বিষ্ণুৰ সহধৰ্মিণী
৪ প্ৰবন্ধ
-
লক্ষ্মী
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী।
-
সীতা
সীতা (सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে।
-
ভূদেৱী
ভূদেৱী বা ভূমি হৈছে পৃথিৱী মাতৃক (ধৰিত্ৰী) প্ৰতিনিধিত্ব কৰা এগৰাকী হিন্দু দেৱী। তেওঁ বিষ্ণুৰ বৰাহ অৱতাৰৰ পত্নী আৰু নৰকাসুৰ আৰু মংগলৰ মাতৃ আছিল। ৰামৰ পত্নী সীতাৰ জন্মও পৃথিৱীৰ পৰাই হৈছিল, এনেদৰে সীতাও ভূমিৰ আধ্যাত্মিক সন্তান আছিল।
-
নীলা দেৱী
নীলা দেৱী ( Nila Devi), এগৰাকী আঞ্চলিক হিন্দু দেৱী আৰু শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে বিষ্ণুৰ তৃতীয় গৰাকী সহধৰ্মিনী। কৃষ্ণৰ ৰূপত বিষ্ণুৰ অৱতাৰৰ সময়ত তেওঁ বিষ্ণুৰ সহধৰ্মিনী হয়। এই গৰাকী দেৱী দক্ষিণ ভাৰতত জনপ্ৰিয়, বিশেষকৈ তামিল সংস্কৃতিত বিষ্ণুৰ সহধৰ্মিনী হিচাপে তেওঁ পৰিচিত।