অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৪ জুলাই

১৬৩৬ - ঔৰংজেৱক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে। ১৭৮৯ - ফৰাচী বিপ্লৱৰ বাষ্টিল কাৰাগাৰৰ ধুমুহা (ইংঃ Storming of the Bastille) সূচনা হৈছিল। ১৮৬৭ - আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ডিনামাইটৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।

হালনাগাদ: ২২ জানুৱাৰী ২০২৪ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৬৩৬ - ঔৰংজেৱক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে।
  • ১৭৮৯ - ফৰাচী বিপ্লৱৰ বাষ্টিল কাৰাগাৰৰ ধুমুহা (ইংঃ Storming of the Bastille) সূচনা হৈছিল।
  • ১৮৬৭ - আলফ্ৰেড ন'বেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ডিনামাইটৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
  • ১৯৪২ - মোহনদাস কৰমচান্দ গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
  • ১৯৯৪ - চক্ৰশিলা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।
  • ২০০৮ - মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
  • ২০১৯ - চেক গণৰাজ্যত অনুষ্ঠিত ক্লডনু এথলেটিক মিটত ২০০ মিটাৰৰ ইভেন্টত সীমা দাসে স্বৰ্ণ জয় কৰিছিল।
  • ২০২৩ - চন্দ্ৰযান-৩ৰ উৎক্ষেপণ। এই তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ ইছৰোৱে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা দুপৰীয়া ২:৩৫ বজাত কৰে।১২

জন্ম

  • ১৮৭৪ - আন্দ্ৰে লুই দেবিয়েৰ্ন, ফৰাচী ৰসায়ন বিজ্ঞানী, এক্টিনিয়াম (ইংঃ actinium) মৌলৰ আৱিষ্কাৰক। (মৃঃ ১৯৪৯)
  • ১৯১৩ - জেৰাল্ড ফ'ৰ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৩৮তম ৰাষ্ট্ৰপতি। (মৃঃ ২০০৬)
  • ১৯১৮ - ইংমাৰ বাৰ্গমেন, ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক, লেখক তথা চলচ্চিত্ৰ প্ৰযোজক। (মৃঃ ২০০৭)
  • ১৯২১ - জে. উইলকিনছ, ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী।
  • ১৯৪৭ - নবীন ৰামগোলাম, মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৭১ - মধু চাপৰে, ১৯৯২ চনৰ মিছ ইণ্ডিয়া।

মৃত্যু

  • ১৮১৬ - ফ্ৰান্সিস্কো দি মিৰাণ্ডা, ভেনিজুৱেলাৰ বিপ্লৱী। (জঃ ১৭৫০)
  • ১৯৮৮ - পূৰ্ণানন্দ দত্ত, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
  • ১৯৯৮ - ৰিচাৰ্ড মেক ড'নাল্ড, মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত ব্যৱসায়ী।
  • ২০০২ - নৱকান্ত বৰুৱা, প্ৰসিদ্ধ অসমীয়া সাহিত্যক।
  • ২০১৪ - মীনা আগৰৱালা, এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল।
  • ২০১৭ - মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


তথ্যসূত্ৰ

  1. ↑ (১৪ জুলাই ২০২৩). Chandrayaan 3 Launch LIVE Updates: Moon landing expected on August 23rd at around 5.47pm, says ISRO chief S Somanath. দি ইক'ন'মিক টাইম
  2. ↑ (১৪ জুলাই ২০২৩). Chandrayaan-3, Isro's third lunar mission, successfully launched into orbit. দি টাইমছ্ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৪ জুলাই” প্ৰবন্ধৰ সংশোধন ৪০৩২৫৪ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।