বৃষভ বা বৃষ হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ।১২ এই মাহটো বৃষ ৰাশিৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ দ্বিতীয়াৰ্ধ আৰু জুন মাহৰ প্ৰথমাৰ্ধক সামৰি লয়।১ মাহটোৰ প্ৰথম দিনটোক বৃষভ সংক্ৰান্তি বুলি কোৱা হয় আৰু ই সাধাৰণতে ১৪ বা ১৫ মে' তাৰিখে পৰে।
বৈদিক সাহিত্যসমূহত বৃষভ মাহক মাধৱ বোলা হয়। কিন্তু পৌৰাণিক গ্ৰন্থসমূহত জ্যোতিষবিদ্যাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।৩ বৃষভ মাহটো হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ জ্যেষ্ঠ বা জেঠ মাহৰ সমসাময়িক।৪৫ বৃষভৰ পূৰ্বৱৰ্তী মাহ মেষ আৰু পৰৱৰ্তী মাহ মিথুন।২
তামিল বৰ্ষপঞ্জীত বৃষভক বৈকাষী বোলা হয়।১ প্ৰাচীন আৰু মধ্যযুগীয় সংস্কৃত সাহিত্যসমূহত অন্যান্য মাহৰ দৰে বৃষভৰো সময়সীমাৰ ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে, সূৰ্য সিদ্ধান্তই বৃষভত ৩১ দিন ১০ ঘণ্টা ৫ মিনিট ১৩ ছেকেণ্ড থকা বুলি গণনা কৰিছে।৫ ইয়াৰ বিপৰীতে, আৰ্য সিদ্ধান্তত মাহটোত ৩১ দিন ৯ ঘণ্টা ৩৭ মিনিট ৩৬ ছেকেণ্ড থকা বুলি গণনা কৰা হৈছে।৫
দক্ষিণ এছিয়াৰ পুৰালেখ সম্পৰ্কীয় অধ্যয়নত ভাৰতীয় সৌৰ মাহসমূহৰ নাম তাৎপৰ্যপূৰ্ণ। উদাহৰণস্বৰূপে, অন্য সৌৰ মাহৰ লগতে বৃষভ মাহৰ নাম মধ্যযুগীয় হিন্দু মন্দিৰত ঋষভ হিচাপে লিখা পোৱা গৈছে।৬
ভাৰতীয় জ্যোতিষবিদ্যাত বৃষভ বৃষ ৰাশিৰ চিহ্ন।৭
ডাৰিয়ান বৰ্ষপঞ্জী অনুসৰি মেষ মঙ্গল গ্ৰহৰো দ্বাদশ মাহ। মঙ্গলৰ পৰা চালে এই সময়ছোৱাত সূৰ্যই বৃষ তাৰকামণ্ডলীৰ সোঁমাজেৰে গমন কৰে।
তথ্যসূত্ৰ
- ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: N-Z (Vol 1 & 2). The Rosen Publishing Group. পৃ. 729. ISBN 978-0-8239-3179-8
- ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 5–11, 23–29
- ↑ Nachum Dershowitz; Edward M. Reingold. (2008). Calendrical Calculations. Cambridge University Press. পৃ. 123–128. ISBN 978-0-521-88540-9
- ↑ Christopher John Fuller. (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃ. 291–293. ISBN 978-0-69112-04-85
- ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 10–11
- ↑ E Hultzsch. (1906). Epigraphia Indica. Education Society Press. পৃ. 262, 265, 268, 273 with footnotes
- ↑ Bangalore V. Raman. (2003). Studies in Jaimini Astrology. Motilal Banarsidass. পৃ. 10–19. ISBN 978-81-208-1397-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃষভ (মাহ)” প্ৰবন্ধৰ সংশোধন ৬৩১০২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।