অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

কৰ্কট (মাহ)

কৰ্কট বা কৰ্ক হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। ই কৰ্কট ৰাশিৰ জ্যোতিষ চিহ্নৰ সৈতে সম্পৰ্কিত। এই মাহটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুলাই মাহৰ দ্বিতীয়াৰ্ধ আৰু আগষ্ট মাহৰ প্ৰথমাৰ্ধক লৈ গঠিত। কৰ্কট মাহ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ শ্ৰাৱণ বা শাওণৰ সমসাময়িক।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

কৰ্কট বা কৰ্ক হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ।১২ ই কৰ্কট ৰাশিৰ জ্যোতিষ চিহ্নৰ সৈতে সম্পৰ্কিত। এই মাহটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুলাই মাহৰ দ্বিতীয়াৰ্ধ আৰু আগষ্ট মাহৰ প্ৰথমাৰ্ধক লৈ গঠিত।১

বৈদিক সাহিত্যত কৰ্ক মাহক সূচী বুলি কোৱা হৈছে আৰু জ্যোতিষ শাস্ত্ৰৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক স্থাপন কৰা হোৱা নাই।৩ কৰ্কট মাহ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ শ্ৰাৱণ বা শাওণৰ সমসাময়িক।৪৫ ভাৰতীয় উপমহাদেশত শাওণ মাহে বৰ্ষাকালৰ মধ্যভাগ্ৰ বতৰা দিয়ে। কৰ্কট মাহৰ পূৰ্বৱৰ্তী সৌৰ মাহ মিথুন আৰু পৰৱৰ্তী মাহ সিংহ।২

তামিল হিন্দু বৰ্ষপঞ্জী অনুসৰি কৰ্কট মাহক অড়ি বোলা হয়।১ প্ৰাচীন আৰু মধ্যযুগীয় সংস্কৃত সাহিত্যত কৰ্কট মাহৰ গণনা ভিন্নধৰণে কৰা হৈছে। সূৰ্য সিদ্ধান্তই মাহটো ৩১ দিন, ১১ ঘণ্টা, ২৪ মিনিট, ২৪ ছেকেণ্ড দীৰ্ঘ৫ বুলি গণনা কৰাৰ বিপৰীতে আৰ্য সিদ্ধান্তই মাহটোত ৩১ দিন, ১১ ঘণ্টা, ১৩ মিনিট, ৩৬ ছেকেণ্ড থকা বুলি গণনা কৰিছে।৫

দক্ষিণ এছিয়াৰ পুৰালিপি সম্পৰ্কীয় অধ্যায়নত ভাৰতীয় সৌৰ মাহৰ নামসমূহ তাৎপৰ্যপূৰ্ণ। উদাহৰণস্বৰূপে, অন্য সৌৰ মাহৰ লগতে কৰ্কটৰ নামো মধ্যযুগীয় মন্দিৰসমূহত খোদিত দেখা যায়। কৰ্কট মাহৰ নাম কৰ্কটক হিচাপে চোলা সাম্ৰাজ্যৰ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ সীমামূৰীয়া বালিশ্বৰ মন্দিৰত খোদিত আছে।৬

কৰ্ক ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ কৰ্কট ৰাশিৰো চিহ্ন।৭

কৰ্কট মঙ্গল গ্ৰহৰ ডাৰিয়ান বৰ্ষপঞ্জীৰ ষষ্ঠদশ মাহ। এই সময়ত মঙ্গল গ্ৰহৰ পৰা সূৰ্যক কৰ্কট তাৰকামণ্ডলীত অৱস্থান কৰা দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: A-M, N-Z (Vol 1 & 2). The Rosen Publishing Group. পৃ. 8. ISBN 978-0-8239-3179-8
  2. ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 5–11, 23–29
  3. ↑ Nachum Dershowitz; Edward M. Reingold. (2008). Calendrical Calculations. Cambridge University Press. পৃ. 123–128. ISBN 978-0-521-88540-9
  4. ↑ Christopher John Fuller. (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃ. 291–293. ISBN 978-0-69112-04-85
  5. ↑ Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita. (1896). The Indian Calendar. S. Sonnenschein & Company. পৃ. 10–11
  6. ↑ E Hultzsch. (1906). Epigraphia Indica. Education Society Press. পৃ. 268, 281–282
  7. ↑ Bangalore V. Raman. (2003). Studies in Jaimini Astrology. Motilal Banarsidass. পৃ. 10–19. ISBN 978-81-208-1397-7

সম্পৰ্কিত শ্ৰেণী

হিন্দু সৌৰ বৰ্ষপঞ্জী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্কট (মাহ)” প্ৰবন্ধৰ সংশোধন ৬৩১৩৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।