অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজ শ্বামানি

ৰাজ শ্বামানি(জন্ম: ২৯ জুলাই ১৯৯৭ তেওঁৰ প'ডকাষ্ট, "ফিগাৰিং আউট উইথ ৰাজ শ্বামানি"-লৈ বিশ্বৰ বহু পৰিচিত অতিথিৰ আগমন ঘটিছে৷ তাৰ ভিতৰত আছে বিল গেটছ, ইমানুৱেল মেক্ৰন, বিজয় মাল্য, আমীৰ খান, কৰণ জোহৰ, মিষ্টাৰ বিষ্ট, এছ. জয়শংকৰ, এম এছ ধোনী

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাজ শ্বামানি(জন্ম: ২৯ জুলাই ১৯৯৭) এজন ভাৰতীয় প'ডকাষ্টাৰ, উদ্যোগী আৰু লেখক৷১ তেওঁৰ প'ডকাষ্ট, "ফিগাৰিং আউট উইথ ৰাজ শ্বামানি"-লৈ বিশ্বৰ বহু পৰিচিত অতিথিৰ আগমন ঘটিছে৷ তাৰ ভিতৰত আছে বিল গেটছ, ইমানুৱেল মেক্ৰন, বিজয় মাল্য, আমীৰ খান, কৰণ জোহৰ, মিষ্টাৰ বিষ্ট, এছ. জয়শংকৰ, এম এছ ধোনী২৩৪৫৬৭

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৭ চনৰ ২৯ জুলাই তাৰিখে ভাৰতৰ, মধ্যপ্ৰদেশৰ ইন্দোৰত শ্বামানিৰ জন্ম হৈছিল৷ ১৬ বছৰ বয়সতে তেওঁ ৰাষ্ট্ৰসংঘ যুৱ সন্মিলনীক সম্বোধিত কৰা কনিষ্ঠতম ভাৰতীয় হিচাপে পৰিগণিত হয়৷৮ নেশ্যনেল পাব্লিক স্কুল আৰু প্ৰেষ্টিজ কলেজত তেওঁ শিক্ষা গ্ৰহণ কৰে৷ ৯

কৰ্মজীৱন

ইনষ্টাগ্ৰাম আৰু ইউটিউবত প্ৰেৰণাদায়ক ভিডিঅ’ৰ জৰিয়তে শ্বামানিয়ে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েচন আৰম্ভ কৰিছিল৷ ২০২১ চনত তেওঁ ব্যক্তিগত বিকাশ আৰু উল্লেখযোগ্য অতিথিসকলৰ সৈতে আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ দি নিজৰ প'ডকাষ্ট "ফিগাৰিং আউট..." আৰম্ভ কৰে।১০

ৰাজ শ্বামানীয়ে ২০২২ চনত পেংগুইন ৰেণ্ডম হাউছে প্ৰকাশ কৰা বিল্ড, ডন'ট টক নামৰ এখন কিতাপ লিখিছিল। গ্ৰন্থখনত কেৱল কথা কোৱাৰ পৰিৱৰ্তে পদক্ষেপ লোৱাৰ উদ্যোগী মনোভাৱৰ বিষয়ে আলোচনা কৰা হৈছে।১১১২

শ্বামানীয়ে একাধিক বক্তৃতা প্ৰতিযোগিতা আৰু বিতৰ্কত অংশগ্ৰহণ কৰিছে। তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, আৰু ২০২৪ চনত ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰিছিল।১০ ২০২৫ চনৰ অক্টোবৰ মাহত শ্বামানীয়ে শ্বাৰজাহত অনুষ্ঠিত হোৱা শ্বাৰজাহ বিনিয়োগ মঞ্চ–বিশ্ব বিনিয়োগ সন্মিলনত (SIF-WIC) ভাষণ দিছিল, য'ত তেওঁ "আৱেগিক ROI"ৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰিছিল, যুক্তি দিছিল যে আস্থা আৰু উদ্দেশ্যই ডিজিটেল অৰ্থনীতিৰ সৃষ্টিকৰ্তাসকলৰ বাবে মূলধনৰ ৰূপ হিচাপে কাম কৰিব পাৰে।১৩

শ্বামানিৰ প’ডকাষ্টৰ জৰিয়তে ২০২৫ চনৰ জুন মাহত বিজয় মালিয়াই ৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত উপস্থিত হৈছিল। ৪.৩০ ঘণ্টাৰ এই সাক্ষাৎকাৰটো ভাইৰেল হৈ চাৰিদিনত ২ কোটি ভিউজ লাভ কৰে।১৪১৫১৬১৭

শ্বামানীৰ পডকাষ্টত অংশগ্ৰহণ কৰা আন উল্লেখযোগ্য অতিথিসকলৰ ভিতৰত বিল গেটছ, জেকচন ৱাং আৰু কৰণ জোহৰ।১৮১৯২০

তথ্যসূত্ৰ

  1. ↑ (7 June 2025). Raj Shamani's Net Worth & Success Story: Meet The Man Who Currently Rules India's Podcasting Throne. Times Now
  2. ↑ (1 June 2025). Aamir Khan says 'Mahabharata' could be his final film. The Hindu
  3. ↑ (13 November 2024). Influencer Raj Shamani hosts YouTuber MrBeast on his podcast, praises his 'inspirational' mindset and vision. The Times of India
  4. ↑ (7 April 2025). MS Dhoni answers retirement question in new podcast, keeps door open to play next season too. The Indian Express
  5. ↑ (9 June 2025). Raj Shamani net worth: Meet the YouTuber who went viral after interviewing Vijay Mallya. The Financial Express
  6. ↑ (10 January 2025). 'More than AI, we need…': Ramdev on Raj Shamani podcast. Hindustan Times
  7. ↑ (10 September 2025). Cricketer Rinku Singh accepts he's afraid of ghosts, once ran out of KKR teammate's room screaming 'papa, papa': 'I can't sleep alone'. The Indian Express
  8. ↑ Raj Shamani: Podcaster basking in the virality of his Vijay Mallya interview. Storyboard18.com
  9. ↑ (25 June 2025). It's Raining Rupees: India's influencer paycheck decoded. Exchange4Media
  10. ↑ Mukhopadhyay, Sounak. (31 December 2024). Raj Shamani: 'Don't compromise on what you believe is right'; YouTube podcast star on business of content creation. mint
  11. ↑ (20 December 2022). Build, Don't Talk Review: Nothing New in this Raj Shamani Book. Book Blabber
  12. ↑ Barve, Apurva. (12 December 2022). Build, Don't Talk by Raj Shamani. Book Review. Keetabi Keeda
  13. ↑ (October 2025). Raj Shamani on Emotional ROI at SIFWIC. The Brew News
  14. ↑ Vijay Mallya is 'overwhelmed, humbled' as podcast hits 20 million views. Business-standard.com
  15. ↑ Kaul, Vivek. (12 June 2025). Vijay Mallya's 4.3 hour spin job: From king of good times to podcast prince of excuses. The News Minute
  16. ↑ (11 June 2025). Sonam Raghuvanshi, Voldemort memes erupt after Vijay Mallya's 'image-cleansing' podcast with Raj Shamani. Hindustan Times
  17. ↑ (24 July 2025). Raj Shamani opens up about controversial Vijay Mallya podcast, reveals how he approached him: 'Do you know who I am?'. The Economic Times
  18. ↑ (10 June 2025). 'My true factual story': Vijay Mallya reacts to Raj Shamani podcast getting 20 million views. Hindustan Times
  19. ↑ (3 July 2025). 'China is a normal place': K pop star Jackson Wang tells Raj Shamani his home country gets a bad rap unfairly. Business Today
  20. ↑ Raj Shamani 'Whitewash' Memes Go Viral After Vijay Mallya Podcast: Why YouTuber Is Facing Heat. News18

সম্পৰ্কিত শ্ৰেণী

মধ্য প্ৰদেশৰ ব্যক্তিইউটিউবাৰভাৰতীয় ইউটিউবাৰভাৰতীয় উদ্যোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ শ্বামানি” প্ৰবন্ধৰ সংশোধন ৫৭৯৮৬৫ (২০ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।