মীন ভাৰতীয় সৌৰ পঞ্জিকাৰ এটা মাহ।১২৩ ই মীন ৰাশিৰ সৈতে মিলে আৰু গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত প্ৰায় মাৰ্চ মাহৰ শেষ পষেক আৰু প্ৰায় এপ্ৰিল মাহৰ আৰম্ভণিৰ পষেকত পৰে।১ মীন মাহৰ প্ৰথম দিন, অৰ্থাৎ মীন সংক্ৰান্তি, সাধাৰণতে ১৪ মাৰ্চত পৰে।৪
বৈদিক গ্ৰন্থত মীন মাহক তপস্যা (IAST: Tapasya) বুলি কোৱা হয়, কিন্তু এই প্ৰাচীন গ্ৰন্থসমূহত ইয়াৰ কোনো ৰাশি সম্পৰ্ক নাই।৫ হিন্দু লুনিছ'লাৰ কেলেণ্ডাৰত মীন সৌৰ মাহটো ইয়াৰ চন্দ্ৰ মাহ চৈত্ৰৰ সৈতে ওপৰাওপৰি হয়।৬৭ ভাৰত উপমহাদেশৰ বাবে মীন বসন্তৰ বতৰ। ইয়াৰ আগত থাকে কুম্ভ সৌৰ মাহ আৰু তাৰ পিছত থাকে সৌৰ মাহ মেষ।২
তামিল হিন্দু পঞ্জিকাত মীন মাহক পাংগুনি বুলি কোৱা হয় আৰু পৰম্পৰাগত পঞ্জিকাত ই শেষ মাহ।১ ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় যুগৰ সংস্কৃত গ্ৰন্থসমূহৰ হিচাপত মীন মাহৰ সময়সীমাৰ বিষয়ে ভিন্নতা আছে, ঠিক আন মাহবোৰৰ দৰেই। উদাহৰণস্বৰূপে, সূৰ্য সিদ্ধান্তত মীনৰ সময়সীমা ৩০ দিন, ৮ ঘণ্টা, ২৯ মিনিট আৰু ১ ছেকেণ্ড বুলি গণনা কৰা হৈছে।৭ ইয়াৰ বিপৰীতে আৰ্য সিদ্ধান্তত মীন মাহৰ সময়সীমা ৩০ দিন, ৮ ঘণ্টা, ৭ মিনিট আৰু ৪২ ছেকেণ্ড বুলি গণনা কৰা হৈছে।৭
দক্ষিণ এছিয়াৰ এপিগ্ৰাফিক অধ্যয়নত ভাৰতীয় সৌৰ মাহৰ নামসমূহ উল্লেখযোগ্য। উদাহৰণস্বৰূপে, মীন মাহটোৰ লগতে অন্যান্য সৌৰ মাহবোৰ মধ্যযুগীয় যুগৰ মন্দিৰত লিখা পোৱা যায়। চোল সাম্ৰাজ্যৰ স্মৃতিসৌধত মীন মাহ খোদিত কৰা দেখা যায়।৮
মীন (আক্ষৰিক অৰ্থত মাছ) ভাৰতীয় ৰাশিফল ব্যৱস্থাত জ্যোতিষবিজ্ঞানৰ ৰাশিও, মীন ৰাশি (জ্যোতিষ)ৰ সৈতে একেই।৯
মঙ্গল গ্ৰহৰ বাবেও মীন হৈছে ডাৰিয়ান কেলেণ্ডাৰত অষ্টম মাহ, যেতিয়া মঙ্গল গ্ৰহৰপৰা দেখাৰ দৰে সূৰ্যই মীন ৰাশিৰ কেন্দ্ৰীয় খণ্ড অতিক্ৰম কৰে।
তথ্যসূত্ৰ
- ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: A-M, N-Z (Vol 1 & 2). The Rosen Publishing Group. পৃ. 497. ISBN 978-0-8239-3179-8
- ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 5–11, 23–29
- ↑ Vasudeva Rao. (2002). Living Traditions in Contemporary Contexts: The Madhva Matha of Udupi. Orient Blackswan. পৃ. 48–53. ISBN 978-81-250-2297-8
- ↑ Meena Sankranti 2021 today: All you need to know about this significant day
- ↑ Nachum Dershowitz; Edward M. Reingold. (2008). Calendrical Calculations. Cambridge University Press. পৃ. 123–128. ISBN 978-0-521-88540-9
- ↑ Christopher John Fuller. (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃ. 291–293. ISBN 978-0-69112-04-85
- ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 10–11
- ↑ E Hultzsch. (1906). Epigraphia Indica. Education Society Press. পৃ. 3, 264–267, 283 with footnotes
- ↑ Bangalore V. Raman. (2003). Studies in Jaimini Astrology. Motilal Banarsidass. পৃ. 10–19. ISBN 978-81-208-1397-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীন (মাহ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৪১৬ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।