অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৮ নৱেম্বৰ

ঘটনাৱলী

  • ১৭২৭জয়পুৰ চহৰ প্ৰতিষ্ঠা হয়। এই চহৰৰ প্ৰধান স্থপিতবিদ আছিল বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী।
  • ১৯৭২বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পশু আছিল "সিংহ।

জন্ম

  • ১৯৫০জিতেন্দ্ৰনাথ গোস্বামী, ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান "চন্দ্ৰযান-১"ৰ মুখ্য বিজ্ঞানী।
  • ১৯৫৪ৰঞ্জন গগৈ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া হোৱাৰ লগতে উত্তৰ-পূৱ ভাৰতৰো প্ৰথমগৰাকী ব্যক্তি।
  • ১৯৬৯চন্দনা গোস্বামী, অসমীয়া ঔপন্যাসিক। ২০১২ চনত তেখেতে অসমীয়া ভাষাত "পাটকাই ইপাৰে মোৰ দেশ" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
  • ১৯৭২জুবিন গাৰ্গ, অসমীয়া কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, কবি।
  • ১৯৮২জাষ্টিন এন্থনি নেপ, ৱিকিপিডিয়া ব্যৱহাৰকাৰী।
  • ১৯৮৪নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৫শান্তাৰাম বাপু, অন্যনাম শান্তাৰাম ৰাজাৰাম ভানকুৰ, ভাৰতীয় নিৰ্মাতা, প্ৰযোজক, অভিনেতা। তেঁও চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান "দাদাচাহেব ফাল্কে" বঁটা লাভ কৰিছিল। ১৯৯২ চনত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ তেওঁলৈ আগবঢ়োৱা হয়। মৃত্যু ৩০ অক্টোবৰ ১৯৯০ চন।

মৃত্যু

  • ১৮৮৭গুস্তাভ ডিওডৰ ফেচনাৰ, জাৰ্মান পৰীক্ষামূলক মনোবিজ্ঞানী, দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী।
  • ১৯২২মাৰ্চেল প্ৰুষ্ট, ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
  • ১৯৪১ৱাল্টাৰ হেৰমান নাৰ্নষ্ট, খ্যাতনামা জাৰ্মান বিজ্ঞানী। ১৯২০ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৬২নিলছ্ ব'ৰ, ডেনমাৰ্কৰ পদাৰ্থ বিজ্ঞানী।
  • ১৯৬৭ৰঘুনাথ চৌধাৰী, বিহগী কবি হিচাপে খ্যাত অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ