ঘটনাৱলী
- ১৯৬২ - ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৯ - এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।
জন্ম
- ১৭২৮ - জেমছ কুক, ইংৰাজ অভিযাত্ৰী। (দিনপঞ্জীৰ পুৰণা পদ্ধতি মতে ২৭ অক্টোবৰ আৰু নতুন পদ্ধতি মতে ৭ নৱেম্বৰ)
- ১৮১১ - আইজাক মেৰিট ছিংগাৰ, ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা।
- ১৯০১ - আব্বাছউদ্দিন আহমেদ, লোকগীতৰ যশস্বী শিল্পী।
- ১৯২০ - কে আৰ নাৰায়ণন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩২ - ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৭৮ - কল্পনা পাটোৱাৰী, ভাৰতীয় লোকগীতৰ শিল্পী।
মৃত্যু
- ১৬০৫ - আকবৰ, মোগল সম্ৰাট।
- ১৯৯০ - ভি শান্তাৰাম, ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক।
- ১৯৯১ - নিত্যা দত্ত, অসমীয়া কবি, আততায়ীৰ গুলীত নিহত হয়।
- ১৯৯৮ - লালন প্ৰসাদ সিঙ, অসমৰ প্ৰাক্তন ৰাজ্যপাল।
- ২০০১ - প্ৰদীপ কুমাৰ, হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা।
- ২০২২ - নিপন গোস্বামী, অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা।
দিৱস
- পতাকা দিৱস (গ্ৰীচ)।
- নৌ বাহিনী দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৫৯৩৪ (২৭ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।