ছেমছন ছিং ইংতি (Semsonsing Ingti, ১৯১০-১৯৪৮)আছিল এজন ভাৰতীয় লেখক আৰু সামাজিক তথা অৰ্থনৈতিক সংস্কাৰক। অসমৰ কাৰ্বি জনজাতীয় লোকসকলক ঐক্যবদ্ধ কৰিবলৈ আৰু তেওঁলোকৰ উন্নতি সাধন কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক 'কাৰ্বি জনজাতিৰ জনক' বা 'আধুনিক কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা' হিচাপে জনা যায়।
প্ৰাৰম্ভিক জীৱন
ছেমছন ছিং ইংতি আছিল থেংকুৰছিং ইংতি আৰু ৰোথ তিমুংপীৰ পুত্ৰ।১ গোলাঘাট মিছন প্ৰাইমেৰী স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি তেওঁ গোলাঘাট বেজবৰুৱা হাইস্কুলত নাম ভৰ্তি কৰে আৰু ১৯২৮ চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় যদিও আৰ্থিক অসুবিধাৰ বাবে অৱশেষত ছিলেটৰ মুৰাৰীচাঁদ কলেজৰ পৰা ১৯৩৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে তেওঁ হৈছে কাৰ্বি জনজাতিৰ মাজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দ্বিতীয়জন লোক।১
কৰ্মজীৱন
ছেমছন ছিং ইংতিয়ে ব্ৰিটিছ চৰকাৰৰ অধীনত স্কুল পৰিদৰ্শকৰ পদবী লাভ কৰে। এই পদবী লাভ কৰি তেওঁ কাৰ্বি বসতিপ্ৰধান তেতিয়াৰ মিকিৰ পাহাৰত শিক্ষাৰ বিস্তাৰৰ বাবে বিস্তৰ কাম কৰিছিল। তেওঁ মিকিৰ পাহাৰত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাত গুৰুত্ব দিছিল। কাৰ্বি জনসাধাৰণৰ মাজত আগ্ৰহ জন্মাবলৈ তেওঁ কাৰ্বি ভাষাত পুথি লিখি প্ৰকাশ কৰিছিল। এইক্ষেত্ৰত তেখেতক হট্টন চাহাবে অনুপ্ৰেৰণা যোগাইছিল আৰু বাছাপী ইংতি কাথাৰ পীয়ে সহযোগ কৰিছিল। বিতুছ' আকিতাপ, কালাখা আকিতাপ আদি এনে উল্লেখযোগ্য পাঠ্য পুথি। এই পুথিবোৰত তেওঁ অসমীয়া লিপি প্ৰয়োগ কৰিছিল।
চৰকাৰৰ সৈতে হোৱা মতানৈক্যৰ বাবে ১৯৪৮ চনত তেওঁ চৰকাৰী চাকৰি ইস্তফা দি ৰাইজৰ কামত আত্মনিয়োগ কৰে।
ইয়াৰ পিছতেই তেওঁ কাৰ্বিসকলৰ বাবে এখন সুকীয়া জিলা গঠনৰ বাবে জনমত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এই উদ্দেশ্য ১৯৪৩ চনত নগাঁও জিলাৰ কঠালগুৰি নামৰ এখন কাৰ্বি গাঁৱত অনুষ্ঠিত এখন সভাত 'কাৰবি আ-দৰবাৰ' নামৰ এটা সামাজিক ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হয়। ছেমছন ছিং ইংতি আছিল ইয়াৰ সম্পাদক। এই অনুষ্ঠানৰ জৰিয়তেই ইংতি প্ৰমুখ্যে নেতাসকলে অসমৰ গৱৰ্ণৰ তথা ভাৰতৰ গৱৰ্ণৰ-জেনেৰেলক কেইবাবাৰো লগ ধৰি কাৰ্বি জাতিৰ সমস্যাবোৰ তেওঁলোকক অৱগত কৰিছিল। এই আন্দোলনৰ ফলতেই অসমৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে ১৯৪৮ চনত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ নামেৰে এখন নতুন জিলা গঠনৰ বাবে সীমা নিৰ্ধাৰণ কৰিবলৈ এখন কমিটি গঠন কৰি দিয়ে। ছেমছিন ছিং ইংতি, ছাৰছিং টেৰণ, খৰচিং টেৰাং আদি আছিল ইয়াৰ সদস্য।
ছেমছন ছিং ইংতিয়ে কাৰ্বি সমাজৰ পৰা কানি সেৱন প্ৰথাৰ বিলুপ্তি ঘটাবলৈ চেষ্টা কৰিছিল। 'কানি যে বৰবিহ' সেই সম্পৰ্কে তেওঁ মহলদাৰ সকলকো বুজাবলৈ চেষ্টা কৰিছিল আৰু সফলো হৈছিল।
উল্লেখযোগ্য সাহিত্যিক কৰ্ম
- কালাখা আকিতাপ (নেওতা পুথি)
- বিতুছ' আকিতাপ
মৃত্যু
১৯৪৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে আধুনিক কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা গৰাকীয়ে ইহ সংসাৰ ত্যাগ কৰে।
তথ্যসূত্ৰ
- ↑ ৰংবং তেৰাং, বৰেণ্য ব্যক্তিত্ব (সম্পাদকː লক্ষ্মীনাথ তামোলী),'' অসম প্ৰকাশন পৰিষদ, মাৰ্চ ২০০৫, পৃঃ ১২৮-১২৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেমছন ছিং ইংতি” প্ৰবন্ধৰ সংশোধন ৩২১০১৭ (১৬ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।