অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱানইণ্ডিয়া

ৱানইণ্ডিয়া (OneIndia.com) হৈছে এটা ভাৰতীয় অনলাইন সংবাদ প'ৰ্টেল, যি ২০০৬ চনৰ জানুৱাৰীত বি. জি. মহেশৰ দ্বাৰা স্থাপিত হৈছিল। ৱানইণ্ডিয়া ৱেবছাইটটো ইংৰাজী, হিন্দী, কন্নড়, তেলুগু, তামিল, মালয়ালম, বাংলা আৰু গুজৰাটী ভাষাত উপলব্ধ।

হালনাগাদ: ৭ আগষ্ট ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ৱানইণ্ডিয়া (OneIndia.com) হৈছে এটা ভাৰতীয় অনলাইন সংবাদ প'ৰ্টেল, যি ২০০৬ চনৰ জানুৱাৰীত বি. জি. মহেশৰ দ্বাৰা স্থাপিত হৈছিল।১২

ৱানইণ্ডিয়া ৱেবছাইটটো ইংৰাজী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, তেলুগু ভাষা, তামিল ভাষা, মালয়ালম ভাষা, বঙালী ভাষা আৰু গুজৰাটী ভাষা ভাষাত উপলব্ধ।৩

ইতিহাস

ৱানইণ্ডিয়া ৱেবছাইটটো ২০০৬ চনৰ জানুৱাৰীত স্থাপিত হৈছিল। ৱানইণ্ডিয়া গ্ৰেইনিয়াম ইনফৰ্মেচন টেকন’লজিজ্‌ প্ৰাইভেট লিমিটেডৰ অধীনত চলি আছে, যাৰ মুখ্য কাৰ্যালয় বেঙ্গালুৰুত অৱস্থিত। ২০১৬ চনত ডেইলীহাণ্টে এই প'ৰ্টেলৰ ১৫% শ্বেয়াৰ অধিগ্ৰহণ কৰিছিল।২ ২০২৪ চনত ৱানইণ্ডিয়াই নিজৰ ব্ৰাণ্ড পৰিচয় পুনঃনবীকৰণ কৰে আৰু নতুন ল’গ’ উন্মোচন কৰে।৪

বৈশিষ্ট্য

ৱানইণ্ডিয়াই বিভিন্ন শাখাত সংবাদ প্ৰদান কৰে:

  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰিৰ আপডেট
  • ক্ৰীড়া, চলচ্চিত্ৰ, ভ্ৰমণ, জীৱনশৈলী আৰু বাণিজ্য সংক্ৰান্ত তথ্য
  • ভিডিঅ', ৰাজনৈতিক ভাষ্য, আৰু অপ-এড (op-ed) বিষয়বস্তু
  • স্থানীয় ভাষাৰ সংবাদ প্লেটফৰ্মসমূহ

ভাষা অনুসৰি প'ৰ্টেল

OneIndia-ৰ প্ৰতিখন ভাষাৰ বাবে স্বতন্ত্ৰ প'ৰ্টেল আছে:

সমালোচনা আৰু প্ৰভাৱ

ৱানইণ্ডিয়া কেৱল সংবাদ প'ৰ্টেল হিচাপে নহয়, ই ডিজিটেল মিডিয়া প্লেটফৰ্ম হিচাপেও সুপ্ৰসিদ্ধ। যদিও একাংশ সময়ত ক্লিকবেইট শিৰোনাম ব্যৱহাৰৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল, তথাপিও ই বহু লোকৰ বাবে স্থানীয় ভাষাত সংবাদৰ সহজ উৎস হৈ পৰিছে। ২০২১ চনত ইয়াৰ এলেক্সা ৰেংকিং ভাৰতত ১৩৪ আছিল।৫

তথ্যসূত্ৰ

  1. ↑ Haneef, M. Shuaib Mohamed; Khan, Aquil Ahmad. (2020). Platform Capitalism in India. Springer International Publishing. পৃ. 158–175. ISBN 9783030445638
  2. ↑ Sharma, Samidha. (18 June 2016). Dailyhunt buys 15% in Oneindia to push video, audio content. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (11 April 2007). Oneindia Portals Complete 7 Years. Techtree
  4. ↑ (2024). Oneindia Unveils Reimagined Identity: Unified, Unbound, Open. Oneindia
  5. ↑ (8 June 2021). oneindia.com siteinfo. Alexa Internet

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱানইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫৩০৮৬৯ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।