অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাজীৱ গান্ধী হত্যাকাণ্ড

ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত এক আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা হত্যা কৰা হয়।

হালনাগাদ: ৬ মে’ ২০২০ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত এক আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা হত্যা কৰা হয়। ভৰতৰ ইতিহাসত এই ঘটনাক ৰাজীৱ গান্ধী হত্যাকাণ্ড হিচাপে জনা যায়। উক্ত আক্ৰমণত ৰাজীৱ গান্ধীৰ বাহিৰেও অন্য চৈধ্য জন লোক নিহত হয়। তেনমোঝি ৰাজাৰত্নম ওৰফে ধনু নামৰ এল টি টি ই ৰ মহিলা সদস্য এগৰাকীয়ে আত্মঘাতী আক্ৰমণৰ জৰিয়তে ৰাজীৱ গান্ধীক হত্য্য কৰে।উল্লেখ্য যে সেই সময়তে ভাৰতীয় শান্তি ৰক্ষা বাহিনীক শ্ৰীলংকাৰ গৃহযুদ্ধৰ পৰা বিতাৰিত কৰিছিল। দুটা তদন্ত আয়োগে তদন্ত কৰি পিছলৈ এই হত্যাকণ্ডৰ তত্ব উদঘাটন কৰে আৰু এই হত্যাকাণ্ড এখন জাতীয় চৰকাৰৰ পতনৰ কাৰণ হৈ পৰে।

হত্যা

ৰাজীৱ গান্ধীয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দক্ষিণ ভাৰতলৈ গৈছিল। বিশাখাপট্টনামত সফলতাৰে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পিছত তেওঁৰ লক্ষ্য আছিল তামিলনাডুৰ শ্ৰীপেৰুম্বুদূৰ। মাদ্ৰাজত( এতিয়া চেন্নাই) উপস্থিত হোৱাৰ দুঘন্টা পিছত তেওঁ বগা এম্বেচাদৰ কাৰৰ কনভয় এটাৰ সৈতে শ্ৰীপেৰুম্বুদূৰলৈ ৰাওনা হৈছিল। যোৱা পথত নিৰ্বাচনী প্ৰচাৰ থলী কিছুমানত কনভয়টো ৰৈ ৰৈ গৈছিল। তেওঁৰ গাড়ীত এজন বিদেশী সাংবাদিকো গৈছিল যিয়ে তেওঁৰ যাত্ৰা পথত এক সাক্ষৎকাৰ গ্ৰহণ কৰিছিল। সভাথলীত উপস্থিত হৈ, গাড়ীৰ পৰা নামি মঞ্চ অভিমুখে খোজকাঢ়ি আগবাঢ়িছিল। আৰু ইয়াতে শুভকাংশী, কংগ্ৰেছ কৰ্মী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মালাৰে তেওঁক সম্বৰ্দ্ধনা জনাইছিল। এই সভাখন নিশা হৈছিল আৰু প্ৰায় ১০ বাজি ২১ মিনিটত হত্যাকাৰী ধনুয়ে গান্ধীক সম্ভাষণ জনাবলৈ আগবাঢ়ি আহে আৰু গান্ধীৰ চৰণ চুবলৈ হালি যায় আৰু কাপোৰৰ তলত কঁকালত বান্ধি অহা আৰ ডি এক্স ভৰ্তি বেল্টডাল সক্ৰিয় কৰি দিয়ে। এই বিষ্ফোৰণত হত্যাকাৰী ধনু আৰ গান্ধীৰ উপৰিও অন্য ১৪ জন লোক নিহত হয়। এই হত্যাকাণ্ডৰ দৃশ্যটো এজন স্থানীয় ফটোগ্ৰাফাৰৰ কেমেৰাই ধৰি ৰাখে। কেমেৰা আৰু ফিল্মখন সেই স্থানত পোৱা গৈছিল যদিও ফটোগ্ৰাফাৰজন নিহত হৈছিল।

সম্পৰ্কিত শ্ৰেণী

অপৰাধস্বাধীনোত্তৰ ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীৱ গান্ধী হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ২২৫৭৩০ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।