এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৮০ - ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
- ১৯৮০ - ভয়েজাৰ-১। বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত অভিযান সমাপ্ত কৰে।
- ১৯৮৫ - মাইক্ৰছফ্ট উইণ্ডোচ ১.০, মাইক্ৰছফ্টৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম গ্ৰাফিকেল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম, মুকলি কৰা হয়।
- ১৯৯৮ - আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ বাবে প্ৰথম মহাকাশ কেন্দ্ৰ মাপদণ্ড সংগ্ৰাহক উপাদান-জাৰিয়া, কাজাখস্তানৰ বাইকোনুৰ কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰা হয়।
- ২০২২ - আৰবীয়ান ৰাষ্ট্ৰ কাটাৰত ২২ সংখ্যক ফিফা বিশ্বকাপ আৰম্ভ। এই বিশ্বকাপ ২০ নৱেম্বৰ ২০২২ৰ পৰা ১৮ ডিচেম্বৰ ২০২২ লৈকে অনুষ্ঠিত হ'ব। আৰৱ বিশ্বত অনুষ্ঠিত হোৱা এইখন প্ৰথম বিশ্বকাপ আৰু, দক্ষিণ কোৰিয়া আৰু জাপানত ২০০২ চনৰ বিশ্বকাপৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশ্বকাপ। মুঠ আঠখন ষ্টেডিয়ামত খেল খেলিবলগীয়া এই বিশ্বকাপত ৩২খন দেশে খেলিবলৈ যোগ্যতা অৰ্জন কৰে।
জন্ম
- ১৯২৩ - নাদিন গাৰ্ডিমাৰ, দক্ষিণ আফ্ৰিকাৰ লেখিকা।
- ১৯৪২ - জ' বাইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ।
- ১৯৫০ - সুহাসিনী মুলে, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬২ - ৰাজকুমাৰ হিৰাণী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৮১ - বিন্দু মালিনী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৮৯ - ববিতা কুমাৰী ফোগাট, ভাৰতীয় মহিলা মল্লযোদ্ধা।
- ১৯৮৯ - এডৱিন পাৱেল হাবল, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
মৃত্যু
- ১৯১০ - লেৱ তলস্ত’য়, প্ৰখ্যাত ৰুছ কথা সাহিত্যিক।
- ১৯৯৯ - ছুফিয়া কামাল, বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী।
দিৱস
- শিশু দিৱস। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে। শিশুৰ অধিকাৰৰ ঘোষণাক স্মৰণ কৰি প্ৰতিবছৰৰ ২০ নৱেম্বৰ তাৰিখে বিশ্ব শিশু দিৱস পালন কৰি অহা হৈছে।
- শিক্ষক দিৱস (ভিয়েটনাম)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯২১৬৯ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।