আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৩৪৭ - আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
- ১৪৯২ - ক্ৰিষ্টোফাৰ কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজ ছাণ্টা মাৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনাৰ সৈতে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে।
- ১৭৮০ - মেজৰ প'হামৰ (ইংঃ Popham) অধীনত কেপ্টেইন ব্ৰুচে গোৱালিয়ৰ দূৰ্গ দখল কৰে।
- ১৯১৪ - প্ৰথম বিশ্বযুদ্ধত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
- ১৯৩৪ - হিটলাৰে জাৰ্মানীৰ ৰাষ্ট্ৰপতি আৰু 'চেঞ্চেলৰ' কাৰ্যালয় এক কৰি নিজকে অধিনায়ক (জাঃ Führer বা ইংঃ leader) ঘোষণা কৰে।
- ১৯৫৪ - ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
- ১৯৬০ - নাইজাৰে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ - নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
- ২০০৪ - বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।
জন্ম
- ১৮৬৭ - ষ্টেনলি বলডিন্, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
- ১৯৮০ - লাভলী চৌবে, ভাৰতীয় ল'ন বলাৰ।
- ১৯৮৪ - সুনীল ছেত্ৰী, ভাৰতীয় ফুটবল দলৰ অধিনায়ক।
- ১৮৮৬ - মৈথিলীচৰণ গুপ্ত, প্ৰসিদ্ধ আধুনিক হিন্দী কবি।
মৃত্যু
- ১৭৯২ - ৰিচাৰ্ড আৰ্কৰাইট, ইংৰাজ উদ্য়োগপতি আৰু উদ্ভাৱক।
- ১৯৫৯ - ভবানন্দ দত্ত, অসমৰ এগৰাকী বাস্তৱবাদী কবি।
- ১৯৮৫ - কমল নাৰায়ণ চৌধুৰী, অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক।
- ২০২২ - মিথিলেশ চতুৰ্বেদী, ভাৰতীয় অভিনেতা।
দিৱস
- পতাকা দিৱস (ভেনেজুৱেলা)।
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ তৃতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৭৩০৬৮ (২ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।