অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৫ জুন ২০২৫ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৬৬ - প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
  • ১৯৪২ - ষ্টেলিনগ্ৰাডৰ যুদ্ধ আৰম্ভ হয়। 'চিক্স জিৰ' জিৰ' লুফ্টৱাফ' বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত ৪০,০০০ সাধাৰণ লোকৰ মৃত্য়ু হয়।
  • ১৯৪৮ - বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল।
  • ১৯৫৯ - চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল।
  • ১৯৯১ - ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
  • ২০০৫ - মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন - ২০০৫ ( Mahatma Gandhi Employment Guarantee Act 2005) লোকসভাত অনুমোদন হয়, পিছত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (MGNREGS) হিচাপে নামকৰণ কৰা হয়।

জন্ম

  • ১৭৬৯ - জৰ্জ কিউভিয়াৰ (ইংঃ Georges Cuvier), ফ্ৰান্সৰ প্ৰাণীবিজ্ঞানী আৰু প্ৰকৃতিবিদ। (মৃঃ ১৩ মে', ১৮৩২)
  • ১৮৭২ - টংগুটুৰি প্ৰকাশম (Tanguturi Prakasam), অন্ধপ্ৰদেশৰ প্ৰথম মুখ্য়মন্ত্ৰী।
  • ১৮৮৮ - হৰিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচাঁন্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান।
  • ১৮৯৮ - তাৰাশংকৰ বন্দোপাধ্যায়, প্ৰসিদ্ধ বাংলা সাহিত্যিক।
  • ১৯১৮ - আন্না মোডায়িল মণি, ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী
  • ১৯৪৩ - ৰীতা ফাৰিয়া, ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক।
  • ১৯৪৪ - চায়ৰা বানু, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৬৫ - ফ্লেক্স হুইলাৰ, বডীবিল্ডাৰ, আৰ্নল্ড ক্লাছিক বিজয়ী।
  • ১৯৬৮ - দীপক শৰ্মা, অসমৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক তথা সংগীত পৰিচালক।১
  • ১৯৬৮ - কৃষ্ণকুমাৰ কুনাথ, ভাৰতীয় নেপথ্য গায়ক।

মৃত্যু

  • ৬৩৪ - আবু বকৰ, হৰজত মহম্মদৰ শিষ্য়, ইছলাম ধৰ্মৰ প্ৰথম খলিফা।
  • ১৩০৫ - ৱিলিয়াম ৱালেছ, স্কটলেণ্ডৰ প্ৰথম স্বাধীনতা যুদ্ধৰ বীৰপুৰুষ, লণ্ডনত ইংৰাজে ফাঁচি দিছিল।
  • ১৮০৬ - চাৰ্লছ আগাষ্টিন ডি কুলম্ব (ইংঃ Charles-Augustin de Coulomb), বিখ্য়াত পদাৰ্থ বিজ্ঞানী, কুলম্বৰ সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯৪২ - গোৰাবাই কটিয়া, স্বাধীনতা সংগ্ৰামী, ইংৰাজ পুলিচে নৰছিহাপুৰৰ স্বাধীনতা আন্দোলনৰ সমদলত তেখেতক গুলীয়াই নিহত কৰে।
  • ১৯৮২ - ষ্টেনফ'ৰ্ড ম'ৰ, আমেৰিকাৰ নোবেল বিজয়ী জৈৱ-ৰসায়ন বিজ্ঞানী, ৰাইব'নিউক্লিয়াছৰ ওপৰত কৰা গৱেষণাৰ বাবে পাইছিল।
  • ১৯৯৪ - আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
  • ২০১৮ - কুলদীপ নায়াৰ, যশস্বী সাংবাদিক।

দিৱস

  • ক্ৰীতদাস বাণিজ্য আৰু ইয়াৰ অৱসানৰ আন্তৰ্জাতিক স্মৃতি দিৱস।
  • ৰাষ্ট্ৰীয় পতাকা দিৱস (ইউক্ৰেইন)।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ Bipuljyoti Saikia. Bipuljyoti Saikia's Homepage: Sangeet - Dipak Sharma. Reocities.com

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৫১৫২৭৬ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।