৰণোত্তৰভাৱে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আগবঢ়োৱা হয়। এইগৰাকী বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত জীৱনাসন ঘটে।
  • ১৯০৮বি এন ৰেড্ডী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৮৫আদিত্য ৰয় কাপুৰ, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৯৭৬জেক ফষ্টাৰ, ইংৰাজ ক্ৰিকেটাৰ।
  • ১৯৯২বীৰেন্দ্ৰ কুমাৰ ফুকন, অসমীয়া সংগীতজ্ঞ।
  • ২০১২সুভাষ দত্ত, বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ