এনিমেছন চলচ্চিত্ৰ
১৫ প্ৰবন্ধ
-
চিণ্ডেৰেলা
চিণ্ডেৰেলা (জাৰ্মান: Aschenputtel) হ’ল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এখন পশ্চিম জাৰ্মান পৰিয়ালকেন্দ্ৰিক চলচ্চিত্ৰ। ফ্ৰিটজ জেনচোৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰীতা-মাৰিয়া নৱোটনি, ৰেনী ষ্টোব্ৰাৱা আৰু ৱাৰ্নাৰ ষ্টকে অভিনয় কৰিছে। এইখন চাৰ্লছ পেৰল্ট আৰু ব্ৰাদাৰ্ছ গ্ৰিমৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
মোৱানা (২০১৬ চনৰ চলচ্চিত্ৰ)
মোৱানা (ইংৰাজী: Moana) হ'ল ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰদ্বাৰা পৰিচালিত এই ছবিখনত ডুৱেইন জনচন আৰু আউলি ক্ৰাভালিঅ'ই কণ্ঠদান কৰিছে।
-
চিণ্ডেৰেলা (১৯৫০ চনৰ চলচ্চিত্ৰ)
চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ১৯৫০) — ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু আৰ.কে.অ' ৰেডিঅ' পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু!
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু! '(জাপানী: 超劇場版 ケロロ軍曹2 深海のプリンセスであります!; ৰোমান লিপিৰে: Chō Gekijōban Keroro Gunsō 2: Shinkai no Princess de Arimasu!; ইংৰাজী: Sergeant Keroro Movie 2: The Deep Sea Princess; অসমীয়া অৰ্থ: চাৰ্জেণ্ট কেৰোৰো চলচ্চিত্ৰ ২: গভীৰ সাগৰৰ ৰাজকুমাৰী)…
-
টিংকাৰ বেল (চলচ্চিত্ৰ)
টিংকাৰ বেল (Tinker Bell) হ'ল ২০০৮ চনত ডিজনী টুন ষ্টুডিঅ'ৰ দ্বাৰা ডিজনী পৰীৰ ওপৰত নিৰ্মাণ কৰা এক এনিমেটেড চলচ্চিত্ৰ। জে.এম.বেৰীৰ পিটাৰ পেন নাটত আবিৰ্ভাৱ হোৱা আৰু ডিজনী চলচ্চিত্ৰ পিটাৰ পেন (১৯৫৩) আৰু ৰিটাৰ্ণ টু নেভাৰলেণ্ড (২০০২)ত ভূমুকি মৰা টিংকাৰ বেল নামৰ পৰীজনী ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ।
-
টেংগলড
টেংগলড (ইংৰাজী: Tangled; জন্ম: ২০১০) — ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী মাহিমান্বিত দুঃসাহসিক কাল্পনিক হাস্যৰসাত্মক চলচ্চিত্ৰ। জাৰ্মান সাধুকথা "ৰাপুঞ্জেল"ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখন ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত।
-
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ (ইংৰাজী: The Princess and the Frog; জন্ম: ২০০৯) — ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০০২ চনত ই. ডি.
-
দ্য লিটল মাৰমেইড (১৯৮৯ চনৰ চলচ্চিত্ৰ)
দ্য লিটল মাৰমেইড (ইংৰাজী: The Little Mermaid) হ'ল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল ফেণ্টাছী চলচ্চিত্ৰ। জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰ দ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখন হেন্স ক্ৰিষ্টিয়ান এণ্ডাৰছনৰ ১৮৩৭ চনৰ একে নামৰ ডেনিছ সাধুকথাৰ ওপৰত আধাৰিত।
-
ব্ৰেভ
ব্ৰেভ (ইংৰাজী: Brave; জন্ম: ২০১২) — ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড ফেণ্টাচি এডভেঞ্চাৰ চলচ্চিত্ৰ। পিক্সাৰ এনিমেচন ষ্টুডিঅ’ই নিৰ্মাণ কৰা এই ছবিখন ৱাল্ট ডিজনি পিকচাৰ্ছে মুক্তি দিছিল।
-
মহাৱতাৰ নৰসিংহ
মহাৱতাৰ নৰসিংহ (Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচনধৰ্মী ছবি, যাৰ পৰিচালক আছিল অশ্বিন কুমাৰ৷ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু নৰসিংহ পুৰাণৰ আধাৰত জয়পূৰ্ণা দাসৰ দ্বাৰা লিখিত কাহিনীটো ক্লিম প্ৰডাকচন আৰু হোম্বলে ফিল্মছে প্ৰযোজনা কৰে।
-
মুলান (১৯৯৮ চনৰ চলচ্চিত্ৰ)
মুলান (ইংৰাজী: Mulan) হ'ল ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী ফীচাৰ এনিমেচনৰ দ্বাৰা নিৰ্মিত এই ছবিখন চীনৰ কিংবদন্তি 'হুয়া মুলান'ৰ কাহিনীৰ ওপৰত আধাৰিত।
-
মোৱানা ২
মোৱানা ২ (Moana 2) হ'ল ২০২৪ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০১৬ চনৰ 'মোৱানা'ৰ পৰৱৰ্তী খণ্ড। ছবিখন ডেভিদ ডেৰিক জুনিয়ৰ, জেচন হেণ্ড আৰু ডানা লেডক্স মিলাৰৰদ্বাৰা পৰিচালিত আৰু মিলাৰ আৰু জাৰেড বুশৰদ্বাৰা লিখিত।
-
স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (১৯৩৭ চনৰ চলচ্চিত্ৰ)
স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (ইংৰাজী: Snow White and the Seven Dwarfs; জন্ম: ১৯৩৭) — হ’ল ওৱাল্ট ডিজনিৰদ্বাৰা প্ৰযোজিত আৰু আৰ.কে.অ’ ৰেডিঅ’ পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল ফেণ্টাচী চলচ্চিত্ৰ।
-
স্লিপিং বিউটি (১৯৫৯ চনৰ ছবি)
স্লিপিং বিউটী (ইংৰাজী: Sleeping Beauty; জন্ম: ১৯৫৯) — ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী প্ৰডাকচনচৰদ্বাৰা নিৰ্মিত আৰু বুয়েনা ভিষ্টা ফিল্ম ডিষ্ট্ৰিবিউচনৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
ৰিঅ' (চলচ্চিত্ৰ)
ৰিঅ’ (ইংৰাজী: Rio) হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়। ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা।