সাহা (Saha/Shaha) হৈছে ভাৰতৰ পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশতো বাস কৰা এটা বঙালী হিন্দু উপাধি।১
ইতিহাস
এই উপাধিটো ঐতিহাসিকভাৱে বৈশ্য (ব্যৱসায়ী) সম্প্ৰদায়ৰ সৈতে জড়িত। সাহা শব্দটোৰ উৎপত্তি সংস্কৃত শব্দ সাধুৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে "সৎ" বা "ভাল"। সময়ৰ লগে লগে সাহাসকলে বাণিজ্য, ধন ঋণত দিয়া, খেতি ইত্যাদিৰ লগত জড়িত হৈ পৰিছিল।২
এওঁলোকৰ ধৰ্মীয় আচাৰ-আচৰণ অন্যান্য বঙালী হিন্দু সকলৰ নিচিনা।৩
প্ৰাচীন সাহিত্যত
পয়াৰ ছন্দত লিখা শ্ৰী শ্ৰী হৰি লীলামৃত কবিতাত সাহাসকলৰ উল্লেখ পোৱা যায়।৪
ৰাই এসে সেই বোঝা শীঘ্ৰ নামাইল। সাহা বলে তোমৰা কোথায় যাবে বল।। ৰাই বলে যা’ব মোৰা মধুমতী পাৰে। সাহা বলে উঠ দোঁহে দিব পাৰ কৰে।।
উল্লেখযোগ্য ব্যক্তি
- মেঘনাদ সাহা - ভাৰতীয় জ্যোতিবিজ্ঞানী আৰু সাহা আয়নীয়কৰণ সমীকৰণৰ বিকাশক
- আৰতি সাহা - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা আৰু ক্ৰীড়াক্ষেত্ৰত পদ্মশ্ৰী বঁটা প্ৰথম ভাৰতীয় মহিলা
- মানিক সাহা - ত্ৰিপুৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী
- ঋদ্ধিমান সাহা - ভাৰতীয় ক্ৰিকেটাৰ
- দেবত্তমা সাহা - ভাৰতীয় অভিনেত্ৰী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহা” প্ৰবন্ধৰ সংশোধন ৪৩০৯১৪ (৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।