অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমপ্ৰভা চুতীয়া

হেমপ্ৰভা চুতীয়া (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৫৫)

হালনাগাদ: ৫ মে’ ২০২৪ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হেমপ্ৰভা চুতীয়া (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৫৫) এগৰাকী অসমীয়া বয়ন শিল্পী। তেওঁ প্ৰধানকৈ ধৰ্মগ্ৰন্থৰ পদ আদিৰ চানেকি তাঁতৰ কাপোৰত বৈ উলিওৱাৰ বাবে জনাজাত। ২০১৩ চনৰ পৰা তেওঁ এই কামত মনোনিবেশ কৰে। তেখেতৰ এনে সৃষ্টিশীল কামৰ বাবে অসম চৰকাৰে তেওঁক ২০২১ চনৰ ৰাজ্যিক অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। ২০২৩বৰ্ষত ভাৰত চৰকাৰে হেমপ্ৰভা চুতীয়াক কলা/আৰ্ট বিষয়ত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী প্ৰদান কৰে।১

পৰিয়াল

১৯৫৫ চনত ডিব্ৰুগড় জিলাৰ মৰাণৰ অভয়াপুৰী গাঁৱত জন্মগ্ৰহণ কৰা হেমপ্ৰভা চুতীয়াই ১১ বছৰ বয়সৰ পৰা তাঁতবোৱা কাম আৰম্ভ কৰে। স্বামী যোগেশ্বৰ চুতীয়াক এল.এল.বি সম্পূৰ্ণ কৰিবলৈ তেওঁ প্ৰেৰণা যোগায়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।২

উল্লেখযোগ্য কৰ্ম

বয়ন শিল্পী ৰূপে পৰিচয় গঢ়া হেমপ্ৰভা চুতীয়াই তেওঁৰ এই সৃষ্টিশীল কৰ্মৰ সম্পৰ্কে উল্লেখ কৰি কৈছিল-

সৰুৰে পৰা মোৰ মনত কিবা এটা অসাধ্য সাধন কৰাৰ প্ৰবল ইচ্ছা আছিল। কিন্তু কি কৰিম মানে কি অসাধ্য সাধন কৰিম তাৰ কোনো লক্ষ্য নাছিল। এইখিনিতে জনাওঁ যে মই প্ৰায় ১১ বছৰ বয়সৰ পৰা তাঁত বৈছো, কাপোৰ বনাইছো। ২০১৩ চনৰ কথা। এদিন ৰাতি ভাত খাই শুবলৈ ল’ওতে কোনোবাই মোক গুণমালা পুথিখন তাঁতত লিপিবদ্ধ কৰিবলৈ আদেশ দিয়া দেখিলো। দেখিলো নে শুনিলো সেইটো এতিয়াও অস্পষ্ট। কাৰণ সেইয়া সপোন নে মোৰ মনৰ জোৰত এই ভাব আহিল, আজিও মই অজ্ঞ। সেইদৰে এমাহমান কথাটো কাৰো আগত প্ৰকাশ নকৰাকে মনতে ৰাখিছিলো, কি কৰো কি নকৰো লাগিছিল! অৱশেষত মোৰ চিন্তাৰ বিষয়ে মোৰ দুই পুত্ৰক জনাও তেওঁলোক মোৰ কথাত সহযোগিতা আগবঢাই কয় যে তুমি আগবাঢ়া আমি পাৰ্যমানে সহায় কৰিম। সেইদৰে বহু নীতি নিয়মৰে গুৰুজনাক গোঁসাই ঘৰত এভাগ সেৱা আগবঢাই উপবাসেৰে থাকি ২০১৩ চনৰ ২২ জুলাইত ‘গুণমালা’ পুথিখন আৰম্ভ কৰো। ২

তেখেতৰ এই কৰ্মৰাজীক প্ৰথমবাৰৰ বাবে সমাজলৈ আগবঢ়াই দিয়াত অসম সাহিত্য সভাৰ কলিয়াবৰ শাখাই আগভাগ লৈছিল। ২০১৩ চনত ব'বলৈ আৰম্ভ কৰা এই গুণমালাৰ চানেকি থকা কাপোৰখনৰ প্ৰস্থ ১৭ ইঞ্চি আৰু দৈঘ্য ৮০ ফুট। নামঘোষাৰ পদৰ চানেকি যুক্ত কাপোৰ খনৰ প্ৰস্থ ২ ফুট আৰু দৈঘ্য ২০০ ফুট। আন এখন ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাৰ অসমীয়া আখৰৰ চানেকি যুক্ত কাপোৰখন ১৫০ ফুট দৈঘ্যৰ বিপৰীতে ইংৰাজী আখৰৰ কাপোৰখন ২৮০ ফুট দৈঘ্যৰ।৩

বঁটা আৰু সন্মান

বয়ন শিল্পৰ বাবে তেখেতে লাভকৰা বিভিন্ন বঁটা আৰু সন্মান সমূহ হৈছে-৪৩

  • যোৰহাটৰ বকুলবন ন্যাসৰ বকুলবন বঁটা (২৭ জানুৱাৰী ২০১৭)
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই কনকলতা বঁটা (০৬ ফেব্ৰুৱাৰী ২০১৭)
  • অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ শ্ৰেষ্ঠা শিপিনী বঁটা (১৫ আগষ্ট ২০১৬)
  • অসম চৰকাৰৰ অসামৰিক সন্মান ''অসম গৌৰৱ বঁটা' (২০২১-২২)
  • গহপুৰ চুতীয়া যুৱ সন্মিলনৰ সূবৰ্ণবালা বৰা সাংস্কৃতিক বঁটা (২৯ জানুৱাৰী ২০১৮)
  • গুৱাহাটীৰ ঋষি কপিল মেম'ৰিয়েল ট্ৰাষ্টৰ শিল্পী ঋষি কপিল মেম'ৰিয়েল বঁটা
  • লোকশিল্পী ডলী দাস বঁটা-২০১৮ (Maramland Welfare Society)
  • FLO WOMEN ACHIEVERS AWARD OF EXCELLENNCE (FICCI FLO NORTH- EAST)
  • নাৰী মহিয়সী বঁটা-২০১৯ (গতি সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা)
  • আৰতি দাস সোঁৱৰণী সদিচ্ছা সমাজসেৱা বঁটা (০৮ মাৰ্চ ২০২০)
  • প্ৰাগ প্ৰেৰণা বঁটা (০৮ মাৰ্চ ২০২০)
  • অসম গৌৰৱ বঁটা (২০২৩)
  • পদ্মশ্ৰী (২০২৩)

তথ্যসূত্ৰ

  1. ↑ ষ্টাফ ৰিপৰ্টাৰ. (২৬ জনুৱাৰী, ২০২৩). বয়ন শিল্পী হেমপ্ৰভা, মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী, সমাজকৰ্মী ৰামকুইৱাংবেলৈ পদ্মশ্ৰী. অসমীয়া খবৰ. পৃ. প্ৰথম পৃষ্ঠা
  2. ↑ (12 August 2016). হেম প্ৰভা চুতীয়া- অসমৰ হস্ততাঁত শিল্পৰ এক গৌৰৱ. nefocus.com
  3. ↑ (1 November 2020). আজিও বঞ্চিত ৰাজ সাহায্যৰ পৰা সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া. etvbharat.com
  4. ↑ (4 December 2021). অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক সন্মানঃ ১৯ গৰাকী লোকলৈ প্ৰদান এই বঁটা. dainandinbartagroup.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসম গৌৰৱ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমপ্ৰভা চুতীয়া” প্ৰবন্ধৰ সংশোধন ৪২০৫৫৫ (৫ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।