১৯৯৩ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
সৈনিক (চলচ্চিত্ৰ)
সৈনিক (Sainik) হʼল ছিকন্দৰ ভাৰতীৰ পৰিচালনাত নিৰ্মিত, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, এখন ভাৰতীয় একশ্যনধৰ্মী চলচ্চিত্ৰ। ছবিখনত অভিনয়-শিল্পী অক্ষয় কুমাৰ, অশ্বিনী ভাৱে, ৰোনিত ৰয়, আৰু ফাৰহীনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
চৰাচৰ
চৰাচৰ ( Shelter of the Wings) ১৯৯৩ চনত বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালনা আৰু প্ৰফুল্ল ৰায়ৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ।
-
পদ্মা নদীৰ মাঝি
পদ্মা নদীৰ মাঝি ( Padma Nadir Majhi) মানিক বন্দোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু গৌতম ঘোষ পৰিচালিত ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ এখন পূৰ্ণদৈৰ্ঘ্য নাট্যধৰ্মী ছবি, য’ত পদ্মা নদীৰ মাছমৰীয়াসকলৰ জীৱনক চিত্ৰিত কৰা হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বাংলাদেশত কৰা হৈছিল।
-
ৰুদালি (চলচ্চিত্ৰ)
ৰুদালি (Rudaali) কল্পনা লাজমী পৰিচালিত ১৯৯৩ চনত মুক্তি পোৱা হিন্দী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বাংলা লেখিকা মহাশ্বেতা দেৱীৰ ১৯৭৯ চনত ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত কল্পনা লাজমী আৰু গুলজাৰে ৰুদালিৰ কাহিনী লিখিছে।
-
ভাগৱত গীতা (চলচ্চিত্ৰ)
ভাগৱত গীতা (Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী আৰু তেলুগু ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ ভাগৱত গীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
ৰাজিয়া চুলতান (চলচ্চিত্ৰ)
ৰাজিয়া চুলতান (Razia Sultan) ১৯৮৩ চনৰ কমাল আমৰোহী ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় পিৰিয়ড জীৱনীমূলক ছবি। হেমা মালিনী, পাৰবীন বাবী আৰু ধৰ্মেন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ লগে লগে ছবিখন মূলতঃ ইয়াৰ নিৰ্মাণ অধিক ধন বিনিয়োগ হোৱাৰ বাবে বক্স অফিচত দুৰ্যোগৰ সৃষ্টি কৰিছিল।