লক্ষ্মী
১১ প্ৰবন্ধ
-
লক্ষ্মী
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী।
-
দুৰ্গা
আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভৱ।
-
সীতা
সীতা (सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে।
-
ৰাধা
ৰাধা (IAST: Rādhā, হিন্দী: राधा ) হ'ল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেয়সী,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্ৰকৃতি বুলি অভিহিত কৰা হৈছে।
-
ৰুক্মিণী
ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক ৰুক্মিৰ বন্ধু আৰু চেদীৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ থিৰ কৰিছিল।
-
পদ্মাৱতী (দেৱী)
পদ্মাৱতী (పద్మావతి, पद्मावती) বা আলামেলুমাংগা এগৰাকী হিন্দু দেৱী আৰু ভগৱান বিষ্ণুৰ ৰূপ ভেংকটেশ্বৰৰ সংগী৷ তেওঁক স্থানীয় এজন ৰজাৰ জীয়ৰী আৰু দেৱী লক্ষ্মী আৰু ভূমিৰ অৱতাৰ বুলি কোৱা হয়৷ সংস্কৃতত পদ্মাৱতীৰ অৰ্থ “পদুম ফুলৰ পৰা ওলোৱা’’৷ পদ্মাৱতীৰ সকলোতকৈ প্ৰখ্যাত মন্দিৰ তিৰুপতি নগৰৰ উপকণ্ঠ তিৰুচানুৰত…
-
হিন্দু ধৰ্মত তুলসী
হিন্দু ধৰ্মত তুলসী দেৱীক লক্ষ্মী দেৱীৰ অৱতাৰ বুলি কোৱা হয় আৰু এনেদৰে তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সহধৰ্মিনী হিচাপে গণ্য কৰা হয়। আন এক কিংবদন্তিয়ে তেওঁক বৃন্দা বুলি উল্লেখ কৰে আৰু লক্ষ্মী দেৱীৰ পৰা পৃথক কৰে। তুলসী বা বৃন্দা (পবিত্ৰ তুলসী) -ক হিন্দু ধৰ্মাৱলম্বী লোকসকলে এক পৱিত্ৰ উদ্ভিদ বুলি বিশ্বাস কৰে।
-
দেৱী শ্ৰী
দেৱী শ্ৰী বা শ্ৰীদেৱী ( জাভানী: ꦢꦺꦮꦶꦱꦿꦶ, বালি: ᬤᬾᬯᬶᬲ᭄ᬭᬶ, সুন্দানী: ᮑᮄ ᮕᮧᮠᮎᮤ ᮞᮀᮠᮡᮀ ᮃᮞᮢᮤ) হৈছে জাভা, সুন্দানী আৰু বালিৰ ধান আৰু উৰ্বৰতাৰ এগৰাকী হিন্দু দেৱী। বৰ্তমানো ইণ্ডোনেছিয়াৰ জাভা, বালি আৰু লম্বক দ্বীপত বহুলভাৱে এই দেৱীৰ পূজা কৰা হয়।
-
অষ্টলক্ষ্মী
অষ্ট লক্ষ্মী (अष्टलक्ष्मी, "আঠগৰাকী লক্ষ্মী") বা অষ্টলক্ষ্মী হৈছে সম্পদৰ হিন্দু দেৱী লক্ষ্মীৰ আঠটা স্বৰূপ। তেওঁ সম্পদৰ আঠটা উৎসক প্ৰতিনিধিত্ব কৰে। অষ্ট লক্ষ্মীৰ পৰিপ্ৰেক্ষিতত "সম্পদ"ৰ অৰ্থ হৈছে সমৃদ্ধি, উৰ্বৰতা, সৌভাগ্য, সুস্বাস্থ্য, জ্ঞান, ধৈৰ্য, সন্তান আৰু শক্তি।
-
গজলক্ষ্মী
গজলক্ষ্মী এগৰাকী হিন্দু দেৱী। হাতীৰ সৈতে থকা এইগৰাকী লক্ষ্মী, হিন্দু দেৱী লক্ষ্মীৰ অষ্টলক্ষ্মী ৰূপবোৰৰ ভিতৰত এটা। এই ৰূপত দেৱীক পদুমৰ ওপৰত বহি থকা আৰু তেওঁৰ দুয়োফালে দুটা হাতীৰে চিত্ৰিত কৰা হৈছে। তেওঁক পদ্মাসনেৰে যোগিক ভঙ্গীত বহি থকা বুলি দেখুওৱা হয়, ইয়াৰোপৰি তেওঁ চতুৰ্ভূজা।
-
পূৰ্ণৱল্লী থায়াৰ
পূৰ্ণৱল্লী থায়াৰ এগৰাকী হিন্দু দেৱী। লক্ষ্মীৰ নাম পূৰ্ণৱল্লী। পুৰনাৱল্লীক "পুৰ্ভা দেৱী" বুলিও কোৱা হয়। হিন্দু সকলে ইয়াক ধন-সম্পত্তিৰ দেৱী বুলি বিশ্বাস কৰে।