ৰেখা মিশ্ৰ (Rekha Mishra; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় পুলিচ বিষয়া। তেওঁ আৰ পি এফত (ৰেলৱে প্ৰটেকচন ফ'ৰ্ছ)ত কাম কৰে। এশতকৈ অধিক শিশুক সফলতাৰে উদ্ধাৰ কৰাৰ বাবে তেওঁক জনা যায়। ২০১৮ চনত তেওঁক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।
সংক্ষিপ্ত জীৱনী
১৯৮৬ চনত ৰেখা মিশ্ৰৰ জন্ম হৈছিল। তেওঁলোক উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ এলাহাবাদ জিলাৰ কৌৰিহাৰ খণ্ডৰ কাঞ্জিয়া গাঁৱৰ নিবাসী।১ মিশ্ৰ এনে এটা পৰিয়ালৰ সন্তান, য’ত সামৰিক ক্ষেত্ৰত কাম কৰি দেশৰ প্ৰতি সেৱা আগবঢ়োৱাটো এক পৰম্পৰা আছিল। ৰেখাই তেওঁৰ পৰিয়ালৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা অনুশাসনৰ অনুশীলন ৰূপে ৰেল আৰক্ষীৰ কেৰিয়াৰ বাছনি কৰিছিল।২
২০১৪ চনত ৰেখাই ৰেল সুৰক্ষা বাহিনীত (ৰেলৱে প্ৰটেকচন ফ'ৰ্ছ/ চমুকৈ আৰ পি এফ) যোগদান কৰে আৰু ছত্ৰপতি শিৱাজী টাৰমিনাচত নিযুক্তি পায়। তেওঁ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আছিল। যিবোৰ শিশু ৰেলেৰে আহি শেষ ষ্টেচনত উপস্থিত হৈ তাৰপিছত ক'লৈ যাব এই ভাবি দিশহাৰা হৈছিল, ৰেখা আৰু তেওঁৰ সহকৰ্মীসকলে তেনে শিশু/কিশোৰহঁতক উদ্ধাৰ কৰাত দক্ষতাৰ পৰিচয় দিছিল। ২ ২০১৮ চনৰ ভিতৰত ৰেখাই মুম্বাইলৈ পলাই অহা এনে শ শ শিশুক চিনাক্ত কৰিছিল, যি বলীউডৰ চলচ্চিত্ৰ তাৰকাসকলক লগ কৰিবলৈ বা ফেচবুকত চিনাকী হোৱা অচিনাকী লোকক লগ পাবলৈ বুলি নিৰ্বোধভাৱে এই ডাঙৰ চহৰখনলৈ আহিছিল।১
তেওঁ আগবঢ়োৱা সেৱাৰ বাবে, ২০১৮ চনৰ ৮ মাৰ্চৰ আন্তৰ্জাতিক মহিলা দিৱসৰ দিনা ৰেখা মিশ্ৰক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰিছিল।৩ অনুষ্ঠানটোত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মেনকা সঞ্জয় গান্ধী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল। সেইদিনা প্ৰায় ত্ৰিশজন লোকক স্বীকৃতি দিয়া হৈছিল, ৰেখা মিশ্ৰই এই বঁটাৰ ১,০০,০০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিছিল।৪নাৰী শক্তি পুৰস্কাৰ আৰু এক লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ পিছত পুৰস্কাৰৰ এই টকাখিনি ‘চাইল্ডলাইন’ নামৰ এটি সেচ্ছাসেৱী সংগঠনলৈ ৰেখাই আগবঢ়ায়। এই সংগঠনটোৱে হেৰুৱা আৰু সমস্যাত ভোগা শিশুহঁতক উদ্ধাৰ কৰে আৰু সিহঁতৰ বাবে কাম কৰে। টকাখিনি দিওঁতে ৰেখাই কৈছিল যে, ‘এই টকাখিনি মোতকৈ তেওঁলোকৰহে বেছি প্ৰয়োজন।’.৫ ৰেখাই ভাৱে যে, মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিষদৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত মাৰাঠীত তেওঁৰ বিষয়ে এটি পাঠ সন্নিৱিষ্ট হোৱাটো তেওঁ লাভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ স্বীকৃতি।১পাঠটোৱে ৰেখা মিশ্ৰৰ কামৰ লগতে পলাই যোৱা শিশুহঁতৰ কেনে বিপদ হ’ব পাৰে এই বিষয়েও এটি সম্যক ধাৰণা দিয়ে। ২
তথ্যসূত্ৰ
- ↑ (13 June 2018). Railway Cop Saved Hundreds Of Kids. Now She Is A "Lesson" In Maharashtra. NDTV.com. Indo-Asian News Service
- ↑ Rekha Mishra RPF officer Saved 434 Runaway Children in 1 year at Chhatrapati Shivaji Terminal Mumbai. BookOfAchievers
- ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
- ↑ On International Women’s Day, the President conferred the prestigious Nari Shakti Puraskars to 30 eminent women and 9 distinguished Institutions for the year 2017. pib.gov.in
- ↑ Naik, Yogesh. (16 March 2018). Will decide on party’s future in a week: Rane. Mumbai Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৫৪১৭৯ (১৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।