অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰিঅ' (চলচ্চিত্ৰ)

ৰিঅ’ (ইংৰাজী: Rio) হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়। ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,৬০৫ শব্দ · ৯ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰিঅ’ (ইংৰাজী ভাষা: Rio) হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়।১ ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা। চলচ্চিত্ৰখনৰ শিৰোনামটোৱে ব্ৰাজিলৰ ৰিঅ’ দি জেনেইৰ' নগৰীক সূচায়, যি এই চলচ্চিত্ৰখনৰ পটভূমি। ইয়াত জেচ্ছি আইচেনবাৰ্গ, এন হেথাৱে, ৱিল.আই.এম, জেমি ফক্স, জৰ্জ ল'পেজ, ট্ৰেচি মৰ্গান, জেমেইন ক্লেমেণ্ট, লেছলি মেন, ৰ'ড্ৰিগো আৰু জেক টি. অ'ষ্টিনৰ কণ্ঠ সংগত কৰা হৈছে।২ ইয়াত ব্লু নামৰ এটা নীলা মতা ভাটৌৰ কাহিনী বৰ্ণোৱা হৈছে যাক ৰিঅ’ দি জেনেইৰ'লৈ এজনী নীলা মাইকী ভাটৌ জুৱেলৰ সৈতে মিলনৰ বাবে অনা হয়। চলচ্চিত্ৰখনৰ থীম সংগীত "টেলিং দ্য ৱৰ্ল্ড"ত টায়' ক্ৰুজে কণ্ঠদান কৰে।

ছালডেনহাই ১৯৯৫ চনতে ৰিঅ’ৰ কাহিনীটোৰ বিষয়ে ধাৰণা এটা তৈয়াৰ কৰে, য'ত এটা পেংগুইন ৰিঅ’ত আহি সোমাই পৰে। কিন্তু একেধৰণৰ চলচ্চিত্ৰ হেপ্পী ফিট আৰু ছাৰ্ফছ আপৰ নিৰ্মাণৰ কথা জানিব পাৰি কাহিনীটোত ভাটৌ তথা ৰিঅ’ত সিহঁতৰ পৰিৱেশ বিষয়টোক অন্তৰ্ভুক্ত কৰে। ২০০৬ চনত তেওঁ এই ধাৰণাটোৰ বিষয়ে ক্ৰিছ ৱেজৰ আগত প্ৰস্তাৱ ৰাখে আৰু মূল প্ৰকল্পটো ব্লু স্কাই ষ্টুডিঅ'ত ৰখা হয়। কণ্ঠদাতা অভিনয় শিল্পীসকল ২০০৯ চনত গোট খায়হি। নিৰ্মাণকালত গোটটোৱে ৰিঅ’ দি জেনেইৰ' পৰিভ্ৰমণ কৰে আৰু ব্ৰঙ্কছ চিৰিয়াখানাৰ এজন ভাটৌৰ বিশেষজ্ঞৰ লগত ইহঁতৰ চালচলন সম্পৰ্কে আলোচনা কৰে।

২০থ চেঞ্চুৰী ফক্সে ২০১১ চনৰ ২২ মাৰ্চত ব্ৰাজিলত আৰু ২০১১ চনৰ ১৫ এপ্ৰিলত ইউনাইটেড ষ্টেটছত ৰিঅ’ক মুক্তি দিয়ে। সাধাৰণভাৱে ছবিখনে চলচ্চিত্ৰ সমালোচকসকলৰ যোগাত্মক সমালোচনা লাভ কৰে। নিৰীক্ষকসকলে ভিজুৱেল, কণ্ঠ অভিনয় আৰু সংগীতৰ প্ৰশংসা কৰে। ইউনাইটেড ষ্টেটছত $১৪৩ মিলিয়ন আৰু বিশ্বজুৰি $৪৮৪ মুঠ আয়েৰে ছবিখনে বক্স অফিচতো সফলতা লাভ কৰে। ছবিখনে "ৰিয়েন ইন ৰিঅ’" শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ অৰিজিনেল গীতৰ অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰে যদিও দ্য মাপেটৰ "মেন অফ মাপেট" গাতৰ হাতত পৰাজিত হয়।৩

কাহিনী সাৰাংশ

ব্ৰাজিলত বিভিন্ন পৰিভ্ৰমী পক্ষীক দেশখনৰ বাহিৰলৈ চালান দিয়াৰ চোৰাং কাৰবাৰ কৰা হয়। মিনেছ'টাৰ মুছ হ্ৰদৰ কাষত লিণ্ডা গুণ্ডাৰছন নামৰ এজনী সৰু ছোৱালীয়ে এখন ট্ৰাকৰ পৰা পৰি যোৱা এটা পোৱালি নীলা ভাটৌ তাক আৱদ্ধ কৰি ৰখা বাকচটোৰে সৈতে উদ্ধাৰ কৰে। ছোৱালীজনীয়ে তাৰ নাম ৰাখে ব্লু। ১৫ বছৰৰ পিছত লিণ্ডা এখন কিতাপৰ দোকানৰ গৰাকী হয়।৪ ঘৰচীয়া হৈ উৰিব নোৱাৰা হোৱা ব্লুক কিতাপৰ দোকানখনৰ বাহিৰৰ পৰা এহাল কানাডিয়ান ৰাজহাঁহে প্ৰায়ে উপলুঙা কৰে।

এদিন টুলিঅ' মণ্টেইৰ' নামৰ এজন পক্ষীবিজ্ঞানীয়ে নীলা ভাটৌ প্ৰজাতিৰ অন্তিমটো পুৰুষ ভাটৌ ব্লুক এজনী নীলা ভাটৌৰ সৈতেযোৰ বান্ধি দিবলৈ ব্লু আৰু লিণ্ডাক ৰিঅ’ দি জেনেইৰ'লৈ আমন্ত্ৰণ কৰে। লিণ্ডাই প্ৰস্তাৱটো মানি লয় আৰু ৰিঅ’লৈ উৰা মাৰে আৰু ব্লুৱে তাত পেড্ৰ' নামৰ এটা ৰঙামূৰীয়া কাৰ্ডিনেল আৰু তাৰ বন্ধু নিক' নামৰ এটা হালধীয়া কেনেৰী চৰাইক লগ পায়। টুলিঅ'ৰ পক্ষী আলয়ত সি জুৱেল নামৰ স্বাধীনচিতীয়া, বনলৈ উলটি যাবলৈ চেষ্টা কৰি থকা এজনী নীলা ভাটৌৰ প্ৰেমত পৰে। চৰাইহালক মাৰ্চেল নামৰ এটা চোৰাং সৰবৰাহকাৰীৰ হৈ কাম কৰা ফাৰ্ণাণ্ডো নামৰ এটা দুখীয়া মাউৰা ল'ৰা আৰু নাইজেল নামৰ এটা ভাটৌৱে (Sulphur-crested Cockatoo) ধৰি নিয়ে। ফাৰ্ণাণ্ডোৱে সি কৰা কামটোৰ বিষয়ে পুনৰবাৰ বিবেচনা কৰে। সঁজা সম্পৰ্কে ব্লুৰ জ্ঞানৰ বাবে সিহঁত দুটা ঠেঙত সংযুক্ত শিকলিৰে সৈতেই হাবিলৈ পলাই যাবলৈ সক্ষম হয়।

ফাৰ্ণাণ্ডোৱে লিণ্ডা আৰু টুলিঅ'ক লগ কৰি এই কথা কয় যে মাৰ্চেলে তাক চৰাইবোৰ ধৰিবলৈ বাধ্য কৰে আৰু সি ব্লুক বিচৰাত দুয়োকে সহযোগ কৰে। ইফালে ব্লু আৰু জুৱেলে ৰাফেল নামৰ আন এটা চৰাইক (Toco Toucan) লগ পায় যি সিহঁতহালক শিকলিৰপৰা মুক্ত কৰিবলৈ লুইজ নামৰ এটা বুলডগ বন্ধুৰ কাষলৈ লৈ যাবলৈ প্ৰস্তাৱ দিয়ে। সি ব্লুক উৰিবলৈ শিকোৱাৰ চেষ্টা কৰে। তেনেতে সিহঁত পেড্ৰ' আৰু নিক'ৰ সৈতে লগ হয়। ইফালে নাইজেলে ব্লু আৰু জুৱেলক ধৰিবলৈ কিছুমান সৰুফুটীয়া বান্দৰক নিয়োগ কৰে। পেড্ৰ' আৰু নিক'ই তিনিওকে চৰাইৰ পাৰ্টী এটালৈ লৈ যায়। তাত বান্দৰবোৰৰ সৈতে সিহঁতৰ মুখামুখি হয় যদিও তেওঁলোকৰ চৰাই বন্ধুবোৰে সিহঁতহালক পলুৱাই পঠিয়ায়। ফাৰ্ণাণ্ডোৱে লিণ্ডা আৰু টুলিঅ'ক চোৰাং সৰবৰাহকাৰীকেইটাৰ ঘাটীলৈ লৈ যায় যদিও তাত গৈ দেখেগৈ যে চৰাইবোৰ ইতিমধ্যেই লৈ যোৱা হৈছে। মাৰ্চেলে ক'লা বজাৰত ব্লু আৰু জুৱেলৰ লেনদেনৰ বাবে অতি সোনকালে দেশ এৰিব বিচৰা কথাটোৱে সূচায় যে আন ৰাস্তাবোৰ ৰিঅ’ কাৰ্ণিভেল উৎসৱৰ বাবে বন্ধ হৈ থকাত সি চৰাইবোৰ বিমান বন্দৰলৈ নিবলৈ ৰিঅ’ কাৰ্ণিভেল পেৰেডটো ব্যৱহাৰ কৰিব।

আনহাতে ব্লু আৰু জুৱেল ৰাফেলহঁতৰ লগত লুইজৰ ওচৰলৈ যায় আৰু বুলডগটোৱে সিহঁতক বান্ধোনমুক্ত কৰে। ব্লুৱে সি উৰিব নোৱাৰা কথাটো জুৱেলৰ বাবে এক বোজাস্বৰূপ হ'ব বুলি ভাবি জুৱেলৰ সৈতে দুয়ো বেলেগ বাটে যাবলৈ তৰ্ক কৰে আৰু দুয়ো দুফালে গুচি যায়। পেড্ৰ' আৰু নিক'ই দেখে যে জুৱেলক আধাবাটতে নাইজেলে ধৰি নিলে। এই কথা জানি জুৱেলক বচাবলৈ ব্লু আৰু ৰাফেলো তুৰন্তে কাৰ্ণিভেললৈ ৰাওনা হয়। ইফালে লিণ্ডা আৰু টুলিঅ'ই চোৰাং সৰবৰাহকাৰীৰ গাড়ীখন চিনাক্ত কৰে।

তেওঁলোক দুয়ো কাৰ্ণিভেলৰ নৃত্যশিল্পীৰূপে সাজি শোভাযাত্ৰাক সোমাই পৰে মানে নাইজেলে ব্লুহঁতৰ দলটো কৰায়ত্ত কৰে। পিছে লিণ্ডাহঁতে সময়মতে চোৰাং সৰবৰাহকাৰীকেইটাক জব্দ কৰাত ব্যৰ্থ হয় আৰু সিহঁত চৰাইবোৰ লৈ এখন সৰু বিমানত (Short SC.7 Skyvan) উঠি উৰা মাৰে। ব্লুৱে কায়দা কৰি জুৱেলৰ সঁজাটো ভাঙি তাইক মুকলি কৰে আৰু দুয়োটাই আটাইবোৰ বন্দী চৰাইক মুকলি কৰি দিয়ে। নাইজেলে জুৱেলক উৰিব নোৱাৰা হোৱাকৈ আহত কৰে। ব্লুৱে অগ্নি নিৰ্বাপক সঁজুলি এটাৰে নাইজেলক বিমানখনৰ ইঞ্জিনৰ দিশে থেলি পথায়। উৰিব নোৱাৰি জুৱেল সাগৰলৈ সৰি পৰিবলৈ ধৰে আৰু তাইক বচোৱাৰ তাড়নাত ব্লুৱে আৱিষ্কাৰ কৰে যে সি উৰিব পাৰে। সি জুৱেলক লিণ্ডাহঁতৰ কাষলৈ কঢ়িয়াই লৈ যায়। পিছত লিণ্ডা আৰু টুলিঅ'ই জুৱেলক সুস্থ কৰি তোলে, ফাৰ্ণাণ্ডোক তুলি লয় আৰু অৰণ্যখন চোৰাং ব্যৱসায়ীৰ পৰা বচাবলৈ এক অভয়াৰণ্য গঢ়ি তোলে। ব্লু আৰু জুৱেলৰ তিনিটা পোৱালি হয় আৰু সিহঁতে চৰাই বন্ধুবোৰৰ সৈতে আনন্দ-উপভোগ কৰে। পাখিবোৰ হেৰুওৱাৰ বাবে নাইজেল হাঁহিয়াতৰ পাত্ৰ হয় আৰু চোৰাং সৰবৰাহকাৰীকেইটাক কাৰাগাৰলৈ পঠিওৱা হয়।

অভিনয় শিল্পী

মুখ্য শিল্পী

  • টেইলাৰ ব্লু গুণ্ডাৰছন নামৰ উৰিব নোৱাৰা এটা নীলা ভাটৌৰ (macaw) কণ্ঠত জেচ্ছি আইচেনবাৰ্গ।
  • জুৱেল নামৰ এজনী নীলা ভাটৌৰ (যাৰ সৈতেযোৰ পতাবলৈ ব্লুক অনা হৈছিল) কণ্ঠত এন হেথাৱে।
  • ব্লুক উদ্ধাৰ কৰি ১৫ বছৰ প্ৰতিপাল কৰা লিণ্ডা গুণ্ডাৰছন নামৰ যুৱতীগৰাকীৰ কণ্ঠত লেছলি মেন।
  • নাইজেল নামৰ এটা ক্ৰুৰ ভাটৌৰ (sulphur-crested cockatoo) কণ্ঠত জেমেইন ক্লেমেণ্ট।
  • ৰাফেলৰ (toco toucan) কণ্ঠত জৰ্জ ল'পেজ।
  • বটলৰ সাঁফৰ এটা টুপী হিচাপে পিন্ধি থকা নিক'ৰ কণ্ঠত জেমি ফক্স।
  • পেড্ৰ'ৰ কণ্ঠত ৱিল.আই.এম।
  • এক ব্ৰাজিলিয়ান পক্ষীবিদ টুলিঅ' মণ্টেইৰ'ৰ কণ্ঠত ৰ'ড্ৰিগো ছেণ্ট'ৰ'।

চোৰাং চিকাৰী/সৰবৰাহকাৰী

  • নাইজেলৰ গৰাকী তথা দলটোৰ নেতা মাৰ্চেলৰ কণ্ঠত কাৰ্ল'ছ পঞ্চ।
  • মাৰ্চেলৰ সহযোগী এক দুখীয়া কিশোৰ ফাৰ্ণাণ্ডোৰ কণ্ঠত জেক টি. অ'ষ্টিন।

অতিৰিক্ত শিল্পী

  • বুলডগ লুইজৰ কণ্ঠত ট্ৰেচি মৰ্গান।
  • টুলিঅ'ৰ পক্ষী আলয়ৰ ৰখীয়া কিপ'ৰ কণ্ঠত বাৰ্ণাৰ্ড' ডি পাওলা।
  • কানাডিয়ান ৰাজহাঁহ দুজনীৰ কণ্ঠত ৱেণ্ডা চিকছ আৰু জেন লিনছ।
  • সৰুফুটীয়া বান্দৰবোৰৰ দলপতি মাওৰ'ৰ কণ্ঠত ফ্ৰাঞ্চিস্ক' ৰেম'ছ।
  • ৰাফেলৰ পত্নী ইভাৰ কণ্ঠত বেবেল গিলবাৰ্ট'।

নিৰ্মাণ

ছালডেনহাই এনিমেটৰসকলক মানচিত্ৰ আৰু ভৌগোলিক স্থিতি তথা জোখ-মাপসহিত গ্ৰন্থ দিয়ে, যাৰপৰা তেওঁলোকে ৰিঅ’ৰ এক ডিজিটেল সংস্কৰণ নিৰ্মাণ কৰে। পিছত, কোম্পানীৰ কলাকাৰসমূহৰ এটা দলে কাহিনীৰ বিভিন্ন ল'কেছনসমূহ চাবলৈ ৰিঅ’ ভ্ৰমণ কৰে।৫৪ তেওঁলোকে ভাটৌৰ গতি-বিধি আৰু ব্যক্তিত্বৰ বিষয়ে বিতংকৈ জানিবলৈ ব্ৰঙ্কছ চিৰিয়াখানাৰ এগৰাকী ভাটৌ বিশেষজ্ঞকো সাক্ষাত কৰে।৬৬

২০০৯ চনত মুখ্য কণ্ঠশিল্পীসমূহক অনা হয়।৪ নাইজেলৰ কণ্ঠ দিবলৈ জেমেইন ক্লেমেণ্ট আগবাঢ়ি আহে।৭৮ নীল পেট্ৰিক হেৰিছে ব্লুৰ কণ্ঠ দিয়াৰ কথা আছিল কিন্তু পিছত জেচ্ছি লাইচেনবাৰ্গে এই ভূমিকা লয়।২৯

সংগীতৰ বাবে তেওঁলোকে ছাৰ্জিঅ' মেণ্ডিছক সংগীত গুৰু হিচাপে আনে।৬ তেওঁ ৱিল.আই.এম আৰু কাৰ্লিনহছ ব্ৰাউন আদিৰ দৰে সংগীত শিল্পীক আমন্ত্ৰণ কৰি আনে।১০

মুক্তি

২০১১ চনৰ ২২ মাৰ্চত ৰিঅ’ ডি জেনেইৰ'ৰ চিনেপলিচ থিয়েটাৰত ৰিঅ’ৰ বিশ্ব প্ৰিমিয়াৰ সম্পন্ন হয়।১১ একে বছৰৰে ১০ এপ্ৰিলত কেলিফৰ্ণিয়াত ইয়াৰ ইউনাইটেড ষ্টেটছ প্ৰিমিয়াৰ সম্পন্ন হয় আৰু পাঁচ দিনৰ পিছত সমগ্ৰ দেশজুৰি ইয়াক মুক্তি দিয়া হয়।১২

বজাৰীকৰণ

২০১১ চনৰ ২৭ জানুৱাৰীত চলচ্চিত্ৰখনৰ অগ্ৰগতিৰ বাবে ৰভিঅ' ম'বাইলে ২০থ চেঞ্চুৰী ফক্সৰ সৈতে এক অংশীদাৰীত্বৰ কথা ঘোষণা কৰে। ২০১১ চনৰ মাৰ্চত এণ্ড্ৰইড মাৰ্কেট আৰু এপল এপ ষ্ট'ৰত এংৰি বাৰ্ডছ ৰিঅ’ নামৰ ৫০টা ঢাপৰ এটা ভিডিঅ' গেমো মুকলি কৰা হয়।১৩ বছৰটোৰ ভিতৰত ৰভিঅ'ই অধিক ঢাপৰ মুক্তি দিয়ে। ডিভিডি আৰু ব্লু-ৰে সজ্জাত মুক্তি পোৱাৰ পিছত, ৰভিঅ' আৰু ২০থ চেঞ্চুৰী ফক্সে ঘোষণা কৰে যে তেওঁলোকে এংৰি বাৰ্ডছ অনলাইন ষ্ট'ৰত ৰিঅ’ মখমলী পুতলা (Rio Plush Toys) বিক্ৰী কৰিব আৰু ডিভিডি আৰু ব্লু-ৰেসমূহত ৩টা এংৰি বাৰ্ডছ ভিডিঅ'ৰে সৈতে ১৫টা গোপন লেভেল সংযুক্ত হ'ব। মেকড'নাল্ডছেও তেওঁলোকৰ হেপ্পী মিলত ৰিঅ’ পুতলাসমূহক এক অগ্ৰগতি দিয়ে।১৪

হোম মিডিয়া

কাহিনীটোৰ বেছিভাগ অংশ ব্ৰাজিলৰ ওপৰত আধাৰিত হোৱা বাবে দেশখনৰ প্ৰতি সন্মান জনাই হোম ভিডিঅ'ৰ কাৰণে ২০১১ চনৰ ৭ জুলাইত ৰিঅ’ক ডিভিডি আৰু ব্লু-ৰে উভয় ৰূপতে ব্ৰাজিলত মুক্তি দিয়া হয়।১৫ উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াত মুক্তিৰ তাৰিখ আছিল যথাক্ৰমে ২ আগষ্ট আৰু ২৮ ছেপ্টেম্বৰ।১৬

সঁহাৰি

সমালোচনা

ৰিঅ’ই চলচ্চিত্ৰ সমালোচকসকলৰ ইতিবাচক সঁহাৰি লাভ কৰে। ২০১১ চনৰ জুনত ৰটেন টমেট'জৰ সমালোচনা গড়ে ১৩৬টা সমালোচনাৰ ওপৰত ভিত্তি কৰি ইয়াক ১০ ৰ ভিতৰত গড় ৬.৪ নম্বৰ দিয়াৰ লগতে ৭২% প্ৰদান কৰে।১৭ মেটাক্ৰিটিক মূলসূঁতিৰ ১০০টা সমালোচনাৰ ওপৰত ভিত্তি কৰি ১০০ ৰ ভিতৰত ৬৩ নম্বৰ দিয়ে।১৮ এণ্টাৰটেইনমেণ্ট ৱিকলিৰ অৱেন গ্লেইবাৰমেনে ছবিখনক এক মিশ্ৰিত "চি" ৰেটিং দিয়ে। গ্লেইবাৰমেনে ৰিঅ’ৰ এনিমেছন আৰু সংগীতৰ প্ৰশংসা কৰে।১৯ লছ এঞ্জেলছ টাইমছৰ বেটছি শ্বাৰ্কিয়ে ছবিখনলৈ ইতিবাচক সঁহাৰি দিয়ে আৰু ইয়াৰ কৌতুকপূৰ্ণ গতিবিধি, কণ্ঠ আৰু ভিজুৱেলৰ প্ৰশংসা কৰে।২০

বক্স অফিচ

উত্তৰ আমেৰিকাত $১৪৩,৬১৯,৮০৯ আৰু বাহিৰত $৩৪১,০১৫,৯৫১ আয়েৰে বিশ্বজুৰি ৰিঅ’ৰ মুঠ আয় হয়গৈ $৪৮৪,৬৩৫,৭৬০ আৰু ই ২০১১ চনৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ত্ৰয়োদশ স্থান পায়২১ আৰু সৰ্বকালৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ১০৭তম স্থান লাভ কৰে। ২০১১ চনৰ চলচ্চিত্ৰসমূহৰ ভিতৰত $৪০০ মিলিয়নৰ সীমা অতিক্ৰম কৰা ই প্ৰথমখন চলচ্চিত্ৰ।

উত্তৰ আমেৰিকা

৩,৪২৬খন থিয়েটাৰৰ প্ৰায় ৬,৪০০খন পৰ্দাত প্ৰদৰ্শনীৰে প্ৰথমটো সপ্তাহান্তত চলচ্চিত্ৰখনে $৩৯,২২৫,৯৬২ আয় কৰে। ই দ্বিতীয় স্থানৰ স্ক্ৰীম ৪ক অতিক্ৰম কৰি বক্স অফিচত প্ৰথম স্থান দখল কৰে।২২ সেই সময়ত ২০১১ চনৰ ছবিসমূহৰ ভিতৰত, প্ৰথমটো সপ্তাহান্তত সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ৰিঅ’ প্ৰথম স্থানত আছিল। অৱশ্যে পিছত ই সপ্তম স্থানলৈ অৱনমিত হয়।২৩ চলচ্চিত্ৰখন এপ্ৰিল মাহৰ প্ৰথম সপ্তাহান্তত সৰ্বাধিক আয় কৰা আৰু গোটেই এপ্ৰিল মাহটোত ষষ্ঠ সৰ্বাধিক আয় কৰা এনিমেচন চলচ্চিত্ৰৰূপে পৰিগণিত হয়।২৪ দ্বিতীয়টো সপ্তাহান্ততো ই মাত্ৰ ৩৩% আয়ৰ অৱনমনৰ সৈতে $২৬.৩ মিলিয়ন আয়েৰে সেই সপ্তাহান্তত মুক্তি পোৱা দ্বিতীয়, তৃতীয় আৰু ষষ্ঠ স্থানত থকা ক্ৰমে মেডিছ বিগ হেপ্পী ফেমিলী ($২৫.১ মিলিয়ন), ৱাটাৰ ফৰ এলিফেণ্টছ ($১৬.৮ মিলিয়ন) আৰু আফ্ৰিকান কেটছক ($৬ মিলিয়ন) পিছ পেলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখে।২৫

সংগীত

২০১১ চনৰ ১৮ মাৰ্চত ব্ৰাজিলিয়ান-ইংৰাজ গায়ক-গীতিকাৰ টায়' ক্ৰুজে ইউটিউবত 'টেলিং দ্য ৱৰ্ল্ড' শীৰ্ষক এক মিউজিক ভিডিঅ' আৰ থিম ছং মুকলি কৰে।২৬

২০১১ চনৰ ২৯ মাৰ্চত মোশ্বন পিকচাৰ্ছৰ ফালৰপৰা ডিজিটেল ডাউললোডৰ বাবে ২০ত চেঞ্চুৰী ফক্সে ইউনাইটেড ষ্টেটচত ৰিঅ’: মিউজিক মুকলি কৰে। ৫ এপ্ৰিলত ইণ্টাৰস্কোপ ৰেকৰ্ডছে ইয়াক অডিঅ' চিডি মুকলি কৰে।২৭২৮

ব্ৰাজিলিয়ান সংস্কৰণটোৰ কিছুসংখ্যক গীতে ইভেত ছাংগেল' আদি শিল্পীৰ কণ্ঠেৰে এক পৰ্তুগীজ ৰূপ পায়। 'ৰিয়েল ইন ৰিঅ’' হয়গৈ 'ফেভ' ডি মেল' (মৌচাক) কিন্তু ইয়াত ইংৰাজী সংস্কৰণটোৰ শিল্পীসকলেই কণ্ঠদান কৰে।২৯

ভিডিঅ' গেম

ছবিখনৰ ওপৰত ভিত্তি কৰি নিনটেণ্ড ৱি, নিনটেণ্ড ডিএচত, প্লেষ্টেচন ৩ আৰু এক্সবক্স ৩৬০ৰ কাৰণে এটা ভিডিঅ' গেমো মুকলি কৰা হয়।৩০ মাৰিঅ’ পাৰ্টি শৃংখলাৰ দৰে ইয়াৰো এক 'পাৰ্টী-ধৰণ' আছে। ২০১১ চনৰ মাৰ্চত বিভিন্ন ডেস্কটপ আৰু ম'বাইলৰ বাবে এংৰি বাৰ্ডছ ৰিঅ’ নামৰ আন এটা ভিডিঅ' গেমো মুকলি কৰা হয়।৩১

ছিকুৱেল

ৰিঅ’ ২ শীৰ্ষক এক ছিকুৱেলৰ নিৰ্মাণকাৰ্য ২০১৪ চনৰ ১১ এপ্ৰিলৰপৰা আৰম্ভ হ'ব। ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহাই উক্ত ছবিৰ পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিব। এন হেথাৱে, জেচ্ছি আইচেনবাৰ্গ, জেমেইন ক্লেমেণ্ট, জেমি ফক্স, ৱিল.আই.এম, ট্ৰেচি মৰ্গান, জৰ্জ ল'পেজ, জেক টি. অষ্টিন, লেছলি মেন আৰু ৰ'ড্ৰিগো ছেণ্ট'ৰ'কে ধৰি আটাইবোৰ মুখ্য কণ্ঠশিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ পুনঃ ৰূপায়ণ কৰিব। নতুন কণ্ঠশিল্পী হিচাপে এণ্ডি গাৰ্চিয়া, ব্ৰুন' মাৰ্ছ, ক্ৰিষ্টিন চেন'ৱেথ, ৰীতা মৰেন', এমেণ্ডলা ষ্টেনবাৰ্গ, ৰাচেল ক্ৰ', পিয়েৰ্চ গেগনন আৰু নাটালিয়া মৰেলছৰ আগমণ ঘটিব। ছিকুৱেলখনত তিনিটা পোৱালিৰে সৈতে ব্লু আৰু জুৱেলৰ আমাজন ভ্ৰমণ দেখুওৱা হ'ব য'ত সিহঁতে প্ৰকৃত চৰাইৰ জীৱন যাপন কৰাৰ চেষ্টা কৰিব।৩২

তথ্যসূত্ৰ

  1. ↑ Siegel, Tatiana. (May 11, 2009). Fox, Blue Sky drawn to 'Rio'. Variety
  2. ↑ Gomez, Tim. (October 22, 2009). Neil Patrick Harris Takes Anne Hathaway To Rio. Cinema Blend
  3. ↑ (January 24, 2012). Nominees for the 84th Academy Awards. Oscars.org
  4. ↑ McLean, Craig. (March 28, 2011). Rio: Brazilian rhapsody. The Daily Telegraph
  5. ↑ Alejo, Annie. (April 1, 2011). 'Rio' director pays homage to hometown with new animated movie. Manila Bulletin
  6. ↑ Steinberg, Julie. (April 14, 2011). Director Carlos Saldanha Returns Home with 'Rio'. The Wall Street Journal
  7. ↑ Cardy, Tom. (April 7, 2011). Another feather in his cap. Stuff.co.nz
  8. ↑ (March 30, 2011). Interview: Jemaine Clement. ThisIsFakeDIY.co.uk
  9. ↑ Steinberg, Julie. (April 15, 2011). Jesse Eisenberg Goes from Facebook to 'Rio'. The Wall Street Journal
  10. ↑ Russo, Tom. (April 11, 2011). 'Ice Age' team goes to 'Rio'. Articles.Boston.com
  11. ↑ Azevedo, Erika. (March 22, 2011). In Lagoa, Hollywood stars talk about the experience in the animation 'Rio'. O Globo
  12. ↑ Larson, Nicole. (April 11, 2011). Last Weekend's Events: A Red Tie Affair, 'Rio' Premiere, and GLAAD Media Awards. Huffington Post
  13. ↑ Warne, Alex. (January 29, 2011). Angry Birds Going Big Time. Daily News Pulse
  14. ↑ Team, Angry Birds. RIO plush toys and DVD wing their way into stores!. Angry Birds Rio
  15. ↑ Comunicação, Cinnamon. (July 4, 2011). Coletiva de imprensa com Carlos Saldanha no Rio de Janeiro
  16. ↑ (June 15, 2011). Rio Hits Blu-ray and DVD on August 2. ComingSoon.net
  17. ↑ Rio. Rotten Tomatoes. Flixster
  18. ↑ Rio. Metacritic. CBS Interactive
  19. ↑ Gleiberman, Owen. Rio. Entertainment Weekly
  20. ↑ Sharkey, Betsy. (April 15, 2011). 'Rio' review. Los Angeles Times
  21. ↑ 2011 WORLDWIDE GROSSES. Box Office Mojo. IMDb
  22. ↑ Gray, Brandon. (April 17, 2011). Weekend Report: 'Rio' Leads, 'Scream' Bleeds. Box Office Mojo. IMDb
  23. ↑ 2011 OPENING GROSSES. Box Office Mojo. IMDb
  24. ↑ TOP OPENING WEEKENDS BY MONTH. Box Office Mojo. IMDb
  25. ↑ April 22–24, 2011 Weekend. Box Office Mojo. IMDb
  26. ↑ TaioCruzVEVO. (March 18, 2011). Telling the World (From the Soundtrack to "RIO" the Movie). YouTube
  27. ↑ Rio: Music From The Motion Picture. Amazon.com
  28. ↑ Rio: Music From the Motion Picture (Soundtrack). Amazon.com
  29. ↑ Rio – Trilha Sonora Original. Saraiva.com.br
  30. ↑ Rio by THQ. Rio
  31. ↑ Paul Suarez. (2011-01-29). 'Angry Birds Rio' Release Teams With Hollywood. PCWorld.com
  32. ↑ (February 22, 2013). Twentieth Century Fox Animation Announces Rio 2 Casting. Blue Sky Studios

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰএনিমেছন চলচ্চিত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিঅ' (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৬৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।