আইনবিদ
৯ প্ৰবন্ধ
-
উপেন্দ্ৰ বক্সী
উপেন্দ্ৰ বক্মী ; জন্ম: ৯ নৱেম্বৰ ১৯৩৮) এজন আইনী পণ্ডিত যিয়ে ১৯৯৬ চনৰপৰা যুক্তৰাজ্যৰ ৱাৰউইক বিশ্ববিদ্যালয়ত উন্নয়নৰ আইন বিভাগৰ অধ্যাপক। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (১৯৯০–১৯৯৪) আছিল, ইয়াৰ পূৰ্বেও একেখন বিশ্ববিদ্যালয়তে ২৩ বছৰ (১৯৭৩–১৯৯৬) আইন বিভাগৰ অধ্যাপকৰ পদত অধিষ্ঠিত হৈছিল।
-
নগেন্দ্ৰ সিং
ৰাজকুমাৰ শ্ৰী নগেন্দ্ৰ সিং ( Prince Sri Nagendra Singh; ১৮ মাৰ্চ ১৯১৪ – ১১ ডিচেম্বৰ ১৯৮৮) এজন ভাৰতীয় অধিবক্তা আৰু প্ৰশাসক আছিল, যিয়ে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ভিপি সীমান্দিনী
ভি.পি. সীমান্দিনী এজন ডেজিগনেটেড জ্যেষ্ঠ অধিবক্,তা যিয়ে ১৯৭৬ চনৰ পৰা কেৰালাৰ উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত মূলতঃ সাংবিধানিক বিষয়ত অনুশীলন কৰি আহিছে।
-
ইন্দিৰা বেনাৰ্জী
ইন্দিৰা বেনাৰ্জী, জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫৭ চন; এগৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ইতিহাসত অষ্টমগৰাকী মহিলা ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় আইনবিদ।
-
চি শংকৰা নায়াৰ
ছাৰ চেট্টুৰ শংকৰা নায়াৰ চি আই ই (C. Sankaran Nair: ১১ জুলাই ১৮৫৭ – ২৪ এপ্ৰিল ১৯৩৪) এজন ভাৰতীয় অধিবক্তা আৰু ন্যায়াধীশ আছিল৷ তেওঁ ১৯০৬ চনৰ পৰা ১৯০৮ চনলৈকে মাদ্ৰাজৰ এডভোকেট জেনেৰেল হিচাপে, ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ত puisne ন্যায়াধীশ হিচাপে আৰু ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ…
-
জিনা ক’ল
জিনা এনেট ক’ল MNZM (জন্ম ১৯৬০) নিউজিলেণ্ডৰ এগৰাকী লেখিকা আৰু উকীল। তেওঁৰ লেখাসমূহ এগৰাকী কুইয়াৰ ফিজিয়ান মহিলা হিচাপে তেওঁৰ অভিজ্ঞতাৰপৰা অনুপ্ৰাণিত। তেওঁৰ চুটিগল্প সংকলন ব্লেক আইচ মেটাৰ এ ২০১৭ চনৰ অকহাম নিউজিলেণ্ড বুক এৱাৰ্ডছত শ্ৰেষ্ঠ প্ৰথম কল্পকাহিনী গ্ৰন্থৰ বঁটা লাভ কৰে।
-
নীৰু চাদ্দা
নীৰু চাদ্দা (Neeru Chadha; জন্ম: ২৭ মাৰ্চ ১৯৫৫; IAST: Nīrū Caḍhā) এগৰাকী ভাৰতীয় আইনবিদ৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় আইন ন্যায়াধিকৰণ (ITLOS)ৰ সদস্য হিচাপে কাম কৰে।
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
সোলি সৰাবজী
সোলি জেহাংগীৰ সোৰাবজী (অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সন্মানীয় সদস্য) (জন্ম, ৯ মাৰ্চ ১৯৩০ – মৃতু,৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় আইনবিদ আছিল যিয়ে ১৯৮৯ চনৰপৰা ১৯৯০ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰপৰা ২০০৪ চনলৈকে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।