স্বামী নিগমানন্দ পৰমহংস (স্বামী নিগমানন্দ পৰমহংস, ସ୍ବାମୀ ନିଗମାନଂଦ ପରମହଂସ, स्वामी निगमानंद परमहंस ১৮ আগষ্ট, ১৮৮০১- ২৯ নবেম্বৰ, ১৯৩৫)২) নদীয়া জিলাৰ তেতিয়াৰ চাব-ডিভিজন কুতুবপুৰ নামৰ এখন সৰু গাঁৱত (কিন্তু বৰ্তমানে বাংলাদেশৰ মেহেৰপুৰ জিলাত) এক বাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ শ্ৰী শ্ৰী ঠাকুৰ নামেৰেও পৰিচিত। চৈতন্য মহাপ্ৰভুৱেও এই একেখন জিলাতে জন্মগ্ৰহণ কৰিছিল।
সন্ন্যাস গ্ৰহণৰ পাছত তেওঁ পৰমহংস শ্ৰীমদ স্বামী নিগমানন্দ সৰস্বতী দেৱ নামেৰে পৰিচিত হয়।৩
নিগমানন্দ আছিল ভাৰতৰ এজন সত্গুৰু৪৫ আৰু সাধু।৬ তেওঁ আছিল পূৰ্ব ভাৰতত সুপৰিচিত এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।৭ তেওঁ শাক্ত সম্প্ৰদায়ভুক্ত৮ এজন ভাৰতীয় হিন্দু গুৰু,৯১০ আৰু হিন্দু দাৰ্শনিকো১১ আছিল আৰু তন্ত্ৰ আৰু যোগৰ এজন উত্কৃষ্ট আধ্যাত্মিক গুৰু হিচাপে তেওঁক গণ্য কৰা হৈছিল।১২১৩১৪
নিগমানন্দৰ অনুগামীসকলে বিশ্বাস কৰে যে তেওঁ চাৰিটা বিভিন্ন সাধনাত যথা তন্ত্ৰ, জ্ঞান, যোগ আৰু প্ৰেমত সিদ্ধি লাভ কৰিছিল।১১৫১৬ এই সকলো অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ বাংলা ভাষাত ৫খন গ্ৰন্থ ৰচনা কৰে: ব্ৰহ্মচৰ্য সাধনা, যোগী গুৰু, জ্ঞানী গুৰু, তান্ত্ৰিক গুৰু আৰু প্ৰেমিক গুৰু।১৭১৮১৯২০ স্বামী নিগমানন্দই নিৰ্বিকল্প সমাধি লাভ কৰিছিল।২১২২ == জীৱনী == === জন্ম, শৈশৱ, শিক্ষা আৰু চাকৰি জীৱন (১২৮৬ - ১৩০৮ বঙ্গাব্দ) === পিতৃ ভুবনমোহন ভট্টাচাৰ্য আৰু পিতৃৰ গুৰু স্বামী ভাস্কৰানন্দ সৰস্বতীৰ ইচ্ছানুসৰি জন্মৰ পাছত নিগমানন্দৰ নাম ৰখা হৈছিল নলীনীকান্ত। ১৩০০ বঙ্গাব্দত যেতিয়া নলীনীকান্তই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, তেতিয়া তেখেতৰ মাতৃ মাণিক্য সুন্দৰী দেৱীৰ কলেৰাত পৰি মৃত্যু হয় যি ঘটনাই তেওঁক বিষণ্ণতাত আচ্ছন্ন কৰি ৰাখিছিল। ১৩০১ বঙ্গাব্দত তেওঁ ছাত্ৰবৃত্তি পৰীক্ষাত পাছ কৰে আৰু মেহেৰপুৰ উচ্চ বিদ্যালয়ত কিছু সময়ৰ বাবে পঢ়াশুনা কৰে। ১৩০২ বঙ্গাব্দৰ আহাৰ মাহত তেওঁ জৰীপ বিষয়ত পঢ়াশুনা কৰাৰ বাবে ঢাকা আহচানউল্লাহ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হয়। নলীনীকান্তৰ পিতৃয়ে ১৩০৩ বঙ্গাব্দত হালিচহৰৰ সুধাংশুবালা দেৱী নাম</ref> মঠৰ উদ্দেশ্য/ব্ৰত আছিল হিন্দু ধৰ্মৰ ব্যাপকভাবে প্ৰচাৰ, প্ৰকৃত শিক্ষা বিস্তাৰ আৰু সকলোকে ঈশ্বৰৰ প্ৰতিমূৰ্তি হিচাপে সেৱা কৰা।
সাৰস্বত মঠ যোৰহাটৰ ছয় মাইলৰ মাজত এক অপৰূপ তৃণভূমিৰ কোলাত আশ্ৰিত আছিল। মঠৰ এপাশে আছিল এখন উপজাতীয় গাঁও আৰু ইয়াৰ তিনি দিশে গভীৰ বনে আগুৰা আছিল। মৰিয়ানি-যোৰহাট ৰেলপথ উপজাতীয় গাঁওখনৰ মাজেৰে কোকিলামুখ পৰ্যন্ত গৈছে। হিমালয় পৰ্বতমালা এই ঠাইৰ উত্তৰে, উদয়গিৰি পূৰ্বে আৰু নগা পৰ্বত দক্ষিণলৈ অৱস্থিত। আশ্ৰমৰ দৃশ্যই প্ৰাচীনকালৰ আশ্ৰমৰ দৃশ্যলৈ মনত পেলাই দিয়ে। পাশ্বৱৰ্তী জঙ্গল আৰু ঠাইখনৰ নিৰ্জনতা ধ্যানৰ অত্যন্ত অনুকূল আছিল। ধৰ্মগ্ৰন্থ পাঠ আৰু ধ্যানৰ সৈতে জীৱ-জন্তু পশুগণ চৰোৱা, ঘাঁহ খুওৱা আৰু এইবোৰৰ বাবে শুকান খাদ্য সংগ্ৰহ আছিল আশ্ৰমৰ ব্ৰহ্মচাৰীসকলৰ ওপৰত অৰ্পিত কাম। স্বামী নিগমানন্দৰ দ্বাৰা সম্পাদিত "সাৰস্বত গ্ৰন্থাবলী"ৰ কাম এই মঠৰ প্ৰেচত প্ৰকাশিত হৈছিল। আৰ্য দৰ্পণ নামেৰে ধৰ্মীয় মাহেকীয়া আলোচনী এখনো মুদ্ৰিত হোৱা অব্যাহত আছিল। ইয়াৰ বাদেও প্ৰতিষ্ঠানটোকে স্বয়ংসম্পূৰ্ণ কৰাত আশ্ৰমতে মুদ্ৰণ, আৰু অন্যান্য শিল্প যেনে কাঠৰ কাম, কমাৰৰ কাম আৰু হস্তচালিত তাঁত বোৱাৰ ব্যাৱস্থা কৰা হৈছিল। দাতব্য ঔষধালয়টো মঠৰ এটা গুৰুত্বপূৰ্ণ বিভাগত পৰিণত হৈছিল য’ত দুখীয়া ৰোগীসকলক ঔষধসহ চিকিৎসা সেৱা দিয়া হৈছিল। ছাত্ৰসকলৰ যোগ শিক্ষা দিয়াৰ বাবে ঋষি বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।২৩২৪২৫
স্বামী নিগমানন্দই মহান শঙ্কৰাচাৰ্যৰ আদেশত "সৰস্বতী"ৰ ঐতিহ্যত তেখেতৰ দহ জন ধৰ্মপ্ৰাণ শিষ্যক সন্ন্যাসত দীক্ষা দিয়ে, যিসকলৰ মাজত কনিষ্ঠতম আছিল "স্বামী নিৰ্বাণানন্দ সৰস্বতী" (এজন বিদ্বান, পণ্ডিত, দাৰ্শনিক আৰু লেখক যি পাছত অনিৰ্বাণ হিচাপে বিখ্যাত হয়) আৰু "স্বামী প্ৰজনানন্দ সৰস্বতী"। স্বামী প্ৰজনানন্দক সাৰস্বত মঠ আৰু আশ্ৰম প্ৰতিষ্ঠানসমূহৰ ট্ৰাষ্টি আৰু মোহন্ত হিচাপে শপত পাঠ কৰায়২৬ স্বামী নিগমানন্দই অৱসৰ লয় আৰু ১৯৩৫ চন পৰ্যন্ত পুৰীত নীলাচল কুটিৰত কেইবাবছৰো ধৰি বসবাস কৰে।
সাৰস্বত মঠৰ ১০০ বছৰ (১৩১৯ - ১৪১৮ বঙ্গাব্দ)
যোৰহাটৰ (কোকিলামুখত) স্বামী নিগমানন্দৰ আশ্ৰম-স্থাপত্য প্ৰতিষ্ঠান আসাম বঙ্গীয় সাৰস্বত মঠ (Shanti Ashram, completed 100 years, on bank of river Brahamaputra)]]
১৩১৯ বঙ্গাব্দত (১৯১২ চনত) স্বামী নিগমানন্দৰ দ্বাৰা প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠান (শান্তি আশ্ৰম) বা "সাৰস্বত মঠে" ১৪১৮ বঙ্গাব্দৰ বহাগ মাহৰ অক্ষয়া তৃতীয়াত (২০১১ চনৰ ৬ মেত) ইয়াৰ জীৱনৰ এশ বছৰ সম্পূৰ্ণ কৰে। স্বামী নিগমানন্দৰ উক্তি নিম্নৰূপৰ আছিল:
এই শান্তি আশ্ৰম মোৰ সমগ্ৰ জীৱনৰ সাধনা আৰু প্ৰচেষ্টাৰ ফল; এই আশ্ৰমৰ সৈতে তুলনা কৰিলে মোৰ জীৱনক যতসামান্য গুৰুত্বপূৰ্ণ বুলি মনলৈ ভাব আহিব পাৰে—মই মোৰ জীৱনক এই আশ্ৰমৰ বাবে শতবাৰ উৎসৰ্গ কৰিব পাৰোঁ। মোৰ একমাত্ৰ প্ৰত্যাশা এইয়াই যে এই আশ্ৰমৰ পৰা উপযুক্ত সময়ত শত শত নিগমানন্দ ওলায় আহক। মোৰ শিষ্যগণ, তোমালোকেই মোৰ এই আশ্ৰমৰ ৰক্ষক, আৰু মই আশা কৰোঁ যে তোমালোকৰ কোনেও যেন মোৰ এই আত্মা-সদৃশ আশ্ৰমক অৱহেলা নকৰা, আৰু ঠিক তেনেকৈয়ে মোৰ মৃত্যুৰ কাৰণো নোহোৱা। - স্বামী নিগমানন্দ২৭}} === গুৰু ব্ৰহ্ম আশ্ৰম === স্বামী নিগমানন্দই গুৰু ব্ৰহ্ম আশ্ৰম প্ৰতিষ্ঠা কৰে য’ত যি কোনো বিশ্বাসৰ ব্যক্তিবৰ্গই তেওঁলোকৰ নিজস্ব পথত ঈশ্বৰৰ আৰাধনা কৰিব পাৰে। তেওঁ অবিভক্ত বাংলাৰ পাঁচটা ভাগত পাঁচখন আশ্ৰম প্ৰতিষ্ঠা কৰে: বাংলাদেশৰ কুমিল্লাৰ ময়নামতিত "পূৰ্ব বাংলা সাৰস্বত আশ্ৰম", বাংলাদেশৰ ঢাকাৰ কালনিত "মধ্য বাংলা সাৰস্বত আশ্ৰম", বগুড়াত "উত্তৰ বাংলা সাৰস্বত আশ্ৰম", মেদিনীপুৰৰ খৰখুসামাত "পশ্চিম বাংলা সাৰস্বত আশ্ৰম" আৰু ২৪ পৰগণাৰ হালিচহৰত "দক্ষিণ বাংলা সাৰস্বত আশ্ৰম"। তেওঁ অনেক আশ্ৰম প্ৰতিষ্ঠা কৰে আৰু গুৰু-শিষ্য ঐতিহ্যত হাজাৰ হাজাৰ শিষ্য তৈয়াৰ কৰে।২৮ অসমৰ যোৰহাটৰ কোকিলামুখত স্বামী নিগমানন্দই ১৯১৫ চনত জগৎ গুৰু আসন সংস্থাপন কৰে।২৯ === নীলাচল সাৰস্বত সঙ্ঘ, পুৰী === ভাৰতৰ পুৰীৰ নীলাচল সাৰস্বত সংঘৰ প্ৰতীক স্বামী নিগমানন্দই তেখেতৰ কামাৰ পৰা অৱসৰ লয় আৰু ওড়িশাৰ পুৰীৰ নীলাচল কুটিৰত বসবাস কৰে। পুৰী চাৰি ধাম তীৰ্থযাত্ৰাৰ অংশ হিচাপে হিন্দুসকলৰ এখন পবিত্ৰ চহৰ যি ভগৱান জগন্নাথৰ চহৰ হিচাপেও পৰিচিত। স্বামী নিগমানন্দই বিশ্বাস কৰিছিল যে ভগৱান জগন্নাথ হৈছে "সত্যৰ প্ৰতীক" কাৰণ ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথৰ ধৰ্মানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক সত্যতা, একতা আৰু অখণ্ডতা মূৰ্ত/অন্তৰ্ভুক্ত কৰে।৩০৩১ তেওঁ তেখেতৰ জীৱনৰ বাকী ১২ বছৰ পুৰীত অতিবাহিত কৰে। ২৪ আগষ্ট ১৯৩৪ (শুক্ৰবাৰ), শ্ৰাবণ পূৰ্ণিমা দিৱস, নীলাচল সাৰস্বত সংঘ স্বামী নিগমানন্দৰ নিজৰ দ্বাৰা পুৰীত নীলাচল কুটিৰত প্ৰতিষ্ঠিত হৈছিল।৩২৩৩৩৪ ওড়িশাৰ ভক্তবৃন্দই তেখেতৰ জন্মদিন উদ্যাপন কৰিবলৈ তাত একত্ৰিত হয়। তেওঁ তেওঁলোকৰৰ মাজত এটা ধৰ্মীয় বৃত্ত গঠনৰ উপদেশ দিয়ে। তেখেতৰ ইচ্ছানুসৰি কিছু ভক্তই ধৰ্মীয় আলোচনাৰ বাবে এখন সমিতি বা সংসদৰ আৰম্ভ কৰে আৰু গ্ৰুপভিত্তিক আলোচনা আৰু উপাসনাৰ পৰ্যায়ক্ৰমিক বৃদ্ধিৰ দ্বাৰা "নীলাচল সাৰস্বত সংঘ" (সংঘ)৩৪ আৰম্ভ হয়, তিনিটি উদ্দেশ্য পূৰণৰ বাবে, (১) আদৰ্শ গৃহস্থ জীৱন যাপন, (২) মিলিত শক্তি প্ৰতিষ্ঠা আৰু (৩) ভাব বিনিময়।৩৫ === অন্যান্য প্ৰতিষ্ঠান === বৰ্তমানে ভাৰতৰ কিছু ঠাইত স্বামী নিগমানন্দৰ অনুগামীসকলৰ দ্বাৰা যোগ, শিক্ষা আৰু দৰ্শনৰ কিছু প্ৰতিষ্ঠান পৰিচালিত হৈছে। == কৰ্ম == === প্ৰকাশনাসমূহ === আধ্যাত্মিক পুস্তক আৰু সাময়িকী সমূহ: সাৰস্বত গ্ৰন্থাৱলী আৰু আৰ্য দৰ্পণ আছিল সত্যানুৰাগীসকলৰ বাবে তেখেতৰ অৱদান। সাৰস্বত গ্ৰন্থাৱলী সাৰস্বত গ্ৰন্থাৱলী কেৱল পাঠগত উৎসৰ ভিত্তিতেই নহয় বৰং তেখেতৰ প্ৰথম ফালৰ অভিজ্ঞতাৰ ভিত্তিত নিগমানন্দই লিখা বিখ্যাত গ্ৰন্থসমূহ হৈছে "ব্ৰহ্মচৰ্য সাধন", "যোগী গুৰু", "তান্ত্ৰিক গুৰু", "জ্ঞানীগুৰু" আৰু "প্ৰেমিক গুৰু" যিবোৰ সনাতন ধৰ্মত বিদ্যমান মৌলতত্ত্ব আৰু সাধনা বা আধ্যাত্মিক অনুশীলনৰ প্ৰায় সকলো বাস্তৱ পদ্ধতি সম্পৰ্কিত।১৭৩৬৩৭৩৮ এৰ অব্যবহিত পৰেই তেখেতৰ পৰ পৰ লেখা "মায়েৰ কৃপা"৩৯, "বেদান্ত বিবেক" আৰু "তথ্যমালা" আধ্যাত্মিক জগতত তেখেতৰ গুৰুত্বপূৰ্ণ অৱদান। সনাতন ধৰ্ম পত্ৰিকা - আৰ্য দৰ্পণ আৰ্য দৰ্পণ যৌক্তিক ভিত্তি বিবৰ্জিত সংকীৰ্ণ ধৰ্মীয় বিশ্বাসৰ দ্বাৰা ভ্ৰান্ত পথত চলিত হোৱা প্ৰবণ জনগণৰ মাজতো-উপদলীয় আধ্যাত্মিক জ্ঞান বিতৰণৰ উদ্দেশ্যে তেওঁ আৰ্য দৰ্পণ৪০ নামৰ এক মাহেকীয়া আলোচনীও প্ৰকাশ কৰে। এই আলোচনীত তেওঁ ধৰ্মীয় আৰু ধৰ্মগ্ৰন্থ সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অনেক ৰচনা লিখে। নিগমানন্দৰ অনুগামীসকলে ঘোষণা কৰিছে যে পৃথিৱীৰ যি কোনো বিশ্বাসৰ অনুগামীসকলৰ কাষত এই গ্ৰন্থসমূহ যথেষ্ট উপকাৰী আৰু যদি যত্ন সহকাৰে সেইবোৰত বৰ্ণিত বিষয়সমূহ চৰ্চা কৰা হয় তেতিয়াহ’লে সেইবোৰে আধ্যাত্মিক সাধনাত যি কোনো মানুহকে সুনিৰ্দিষ্ট সাফল্যত উপনীত কৰাই দিব। এই সকলো গ্ৰন্থ বাংলাৰ পৰা ওড়িয়া ভাষালৈ অনুবাদ কৰে এজন ওড়িয়া সাহিত্য পুৰস্কাৰ বিজয়ী ব্যক্তিত্ব আৰু ঠাকুৰৰ শিষ্য শ্ৰী ডি সি মোহান্তিয়ে, পুৰী (শ্ৰী দুৰ্গা চৰণ মোহান্তি)।৪১ যিহেতু স্বামী নিগমানন্দই এক দীঘলীয়া আৰু অব্যাহত অনুসন্ধানৰ মাজেৰে তেখেতৰ গুৰুক আবিষ্কাৰ কৰিছিল, তেখেতৰ অনেক শিষ্যয়ো তেওঁক বিচাৰি পাবলৈ সেই একেই নিয়ম অনুসৰণ কৰিছিল। এই ধৰণৰ কিছু সংখ্যক গল্প তেখেতৰ শিষ্যসকলৰ দ্বাৰা বৰ্ণিত হৈছে।৪২৪৩ ভক্ত সম্মিলনী ১৯২২: ভক্তসকলৰ সৈতে স্বামী নিগমানন্দ (মাজত) === ভক্ত সম্মিলনী === বিভিন্ন উপাসনা উপদলসমূহক শক্তিশালী, জীৱনত গুৰু থকাৰ প্ৰয়োজনীয়তা আলোচনা, আশ্ৰমত থকা সন্ন্যাসীসকলৰ কল্যাণ পৰ্যালোচনা, সামগ্ৰিকভাবে তেওঁলোকৰ আৰু আশ্ৰমৰ সমস্যাসমূহ সমাধানত সহায়, বিদ্যালয় বা সম্প্ৰদায়ৰ বাবে সমাজসেৱামূলক কাম আৰু পৰিশেষত সৰ্বজনীন আধ্যাত্মিক জীৱনৰ সমসাময়িক সমস্যাসমূহৰ ওপৰত আলোকিত বক্তাসকলৰ বক্তৃতা শ্ৰবণত আধ্যাত্মিক সভা আয়োজন কৰাৰ বাবে স্বামী নিগমানন্দই গৃহস্থ আৰু সন্ন্যাসী উভয় ধৰণৰ ভক্তৰ বাৰ্ষিকভাবে এক সন্মিলনত মিলিত হোৱাৰ আহ্বান কৰে যাক কোৱা হয় ভক্ত সম্মিলনী। নিগমানন্দই কয় যে এই সকলো কাৰ্যক্ৰমৰ উদ্দেশ্য হ’ল শিষ্যসকলক আধ্যাত্মিকভাবে অগ্ৰসৰ হোৱাত সহায় কৰা যাতে তেওঁলোকে জীৱনত শান্তি আৰু সত্যৰ সুখ লাভ কৰিব পাৰে।১ নিগমানন্দই পৃথিৱীৰ মঙ্গলাৰ্থে এই সম্মিলনী সম্পৰ্কে কিছু স্পষ্ট নীতি-নিয়ম ৰাখি গৈছে। তেওঁ এই সম্মিলনীক দুটা অংশত বিভক্ত কৰে: এটা হৈছে সাৰ্বভৌম (দেশব্যাপী) ভক্ত সম্মিলনী আৰু আণ্টো হৈছে প্ৰাদেশিক (ৰাজ্যব্যাপী) ভক্ত সম্মিলনী।;সাৰ্বভৌম ভক্ত সম্মিলনী স্বামী নিগমানন্দই ১৯১৫ চনত অসমৰ যোৰহাটৰ কোকিলামুখত প্ৰথম সাৰ্বভৌম ভক্ত সম্মিলনীৰ আৰম্ভ কৰে।১ ১৯৩৪ চনতৰ সাৰ্বভৌম ভক্ত সম্মিলনীত স্বামী নিগমানন্দই প্ৰতিনিধি হিচাপে তেখেতৰ সকলো শিষ্যকেই আমন্ত্ৰণ জনায় আৰু পুৰীত পৰৱৰ্তী সাৰ্বভৌম ভক্ত সম্মিলনীৰ আহ্বান কৰে।;প্ৰাদেশিক ভক্ত সম্মিলনী প্ৰথম প্ৰাদেশিক সম্মিলনী ১৯৪৭ চনত "নীলাচল সাৰস্বত সংঘ, পুৰী"ৰ দ্বাৰা ওড়িশাৰ গঞ্জাম জিলাৰ আঙ্কোলিত মঘাৰ পূৰ্ণিমাত অনুষ্ঠিত হয় য’ত প্ৰায় ৬০ জন ভক্তৰ সমাবেশ ঘটে।৪৪ সম্মিলনীত ভক্তসকলৰ আগমণত উপচি পৰা স্বৰ্গসুখৰ অনন্ত প্ৰস্ৰবণৰ পৰা স্বৰ্গীয় সুখ উপভোগ কৰাত স্বামী নিগমানন্দই তেখেতৰ সন্তানসকলৰ (শিষ্যসকলৰ আৰু ভক্তসকলৰ) প্ৰত্যেককে তেখেতৰ উষ্ণ আৰু আন্তৰিক আমন্ত্ৰণ জনাইছিল। সম্মিলনীত আনন্দেৰ প্লাবন উপচি পৰে আৰু অংশগ্ৰহণকাৰীসকল ইয়াৰ অংশীদাৰ হয়। বাৰ্ষিক সম্মিলনী তেখেতৰ হৃদয়ৰ খুব প্ৰিয় আছিল আৰু ভক্তসকলৰ সকলোৱেই ইয়াত শিষ্যসকলৰ সৈতে মিলিত হোৱাত তেখেতৰ আনন্দ উপলব্ধি কৰিছিল। তেওঁ কয়: {{cquote|মোৰ ভক্তসকল সম্পূৰ্ণভাবে অবগত যে বছৰত এবাৰ খ্ৰীষ্টমাসত এই সম্মিলনীত তেওঁলোকক সমবেত হোৱা দেখি মই আনন্দিত। এই ধৰণৰ সমাবেশে মঠসমূহক বিখ্যাত কৰিব আৰু পৃথিৱীৰ বাবে সাধাৰণভাবে মঙ্গল বোৱাই আনিব। - স্বামী নিগমানন্দ৪৫
''
স্বামী নিগমানন্দই বাৰ্ষিক সম্মিলনীত মহিলা শিষ্যসকলৰ বাবে এটা ভিন্ন উপাসনা দিৱসৰ সূচনা কৰিছিল য’ত তেওঁলোকে নিজৰ মাজতেই অংশগ্ৰহণ আৰু তেওঁলোকৰ দৃষ্টিভঙ্গি বিনিময় কৰিব পাৰিছিল।
অধিক পঢ়ক
গ্ৰন্থ
ইংৰাজী
- Nigamānanda. (2000). Divine way of life. B.Jain. ISBN 978-81-7021-911-8
- Sarasvati Deva (Svāmī Nigamānanda.). (1989). Tantrika guru. Saraswata Sangha
- Nigamānanda Sarasvati Deva (Svāmī.). (1989). Gyānī guru. Nilachala Saraswata Sangha
- Nigamānanda Sarasvati Deva (Svāmī.). (1989). Premika guru. Nilachala Saraswata Sangha
- Nigamānanda Sarasvati Deva (Svāmī.). (1963). Y0gī guru. Nilachala Sarasvata Sangha
পুথিভঁৰাল
ইংৰাজী সাহিত্য
- The divine universal gospels of Sri Nigamananda National Library, Ministry of Culture, Government of India (Call No. E 294.598 D 496)
- Sadguru Nigamananda: a spiritual biography / Moni Bagchee HATHI TRUST Digital Library
- Sadguru Nigamananda openlibrary.org
ওড়িয়া সাহিত্য
- Sri Sri Thakur Nigamananda, Jogi Guru, Premika Guru Birmaharajpur College Library Acc No.1005, 1004 & 1003
- Bramhacharya Sadhana & Gyani Guru Birmaharajpur College Library Acc No.2301 & 2302
বাংলা সাহিত্য
- Premika Guru Author: Paramhansa, Nigamananda, West Bengal Public Library Network
- Yogi Guru Author: Paramhansa, Nigamananda, West Bengal Public Library Network
পাঠসমূহ
শ্ৰী চিন্ময় পুথিভঁৰাল সংগ্ৰহ
- My Guru Is The Highest
- Dream Becomes Reality
- Temptation-Power Almost Succeeds
- Not The Outer Form, But The Inner Essence
- Body's Beauty Fails; Soul's Beauty Sails
- Divine Love Consoles Human Loss
- Swami Nigamananda (Not an Avatar)
- The Master's Protection-Arms
- Attachment-Cry Versus Oneness-Sky
- A Mere God-Lover
চিঠি পত্ৰ
- Thakurer Chithi (ठाकुरेर चिठी) A collection of 100 letters written by Swami Nigamananda Paramahansa to his disciples, The Modern review (Page-337)
আৰু চাওক
বাহ্যিক সংযোগ
- নিগমানন্দ পৰমহংস (বাংলাপিডিয়া )
- স্বামী নিগমানন্দ, নিগমানন্দৰ জীৱন, কৰ্ম, শিক্ষা আৰু দৰ্শনৰ ওপৰত এটা ৱেবছাইট
তথ্যসূত্ৰ
- ↑ Moni Bagchee. (1987). Sadguru Nigamananda: a spiritual biography. Assam Bangiya Saraswat Math. পৃ. 43
- ↑ Nigamananda Paramahansha. BANGLAPEDIA
- ↑ Saraswata Sangha, America. Paramahansa Srimat Swami Nigamananda Saraswati Deva. Nilachala Saraswata Sangha,Puri
- ↑ Sher Singh; S. N. Sadhu. (1991). Indian books in print. Indian Bureau of Bibliographies. পৃ. 572. ISBN 9788185004464
- ↑ Moni Bagchee. (1987). Glory of India. Motilal Banarsidass. পৃ. 98. ISBN 0887061778
- ↑ Prof. Shrikant Prasoon. (28 July 2009). Indian saints and sages. Pustak Mahal. পৃ. 57–. ISBN 9788122310627
- ↑ Paramahamsa Prajnanananda. (15 August 2006). My Time with the Master. Sai Towers Publishing. পৃ. 25–. ISBN 9788178990552
- ↑ Mohan Lal. (1 January 2006). The Encyclopaedia Of Indian Literature (Volume Five (Sasay To Zorgot). Sahitya Akademi. পৃ. 3961–. ISBN 9788126012213
- ↑ Books Llc. (May 2010). Hindu Gurus: Swami Vivekananda, A. C. Bhaktivedanta Swami Prabhupada, Paramahansa Yogananda, Sathya Sai Baba, Guru, Sai Baba of Shirdi. General Books LLC. ISBN 9781156841020
- ↑ Sri Chinmoy. (January 1997). Jardin Del Alma. Editorial Sirio, S.A. পৃ. 119–. ISBN 9788478082308
- ↑ Books; LLC. (May 2010). Hindu Philosophers: Paramahansa Srimat Swami Nigamananda Saraswati Dev,Gautama Buddha, Sarvepalli Radhakrishnan, Swami Vivekananda,. General Books LLC. ISBN 9781157067009
- ↑ Prafulla Chandra Bhanja Deo; Jitāmitra Prasāda Siṃhadeba. (2007). A Tantric scholar, and the British wrath on Bastar State: historical documentation relating to Rajkumar Prafulla Chandra Bhanja Deo, and Swami Nigamananda Saraswati. Punthi Pustak. পৃ. 4, 13, 20. ISBN 9788186791660
- ↑ Chandra Bhanu Satpathy. (1 July 2001). Shirdi Sai Baba and other perfact masters. Sterling Publishers Pvt. Ltd. পৃ. 717–. ISBN 9788120723849
- ↑ Narasingha Prosad Sil. (1991). Rāmakṛṣṇa Paramahaṁsa: a psychological profile. BRILL. পৃ. 92–. ISBN 9789004094789
- ↑ Library of Congress Office; New Delhi. (1980). Accessions list, India. Library of Congress Office
- ↑ David R. Kinsley. (1979). The divine player: a study of Kṛṣṇa līlā. Motilal Banarsidass. পৃ. 296–. ISBN 9780896840195
- ↑ List of Books-Page:102, Brahamcharya Sadhana, Yogi Guru, Gyani Guru, Tantrika Guru, Premika Guru, (Ami ki Chai) at Religious movements in modern Bengal By Benoy Gopal Ray Visva-Bharati, 1965
- ↑ Swami Nigamananda, collection,Bangala Pedia Nigamananda wrote several books on ascetic philosophy and tantricism
- ↑ Premika Guru, Bangla 4th Edition By West Bengal PUblic Library Network
- ↑ Nigamananda. (1926). Yogi Guru - 7th ed.. Saraswat Math, Garohill Yogashram
- ↑ Divine way of life Accessdate=15 April 2011,Nigamananda who had to sacrifice ... Nirvikalpa Samadhi, Swami Nigamananda had experienced the state of Nirvikalpa,Publisher=B.Jain,Year=2000, ISBN=9788170219118''
- ↑ ''Author=Moni Bagchee|title=Sadguru Nigamananda: a spiritual biography,Accessdate=15 April 2011,Swami Nigamananda's Nirvikalpa Exprience,Publisher=Assam Bangiya Saraswat Math,Year=1987 Page=73
- ↑ Religious movements in modern Bengal Author-Benoy Gopal Ray, Visva-Bharati, 1965, Rishi Vidyalaya have been founded to train up students.... Page -102
- ↑ Assam Bangiya Saraswat Math and Cemetery of Swami Nigamananda
- ↑ Shree Shree Thakur Nigamananda-Oriya Jeevani,CHAPTER-"SARASWATA MATHA" Writer: Durgacharan Mohanty, Banmali Das, Nilanchala Saraswata Sangha, Puri
- ↑ Encyclopedia of World Religions(Encyclopedia of Hinduism, Page-79)
- ↑ Swami Nigamananda's Quote
- ↑ Press Institute of India; Press Trust of India. (1997). Data India. Press Institute of India. পৃ. 159
- ↑ Religious movements in modern Bengal Author-Benoy Gopal Ray, Visva-Bharati, 1965,The main center is situated at Kokilamukha (Assam)....'Page -102'
- ↑ Sachindra Kumar Maity. (1 January 1997). Professor A.L. Basham, my Guruji and problems and perspectives of ancient Indian history and culture. Abhinav Publications. পৃ. 378–. ISBN 9788170173267
- ↑ Ramprasad Mishra; Lakṣmīṅkarā. (1995). Advayasiddhi, the Tāntric view of Lakṣmīṅkarā. Kant Publications. পৃ. 41. ISBN 9788186218006
- ↑ Nilachala Saraswata Sangha, Authors=Mamata Swain,Jagannath Lenka,Minati Mallick,Coauthors=North Orissa University. P. G. Dept. of Economics, India. Ministry of Women and Child Development|title=Gender perspective in disaster management,Publisher=Serials Publications|lISBN=9788183871211, Search String "Nilachal Saraswat", Page=228
- ↑ Indian Anthropological Soicety. (2001). Journal of the Indian Anthropological Society. The Society. পৃ. Volume 36, page 156
- ↑ Mamata Swain; Jagannath Lenka; Minati Mallick. (2007). Gender perspective in disaster management. Serials Publications. পৃ. 228. ISBN 9788183871211
- ↑ Library of Congress. Library of Congress Office; New Delhi. (2002). The South Asian bibliographer: a list of current publications compiled by the Library of Congress Office, New Delhi. Sage Publications. পৃ. 888
- ↑ Swami Nigamananda Saraswati Yoga Vidya Kendra, Chennai Accessdate=4 April 2011|year=2004|publisher=Project of History of Indian Science, Philosophy and Culture (PHISPC), Sub project: Consciousness, Science, Society, Value and Yoga (CONSSAVY)|isbn=9788187586173|page=xxiii
- ↑ Bangala Pedia Nigamananda wrote several books on ascetic philosophy and tantricism
- ↑ Swami Rama. (1 July 1999). Living with the Himalayan Masters. Himalayan Institute Press. পৃ. 424–. ISBN 9780893891565
- ↑ The madness of the saints: ecstatic religion in Bengal By June McDaniel(isbn=9780226557236) Nigamananda Saraswati -Mayer KrpaPage-310 (Sr.185)
- ↑ (1963). Press in India (1963 - Language Arts & Disciplines). পৃ. 505 (Sr.607)
- ↑ Amulya Kumar Tripathy; P. C. Tripathy; Jayadeva. (2006). The Gita Govinda of Sri Jayadev. Yogi Guru (1968) Premika Guru (1983) Oriya Translator: DC MOHANTY (Sri Durga Charan Mohanty). Publication Division, Ministry of Information and Broadcasting, Govt. of India. পৃ. Search String "D C Mohanty"
- ↑ Stories By Sri Chinmoy
- ↑ Sri Chinmoy. (April 1998). El jardín del alma. Editorial Sirio, S.A. পৃ. 119–. ISBN 9788478082308
- ↑ (Events) - Swami Nigamananda's Sarbabhouma Bhakta Sammilani & PradeshikaBhakta Sammilani
- ↑ Swami, Nigamananda. Swami Nigamananda's BHAKTA SAMMILANI. Bhakta Sammilani Oriya book written by Durga Charan Mohanty. Assam Bangiya Saraswata Matha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বামী নিগমানন্দ” প্ৰবন্ধৰ সংশোধন ৫৪৫৬২৭ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।